প্ৰেমিক ,
হয় মই এজন পাগল প্ৰেমিক !
ভুলৱশত হৈয়ো নাভাবিবা
যে কোনো স্ত্ৰীৰ প্ৰেমিক মই;
মই প্ৰেমিক
সেই প্ৰশান্তিৰ কবিতাৰ;
প্ৰেমিক মই
ভাল লগাবোৰ কেমেৰাৰে বন্দী কৰাৰ ।
✒MK
-
ক্ষুদ্ৰ কণিকা মই এই ব্যস্ত চহৰৰ,
অসাধাৰণ মানুহ
সাধাৰণ পোছাকযোৰৰ ।
- xobdastro
-
কেতিয়াবা কিছু সমাপ্তিত
এক নতুনত্বৰ আৰম্ভণি হয় ,
আৰু তাৰ পৰাই
মনে বিচৰাবোৰৰ প্ৰাপ্তিৰ
সেই দিশবোৰ অগ্ৰসৰ হয় ।
✒Mk-
১
তুমিতো জানাই দেখোন
আজিকালি মই বহুত ব্যস্ত;
বন্ধুৰ সৈতে আদ্দাৰে পৰিপূৰ্ণ
মোৰ প্ৰতিটো মাতাল মূহুৰ্ত ।
✒MK
-
নিসংগ কিমান ৰাতিৰ
সংগী হৈ পৰে
আৰফোনত বাজি থকা সেই গানবোৰ
হব পাৰে সেয়া
জুবিন দাৰ ''মতলীয়া বতাহ '',
''জীপাল'' নতুবা '' অলকানন্দা '' ,
উৰি ফুৰা সেই ঝংকাৰত
হেৰাই যাই হাজাৰ যান্ত্ৰিকতাৰ যন্ত্ৰণা ;
চেষ্টা মাথো এটাই এই গীতৰ লহৰত
এই ভাগৰুৱা শৰীৰক লীন কৰা ।
@MK-
কেতিয়াবা কিছু প্ৰশ্নৰ
প্ৰত্যতুৰ নহয় ,
মৌনতাই সকলোবোৰ
যেন সামৰি লয় ,
নহয় কোনো সেয়া দূৰ্বলতা ;
এটা সম্পৰ্ক ভাঙি নোযোৱাৰ
কাৰোবাৰ মনৰ বিশালতা ।
✒MK
-
কলমটো হাতত ,
''মা'' নামৰ পৃথিৱীখন কাষত;
কিহৰনো ভয় যুজিবলে
এই জীৱন যুদ্ধত ?
✍MK-
শূন্যতা !
শূন্যতা !
এই শূন্যতাৰ আৰত
লুকাই থাকে
এক অলৌকিক বিশালতা ,
যাৰ প্ৰতিটো ক্ষণত
প্ৰাপ্তি হয় উন্মুক্ত মাদকতা;
সকলোবোৰ হেৰুৱাইও
হীন হয় এই শূন্যতা ,
আৰু এই শূন্যতাতেই ম্লান হয়
হাজাৰ হাজাৰ বিষাদৰ গভীৰতা ।
✍MK-
বুকুখনো বৰ বিৰক্ত
উতপ্ত যেন আজি দেহাৰ ৰক্ত
উদণ্ড চকুযুৰিও সিক্ত,
নাজানো কিয় !
সকলোবোৰ জানিও
মনে কৰিব বিচাৰে কথাবোৰ গুপ্ত ,
হয়তো ভয় কৰে মনে !
নজনাজনৰ কাণত পৰি
হেৰাই যাব নেকি বুলি
সেই সপোনৰ অস্তিত্ব ।
✒MK
-
এই বৰষুণজাক.....
ভাল লাগিছে চাগে
কিমান মনত !
কিন্তু
এবাৰমান ভাবিছানে
সেই ফুটপাথৰ মানুহবোৰে
কেনেকৈ আজি
পাৰ কৰিব পথৰ ওপৰত ?
✒MK
-