সপোন ভাঙিলে শব্দ নহয়...
-
তুমি মোৰ কবিতা...
তুমি পাগলী...
ফাগুনৰ পাগল বতাহ এজাক
আৰু তুমি তাত বিলীন
আৰু মই পাগল...
-
ফাগুনৰ বৰষুণ নামিছে ৰাতি...!
তোমাৰ মুখখন দেখি সপোনত
ভাগিল কেচাঁ টোপনি
নাই নাহে টোপনি
ইকাটি সিকাটি...
-
তুমি জোনাক ভাল পোৱা..!!!
সমস্ত দুখ পাহৰি আজি
তৰা হৈ ওমলিব খোজোঁ
তোমাৰ মনৰ আকাশত
হৃদয়ৰ নিভাঁজ কোণত-
এজাৰ , কৃষ্ণচূড়া, ৰাধাচূড়া , সোণাৰুৰ ফুল...
আৰু ক'লা তিলটোৰ সৈতে তোমাৰ মৰমলগা হাহিঁ।
নাই কোনো তুলনা নাই-
সুখ দুখৰ বজাৰত দুখৰ চাহিদা ইমানেই কমিল যে দুখ এতিয়া কবিতাৰ ৰূপেৰে বজাৰত বিক্ৰী হৈ আছে আৰু আমি সকলোৱে ৱাহ ৱাহ কৰি আছো
-
জীৱন নামৰ ডায়েৰী খনৰ কোনো পৃষ্ঠাত তোমাৰ নাম নোলোৱাকৈ প্ৰেম কৰিছো তোমাৰ মৰণ নাই তুমি চিৰসেউজীয়া....
মোৰ বন গজা হৃদয়ত-
চকুলে চাই চাই
আবেলিৰ পৰা গধূলি
কেতিয়াবা ৰাতিও
হৈ ৰয়... সেই মাদকতা আৰু নাই
নিচা নকৰো
ব্যস্ত ময় ।-
প্ৰথম বাৰৰ বাবে মই মোৰ ফালে চাই সুধিলো
" কি লাগে তোক? "
নাই বাদ দে তোৰ সামৰ্থ নাই...-
বিচনাৰ কেৰকেৰনি আৰু মহৰ কুনকুনুনিৰে ৰাতি পাৰ হব ধৰিছে... মগজুত শব্দ নাই... নাই দুচকুত সপোন ।
মাঠো কিছু গধুৰ স্মৃতি আৰু তুমি।-