শৰৎ তুমি আহিলা
হে শৰৎ ! তুমি আহিলা কোনেও নজনাকৈ,
কোনেও নেদেখাকৈ তুমি আাহি পালাহি ধৰা।
ঋতু ৰাণীৰ অতি প্ৰিয় তুমি ৰূপে, ৰসে, গন্ধে ভৰা,
গছে বনে পাহাৰে পৰ্বতে সকলোতে দিছাহি নৱনৱ ৰূপ।
দুৱৰী বনত জিলিকিছে ভিজা-ভিজা সেমেকা নিয়ৰৰ টোপাল,
শেৱালীৰ সূবাহ বতাহত,
ফুলে-ফুলে ভোমোৰাৰ গুঞ্জণ।
নীলা-নীলা মেঘ ভাঁহিছে আকাশত,
ফুলিছে কহুৱা কোনোবা অচিন নদীৰ ঘাটত।
হে শৰৎ ! তুমি আহি পালাহি ধৰা,
তোমাৰ ৰূপত মোহিত ভূমণ্ডল।
দিছাহি তুমি চেঁচা বতাহ শিৰে-শিৰে তুলিছা শিহৰন,
তুমি প্ৰিয়তম শৰৎ, প্ৰতিজন মানুহৰ অন্তৰত।
-