Thë Îñvïsïblë   (✍️ÃMÏT)
134 Followers · 90 Following

read more
Joined 8 June 2021


read more
Joined 8 June 2021
31 JAN 2022 AT 17:49


এটি মৌন ধিক্-মিকিয়া জোনাক নিশা।
কেউকাষে প্ৰেমাপূৰ্ণ মলয়া বতাহ।
নমশিয়ঁৰিত বতাহজাক ঠিকেই আহিছে।
বকুলজোপাৰ ডালবোৰ উলাহত ইফালে-সিফালে গৈছে।
মৰহা পাতবোৰৰে পুষ্প বৰষাইছে।
পাতৰ আঁৰে আঁৰে,কুলিয়ে জুৰিছে!
কাৰনো আৱাহনৰ গান।
কুলিৰ আৱাহন হয়তো!
তেওঁজন আৰু তাইজনী।
কিন্তু এয়া অৱাস্তৱ।
ইহঁত কাহানিও নাপায় আৰু!
এই পৰিৱেশনৰ উষ্ণ পৰশ।

-


30 JAN 2022 AT 19:16

পূৰ্ব অভিলাষবোৰেই যেতিয়া অন্ধকাৰাচ্ছন্ন কাৰাগাৰত বন্দী হৈ থাকিব!
নৱ অভিলাষে কেনেকৈনো পোখা মেলিব!

-


30 JAN 2022 AT 15:09

এই শব্দিকতাৰ জগতখনত যেন-
তাইজনী ৰাণী।
অনুভৱৰে ভৰপূৰ তাইৰ!
অনুভৱী মগজু।
তাইৰ শব্দ ভাণ্ডাৰৰ পজাঁটিৰ,
প্ৰতিটো শব্দই যেন মনপৰশা।
কত যে অনুভৱহীন মৰহা পাহি!
জাগ্ৰত তাইৰ,
শব্দৰ ৰাগত,নকলেও হ'ব।
তাইজনীৰ প্ৰসংশা,হয়তো নহ'ব!
কাহানিও মোৰ দ্বাৰা।
তাইজনীৰ লেখনিবোৰ মোৰ,
সদায়েই প্ৰিয় আৰু প্ৰিয়।





-


29 JAN 2022 AT 21:45

কাৰোবাৰ ক্ষন্তেকীয়া আভাসত!
চিৰদীপ্তহীন বন্তিগছি,
সুদীপ্ত হ'ব পাৰে জানো!
নোৱাৰে।
কিয়নো বিষাদবোৰ সদায়েই,
বিষাদক আৱাহন কৰে।

-


27 JAN 2022 AT 19:52

ফুলি ৰʼম
এপাহি ৰক্তাক্ত গোলাপ হৈ,
তোমাৰ পদূলিৰ ভিন্নৰঙী পুষ্পৰ কাননত।
অকল তোমাৰ,
প্ৰেমাপূৰ্ণ নিৰ্মল পৰশৰ অপেক্ষাত।

-


27 JAN 2022 AT 16:16

সময় অকন উলিয়াই!
আহিবি চোন অনুভৱী।
তোমাৰ অনুভৱৰ অকন আবিৰ সানিবলে।
এতিয়াও মোৰ!
লুইতৰ পাৰৰ সেই!
নিৰ্জন পজাঁটিয়ে ঠিকনা।

-


27 JAN 2022 AT 9:09

বিষাদ যন্ত্ৰণাবোৰে আজি!
কাৰনো স্মৃতি কঢ়িয়ায়।

-


26 JAN 2022 AT 20:56

-বেলিটি লহিয়ালে-
(ছনেট)
বেলি লহিয়ালে বিৰিখৰ আঁৰে আঁৰে।
কাননৰ সূৰুযমূখী পুষ্প পাহিৰ,
অস্তিত্ব যেন-এতিয়া নাইকিয়া হ'ল।
কেউকাষ বিকিৰণৰ অনুপস্থিতি।
অন্ধকাৰৰ নিলাহী চাদৰৰে যেন,
সিক্ত অনুভৱবোৰ অন্তধ্যান হ'ল।
নিৰৱ আৰু নিৰৱ অনুভৱ সৃষ্টি।
বিষাদবোৰৰ আভাসত নিগৰিল,
নয়নৰ পৰা ৰক্তাক্ত বাৰিষা বান।
বিষাদ এতিয়া যেন-মুক্ত বিচৰণ।
দেহটোৰ প্ৰান্তে প্ৰান্তে যেন বিষাদৰ,
ব্যাকুল যন্ত্ৰণা আৰু নিচল ভাৱনা।
অস্থিৰ মনেৰে অপেক্ষাৰত বেলিলৈ,
বিষাদৰ জীৱন্ত দহন তোমাতেই।

-


25 JAN 2022 AT 22:19

অনুভৱী তাইজনী গুচি গ'ল।
এখনি অজান দেশৰ সন্ধানত।
যʼত মাথোঁ নিৰৱ আৰু নিৰৱ আৱেগ।
উভতাৰ প্ৰতিশ্ৰুতিত মাথোঁ তাইৰ!
অমিয়া কন্ঠৰ!
এষাৰি বিষাদী মাত।
মই আহিম,
এজাক মৌচেপা বৰষা হৈ।
বৰষাৰ প্ৰতিটো টোপালেই দি যাব!
মোৰ উষ্ণ পৰশৰ আভাস।
যদি মেঘৰ অন্তধ্যানে!
বৰষা নানে।
এজাক নিৰ্মল বতাহ হৈ!
ঘুৰিম তোমাৰ কেউকাষে।
তুমি গ্ৰহণ কৰিবা জাঁনো?

-


25 JAN 2022 AT 20:55

কোনেনো বুজিব!
সেই অনুভৱবিহীন বিহংগীৰ,
অন্ধকাৰ প্ৰেমী হোৱাৰ!
বিষাদময়ী অপ্ৰকাশ্য কাহিনী।

-


Fetching Thë Îñvïsïblë Quotes