কাৰ বুকুৱেদি বগুৱা বাই
এৰি আহিলোঁ দুখৰ
মেটমৰা ভাৰ...
বুকুত ৰৈ যায়
মেঘমল্লাৰ তানত প্ৰাণপোৱা
ৰাতি এটিৰ গোপন অভিসাৰ!!
-
लिख लेती हूं मन की बातों को, बस ऐसे ही!
ৰাতি
দুলি থকা পৰ্দাৰ ফাঁকেৰে
সৰকি আহে জোনাক
তোৰ মোৰ মাজৰখিনিয়ে
গান এটি হৈ
নিচুকাব খোজে আমাক
আন্ধাৰেই ভাল।
অন্ততঃ বিচাৰিব পাৰি
হেৰুৱা সুৰৰ আঁত...-
অনৰ্থক যেন লগা ক্ষণবোৰক
প্ৰাক ফাগুনৰ ক্ষণ এটিয়ে
অৰ্থ দিয়ে।
হৃদয়ৰ ৰঙেৰে আকৌ এবাৰ
ৰাঙলী হয় ফাগুন
গৈ থকা বাট এটিত
উশাহ এটি ৰৈ যায়
হাতখনত লাগি আহে
এডৰা বনৰীয়া ফুলৰ সুবাস...-
হেৰাই যাব বিচৰা মানুহবোৰো এদিন কাহানিও হেৰাই যাব নিবিচৰা বাটৰেই পথিক আছিল!
-
কাৰ হৃদয়ৰ ৰঙেৰে
ক্রিছেনথিমাম ফুলি উঠে!
নিয়ৰত কঁপে কাৰ দুভৰি
কোন ৰৈ থাকে এতিয়াও
হৃদয়ৰ সমস্ত আকুলতাৰে
বুকুৰ খিৰিকী খুলি...-
প্ৰতিজন মানুহৰে নিজাকৈ এখন পৃথিৱী থাকে। কিছুমানে নিজৰ পৃথিৱীখন নিজৰ কৰি ৰাখিব পাৰে আৰু কিছুমানে আনৰ পৃথিৱীত বাট হেৰুৱাই হাহাকাৰ কৰে।
-
কেনভাচ
দৃশ্যপটত ভেনগঘ
কেনভাচত দুলি থাকে
আধা অঁকা এখনি ছবি।
যাওঁ বুলিয়েই উকা উৰুঙা কৰি গুচি যোৱা
এটি বাটত কাৰ খোজৰ চিন ৰৈ যায়
সুখৰ মৰীচিকা খেদি ভ্ৰমৰ পৃথিৱীত
অৱচেতন মনে কাক বাৰে বাৰে হেৰুৱাই।
ক্ৰমাৎ গভীৰ হৈ অহা নিশাটিত
কবিতাৰ আখৰে হৃদয়ত বাঁহ সজা পৰত
কালৈ মনত পৰে!
চকুপানীৰ লুণীয়া নৈৰ পানীযুঁৱলিত
পৰি থাকে ব্ৰাছ, এক্ৰায়লিকৰ প্লেট
কেনভাচত ওৰে নিশা দুলি থাকে
আধা অঁকা এখনি ভ্ৰমৰ ছবি।-
সোঁৱৰণী
১.
বতাহে কঢ়িয়াই কি
জোনাকে দি যায় যি
নৈৰ ঘাটত আজিও উচুপে
কোনে কাক সুঁৱৰি!
২.
কাক আলিংগন কৰে নিঃসংগতাই
অন্ধকাৰৰ সমূদ্ৰত কোন ডুবি থাকে
কাৰ চকুৱে আজিও বাট চায়
শেষ বিদায় নজনোৱাকৈ
চন্দন কাঠৰ সুগন্ধি ছটিয়াই যোৱা
ৰঙা বেলিৰ গৰাকীজনলৈ!
৩.
কুকুহা হৈ উৰে সময়
সোঁৱৰণী হৈ বুকুত বাজি থাকে
এসময়ৰ চিনাকি সুৰৰ সুহুৰি...-
বনৰীয়া লতা এডাল হৈ
বগাই বগাই মোৰ সমস্ত শৰীৰত
মেৰিয়াই ধৰে মোক নিশাটিয়ে!
অকণমান উশাহৰ বাবে
মই চটফটাও
চিনাকি মুখবোৰ বিচাৰি
হাবাথুৰি খাওঁ।
দুখবোৰ ক্ৰমাৎ উজাই আহে
আৰু বিয়পি পৰে মোৰ সিৰাই উপসিৰাই।
মই নিজৰ মাজতে বাট হেৰুৱাও
স্থবিৰ হৈ যাওঁ
সময় গৈয়েই থাকে গৈয়েই থাকে
আৰু মই অৱগাহন কৰোঁ
একাকীত্বৰ পাৰাপাৰহীন সমুদ্ৰত!
-