QUOTES ON #যাৰ

#যাৰ quotes

Trending | Latest
25 AUG 2020 AT 23:15

ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ বুকুৰ সপোনবোৰো
যে সাৰে থাকে।
জনাই নাছিলো মোৰ বাবে
তোমাৰ হিয়াৰ প্ৰিতিৰ ঢৌ বোৰেও
যে খেলি থাকে।

-


10 NOV 2021 AT 23:15

টকাৰ মৰ্য্যদা কিমান

টকা থাকিলে তুমি অনুষ্ঠানৰ প্ৰধান অতিথি,
টকা থাকিলে তুমি গাঁৱৰ প্ৰধান,
টকা থাকিলে তুমি বিশিষ্ট সমাজ সেৱক,
টকা থাকিলে তুমি গৰীবৰ বন্ধু,
টকা থাকিলে তুমি শহুৰৰ ঘৰৰ আদৰৰ জোঁৱাই,
টকা থাকিলে তুমি আত্মীয়স্বজনৰ ওচৰত সকলোতকৈ নামীদামী মানুহ,
টকা থাকিলে তুমি বন্ধুৰ খুবেই ঘনিষ্ঠ বন্ধু,
টকা থাকিলে তুমি পত্নীৰ ওচৰত শ্ৰেষ্ঠ স্বামী,
টকা থাকিলে তুমি সন্তানৰ ওচৰত শ্ৰেষ্ঠ পিতৃ,

#যাৰ ওচৰত টকা নাই,তাৰ ওচৰত একো নাই!

-