QUOTES ON #নীতিহীনতা

#নীতিহীনতা quotes

Trending | Latest

চৰকাৰী চাকৰি এটাৰ বাবেই
কত' জীৱনে খায় হাবাথুৰি……
এটা চাকৰি পালেই যেন সকলো
হ'ব প্ৰাপ্তিৰ সৰ্বসুখৰ অধিকাৰী ।
চাকৰি-প্ৰত্যাশী প্ৰতিজনৰে
সম্বল একোটিকৈ টোপোলা
কাৰোবাৰ হাতত নম্বৰৰ টোপোলা;
আন কাৰোবাৰ আকৌ শকত ধনৰ টোপোলা!
মুঠৰ ওপৰত চাকৰি চাকৰি আৰু চাকৰি!
পাৰ্থক্য মাথোঁ ইমানেই
কোনোৱে বিচাৰে ধনৰ বিনিময়ত;
আৰু কোনোৱে জ্ঞানৰ বিনিময়ত।

#নৱজ্যোতি

-