নৱজ্যোতি জ্যোতিস্মান বড়া   (Nabajyoti)
14 Followers · 1 Following

Dreamer Doer Achiever
Joined 20 October 2018


Dreamer Doer Achiever
Joined 20 October 2018

বন্ধুত্বৰ উমাল ছাঁত জিৰাব খোজো প্ৰতিবাৰ !

-



কলেজীয়া জীৱনৰ অন্তিমটো পৰীক্ষা শেষ কৰি আহিলোঁ । এটা অধ্যায় শেষ হ'ল ! কেইবাখনো মাৰ্কশ্বীটৰ বিপৰীতে সহস্ৰ স্মৃতিৰে জীপাল হ'ল তিনিটা বছৰ (কিছুমানৰ সৈতে সুদীৰ্ঘ পাঁচটা বছৰ)। অশেষ ধন্যবাদ সকলোলৈকে এই সময়খিনি ন-কৈ উপভোগ কৰিবলৈ দিয়াৰ বাবে । সুখ-দুখ , মান-অভিমানৰ মাজেৰে পাৰ হোৱা সময়বোৰৰ অভিজ্ঞতাৰে সমৃদ্ধ হ'লো প্ৰত্যেকে । কাৰোবাক যদি ক'বলগীয়া কিবা থাকি গ'ল …নক'বলগীয়াও বহুতকে কোৱা হ'ল । অজানিতে হোৱা দোষ-ত্ৰুটিবোৰৰ বাবে ক্ষমাপ্ৰাৰ্থী । বাকী পৰিয়ালটো নিজৰ ; একেবাৰে আত্মীয় । সেয়ে অভিমানৰ লগে লগে আন্তৰিকতাৰে কটকটীয়া হৈ আছে সম্পৰ্ক! সময়ে যদি সঁহাৰি দিয়ে ; এই অভাজনক কেতিয়াবা মনত পেলাবা । বাকী "আমি" জিন্দাবাদ । 2017-2020 batch zindaabaad.✊🏻
- Nabajyoti Borah

-



ক'বলগীয়া বহুত থাকি গ'ল ………
নক'বলগীয়া বহুত কোৱা হ'ল !
আন্তৰিকতাবোৰ ভগাই মেলি
পুনৰ্বাৰ সকলো এক হৈ
জী উঠিব খোজোতেই
বিদায় লোৱাৰ সময় সমাগত হ'ল !

বন্ধু , তোমাৰ সাহচৰ্যত
জীৱনৰ এছোৱা সময় জীপাল হ'ল …
মুহূৰ্তবোৰ এতিয়া সোঁৱৰণী হ'ল !
সময়ৰ আহ্বানত পুনৰ
স্মৃতিবোৰ সামৰি নতুন বাটেৰে
আগুৱাই যোৱাৰ সময় সমাগত হ'ল ।।

-



৩ টা বছৰ ,
৬ টা ছেমিষ্টাৰ ,
১৪ খন পেপাৰ !

- অৱশেষত কাইলৈ সময়
ঠিক ১২ বজাৰ লগে লগে
স্তব্দ্ধ হৈ ৰ'ব কলম আৰু
সমাপ্তি ঘটিব কলেজীয়া জীৱনৰ
অন্তিমটো পৰীক্ষাৰ । অন্ত পৰিব
এক বৰ্ণিল অথচ সুদীৰ্ঘ স্মৰণীয় যাত্ৰাৰ !

হে সতীৰ্থ ! অলেখ শুভকামনা !

-



প্ৰতিজন ভাতৃ বন্ধুলৈ ভাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ । ভালে থাকক সকলো ।

-




#প্ৰেমানুভৱ :

আহা অলপ কথা পাতোঁ প্ৰেমৰ
হৃদয়ৰ ভাষাৰে
বিনিময় কৰোঁ সাঁচতীয়া অনুভৱৰ …… ।

নিজৰ স'তেনো আৰু কিমান পাতিম !
অলপ সময়
তুমি মোক দিয়া আৰু মই তোমাক ।

ব্যস্ততাবোৰ সামৰি
জটিলতাবোৰৰ বিপৰীতে
গঢ়ো আহা এখন সাঁকো ভালপোৱা আৰু বিশ্বাসৰ ।।

~ নৱজ্যোতি

-



বিচাৰি লোৱা সন্মানৰ মূল্য নাথাকে ।
কষ্ট , ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত
পোৱা সন্মানৰহে দাম থাকে । গতিকে খুজি কেতিয়াও সন্মান লবলৈ নাযাবা । যদি তুমি যোগ্য ; এদিন সেই সন্মান নিজেই তোমালৈ আহিব । আৰু সেইদিনা অনুভৱ কৰিবা নিবিচৰাকৈ পোৱা সন্মানৰ মাদকতা কিমান !

- নৱজ্যোতি

-



তেওঁ মোক সুধিছিল -
কি উপহাৰ লাগিব কোৱা !


মই তেওঁৰ চকুলৈ চাই মাথোঁ ক'লো -
মোক বেলেগকৈ আকৌ উপহাৰ কিয় লাগিছে ?

"তুমিয়েইতো মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ…………।।"


- নৱজ্যোতি

-



"तूने जो न कहा
मैं वो सुनता रहा
खामखा बेवजह ख्वाब बुनता रहा ......

जाने किसकी हमें लग गयी है नज़र
इस शहर में ना अपना ठिकाना रहा
दूर चाहत से मैं अपनी चलता रहा
खामखा बेवजह ख्वाब बुनता रहा ...... !"

-



যিখন সংবিধানক আমি সন্মান কৰোঁ , শ্ৰদ্ধা কৰোঁ আৰু দেশৰ সৰ্বোত্তম শাসনতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে যিখন সংবিধানক জৰুৰী বুলি গণ্য কৰোঁ সেই সংবিধান প্ৰণেতা তথা স্বাধীন ভাৰতৰ প্ৰথম আইনমন্ত্ৰী ড° বাবাচাহেব ভীমৰাও ৰামজী আম্বেদকাৰৰ "জন্ম জয়ন্তী"ত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ ।



-


Fetching নৱজ্যোতি জ্যোতিস্মান বড়া Quotes