QUOTES ON #চেন্নাই

#চেন্নাই quotes

Trending | Latest
21 FEB 2020 AT 11:12

#চেন্নাই #

আকাশত ওলমি থাকে
জ্বলন্ত অগ্নিপিণ্ড অবিৰত

প্ৰখৰ ৰ'দত জিলিকি ৰোৱা
চেন্নাইৰ সৰু বৰ দালানৰ
ফাঁকে ফাঁকে উদ্ভাসিত প্ৰোজ্জ্বল
ছাঁ-পোহৰৰ খেল

আৰু লানি নিছিগা যান-বাহনৰ
দীঘলীয়া শাৰীত হেৰাই যাব খোজা
মোৰ মন

বিৰ দি বাট নোপোৱা
ভিৰৰ মাজতো
মোহাচ্ছন্ন আত্মাই
বিচাৰে কাক
চাইডাপেট গিন্ডী ভেলাচেৰী
আন্না চালাই এগমোৰ তামবৰাম
বেচান্ত নগৰ নুগাম্বাক্কাম অথবা
চেপকৰ অলিয়ে গলিয়ে

-