Anjan Kumar Nath   (অঞ্জন কুমাৰ নাথ (akn))
15 Followers · 16 Following

Proud Assamese #Emotional #Love writing #
Joined 19 February 2020


Proud Assamese #Emotional #Love writing #
Joined 19 February 2020
23 NOV 2024 AT 17:11

# সজল #

মই ইচ্ছা কৰিলেও
আগবঢ়াই দিব নোৱাৰোঁ
তোমালৈ
মোৰ দুহাত

তুমি যেতিয়া
সজীৱতাৰে ভৰপূৰ আছিলা
তেতিয়াও মই তোমাক
একো কৰি দিব নোৱাৰিলোঁ

তোমাৰ প্ৰয়োজনৰ সময়ত
হয়তো মোৰ অনুপস্থিতিয়ে
স্তব্ধ কৰি দিলে সময়

নিয়তিৰ হাতত
আমি
যে কিমান অসহায়
সেই কথা অনুভৱ কৰিলেও
তোমাৰ অনুপস্থিতিয়ে
প্ৰায়ে সেমেকাই তোলে
মোৰ দুচকু।

-


25 JUN 2024 AT 12:19

# ৰিক্ত #

এইদৰে হঠাৎ
তুমি গুছি গ'লা
নীৰৱে
কাকো একো নোকোৱাকৈ
কাকো মাত নলগোৱাকৈ
ইমান সৰল
ইমান সমাহিত
তোমাৰ হৃদয়ে
কি দুখ বহন কৰিছিল
কোনেও নাজানিলে
হয়তো সেইবাবে
বুকুৰ ভিতৰৰ বেদনাখিনি
তুমি সিঁচি থলা
চিয়াঁহীৰ বোলেৰে
পৰ্দাবোৰত
তোমাক এবাৰ স্পৰ্শ কৰি
শুভ জন্মদিন বুলি ক'বলৈ
আজি তুমি নাই
তথাপিও তুমি আছা
আমাৰ অন্তৰৰো অন্তৰৰ
নিভৃততম কোণত
আৰু কি ক'ম
তুমি বিচৰা শান্তিকণৰ
স'তে যেন তুমি
জিলিকি থাকা
সৰগৰ তৰা হৈ ।

-


26 SEP 2021 AT 16:33

# যীশু #

তোমাক দেখা দিন ধৰি
তোমাৰ প্ৰতি মোৰ
অদম্য কৌতূহল
কিদৰে তুমি
নিৰ্ভয়ে পিন্ধি লোৱা
কাঁইটৰ শিৰস্ত্ৰাণ
সৰ্বাঙ্গত গজালৰ আলিঙ্গন

ক্ৰছবিদ্ধ শৰীৰেৰে
আকোঁৱালি ধৰা
পাপীৰ অভ্যন্তৰত
লুকাই থকা
পাপক
নিজৰ শোণিতেৰে
ধুৱাই দিয়া
মলিয়ন হৃদয়ৰ ধূলি
তথাপিও কিদৰে
তোমাৰ উদ্দীপ্ত নয়নত
জ্বলি ৰয়
পৃথিৱী সলোৱা
হেজাৰ স্বপ্নৰ
অমোঘ দ্যুতি

-


26 SEP 2021 AT 16:20

# ফিনিক্স #

ফিনিক্সৰ চকুপানীৰে
জীৱন গঢ়ো
নিজে জ্বলি
নিজে মৰোঁ
জুইৰ ভয়ত
শঙ্কিত সন্ত্ৰস্ত
আত্মা
আত্মজাহৰ
অভিশাপেৰে
অভিশপ্ত
ফিনিক্সৰ
জন্ম যন্ত্ৰণা সহিও
দীৰ্ঘায়ু হয়
জীৱনৰ স্বপ্ন
কলিজাৰ অভ্যন্তৰত
ধীৰে ধীৰে
প্ৰাণ পায়
এছাটি সুবিশাল
কোমল ৰ'দৰ
প্ৰাণোচ্ছল ছন্দ

-


26 SEP 2021 AT 16:08

# মোৰ প্ৰেম তোমাৰ বাবে #

"প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়"
প্ৰেমৰ ৰং হেনো গুলপীয়া
আন কিছুমানৰ বাবে
প্ৰেমৰ ৰং হেনো নীলা
বিষাদেৰে ভৰা
মোৰ প্ৰেম তোমাৰ বাবে
তোমাৰ স'তে
সেয়ে প্ৰতিটো দিনেই
উদযাপন কৰোঁ
তোমাৰ স'তে
প্ৰতিটো দিনতেই
নতুনকৈ প্ৰেমত পৰোঁ তোমাৰ
তোমাৰ সজল নয়নৰ
কাজলখিনি
যেতিয়া বাঙ্ময় হয়
মোৰ বুকুৰ অভ্যন্তৰত
জকমকাই ফুলি উঠে
হেঁপাহৰ বকুলজোপা
তোমাৰ চুলিৰ সৌৰভ
লাগি ৰয় মোৰ দুহাতত
তোমাৰ দেহৰ ভাঁজে ভাঁজে
আগবাঢ়ি যায় সময়ৰ ছন্দ
আৰু তুমি সোমাই পৰা
মোৰ বুকুৰ অভ্যন্তৰত

-


25 SEP 2021 AT 20:35

# মৃত্যুঞ্জয় #

চৌদিশে
এতিয়া
মাথো
মৃত্যুৰ কিৰীলি
জীৱনতকৈও সহজ
মৃত্যুৰ আলিঙ্গন
শঙ্কিত মন
সৰ্বদা ভাৰাক্ৰান্ত
আপোনজনৰ
কুশল চিন্তাত
অকুতোভয়ৰ পৰিসীমা যে
এতিয়াও সুদূৰ-পৰাহত
বিচ্ছেদিত ভাৱনাৰে
ৰিক্ত হৃদয় তিক্ত
তথাপিও
আমি আছো
সময়ৰ উৰ্ধত
তুমি মই হৈ
আৰু
মই তুমি হৈ

-


25 SEP 2021 AT 20:14

# SILENCE #

I burst out
Suddenly
Albeit
Not angry
Nor sad
But
Secluded
Confused
With
Illusion
And
Provoked
Silently

-


25 SEP 2021 AT 20:11

# মায়া #

মৃত্যুৰো যে কি
অদ্ভুত খেলা
মৃত্যু মৃত্যু খেলা
খোল খাই যায়
জীৱনৰ মায়া
মিছা মায়া
মিছা কল্পনা
মিছাৰে গঢ়া
জীৱনৰ বাসনা
মৃত্যুতেই শেষ
সকলো প্ৰস্তাৱনা

-


25 SEP 2021 AT 20:01

# আমৃত্যু #

" Death is not the greatest loss in life.
The greatest loss in life is
what dies inside us while we live. "

প্ৰত্যেক দিনাই মোৰ মৃত্যু
প্ৰতিটো ক্ষণতে মোৰ মৃত্যু
সহজ সহবাস মোৰ
মৃত্যুৰ স'তে
কিন্তু প্ৰতিটো দিনৰ
প্ৰতিটো ক্ষণৰ
মৃত্যু জানো সহজ
সহজাত বাসনাৰে
আমৃত্যু পান কৰোঁ গৰল
জীৱনৰ সৌধ তথাপি বিৰল
মৃত্যুতকৈ জীৱন ভাল
যদিহে মৃত্যু যন্ত্ৰণাই
ধীৰে ধীৰে নিঃশেষ নকৰে
আত্মাৰ কোঠালিৰ নৈঃশব্দ
প্ৰতি দিন প্ৰতি পল প্ৰতি ক্ষণ

-


25 SEP 2021 AT 19:57

# মৰীচিকা #

মিছা হাঁহিৰ
আঁৰত থাকে
সঁচা অশ্ৰু
জীৱনৰ পোৱা
নোপোৱাৰ
হিচাপ শূন্য
ভাজক নাই
ভাগশেষ
ভগ্নাংশ
ভগ্নাৱশেষ নে
অশ্ৰুৰ সমাৱেশ

-


Fetching Anjan Kumar Nath Quotes