২
সিহঁতৰ সৰু চহৰখনৰে আটাইতকৈ ভাল উচ্চ-মাধ্যমিকখনত পঢ়ে ৰংকুল।ক'বৰ কাৰণেহে ডেওমৰাৰ ভিতৰতে ভাল উচ্চ-মাধ্যমিক পিছে চহৰখনত সৰ্বমুঠ তিনিখনহে মাধ্যমিক আছে আৰু এখন মাথোঁ উচ্চতৰ মাধ্যমিক।
ৰংকুলৰ দেউতাকৰ মন তাক হাইস্কুলৰ ডেওনা পাৰ কৰাৰ পিছত ডাঙৰ চহৰত পঢুৱাবলৈ।গাঁৱতে পৈতৃক সম্পত্তি হিচাপে দেউতাকৰ ভালেখিনি মাটি আছে।টকাৰ নাটনি হ'লে তাৰে দুবিঘামান বন্ধকত দিব।প্ৰয়োজন হ'লে বিক্ৰীও কৰিব।ৰংকুল পঢ়া-শুনাতো ভাল।দেউতাকৰ বিশ্বাস ভালকৈ শিক্ষা-দীক্ষা ল'ব পাৰিলে সি অকল দেউতাকৰেই নহয় চহৰখনৰে নাম উজ্জ্বল কৰিব।ৰংকুলৰ মেধাশক্তি দেখি ডেওমৰাত নাই বুলিলেও যিকেইজন পঢ়া-শুনা কৰা বয়সিয়াল আছে,কেতিয়াবা ৰংকুলৰ খবৰ ল'বলৈ সিহঁতৰ ঘৰলৈকো আহে।তাক কিবা-কিবি কিতাপ দুখনমানো দি যায়।সেই মূহুৰ্তবোৰত দেউতাকৰ বুকুখন কিবা এটা বুজাব নোৱাৰা অনুভূতিয়ে হেঁচা মাৰি ধৰে।ঘৰৰ কোনেও নেদেখাকৈ বৈ অহা আনন্দৰ চকুপানী দুটোপাল মচি থয়।চহৰৰ এইহেন গণ্যমান্য ব্যক্তি ৰংকুলক দেখা কৰিব অহাটো কিবা সৰু কথা নেকি!দেউতাকে তাক কয়,"জান পোনাকন,তোৰ দেউতাৰে ভালকৈ এ,বি,চি,দি কেইটাও শিকিব নোৱাৰিলে,তই কিন্তু ডাঙৰ মানুহ হ'ব লাগিব।চহৰখনৰ মানুহে তোক চিনিব লাগিব।তোক মই পথাৰত হাল বাব নিদিওঁ।তই মাথোঁ ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব।বুজিলি?"
দেউতাকৰ এই মনোভাৱটোৱে ৰংকুলৰ এধানমানি বুকুখন ওফোন্দাই তোলে।দেউতাকটো যে সঁচাকৈয়ে ইমান ভাল।ঘৰুৱা কামৰ বাবে জোৰো নকৰে!-
৯৯
সঠিক দিনটো নজনাৰ কাৰণে বিদ্যাপীঠত ৰংকুলৰ জন্ম তাৰিখটো বয়সৰ হিচাপ লৈ প্ৰধান মহোদয়েই আন্দাজ কৰি দি দিছিল।হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ,নূন্যতম ১৫ বছৰ হ'বলগীয়া নিয়মটো বিবেচনা কৰি!ৰংকুলৰ দেউতাকেও তাৰ ১৫ বছৰীয়া জীৱনটোৰ আভাসহে মাথোঁ দিব পাৰে।জেঠ মাহত জন্ম বুলিও জানে কিন্তু সঠিক দিনটোহে নাজানিলে সি।কোনোমতে নিম্ন বুনিয়াদীখন পাৰ কৰা দেউতাকটোৱে হয়তো প্ৰকৃত দিনটোৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে!
চহৰৰ মানুহৰ দৰে জন্মদিন পালন কৰি পোৱা নাই ৰংকুলে।গাঁৱতো কাৰোবাৰ জন্মদিন উদযাপন কৰা কমেই দেখিছে সি।ভনীয়েক দুজনীৰ জন্মৰ দিন-বাৰ সি পিছে ঠিকেই মনত ৰাখিছে।নিম্ন বুনিয়াদীত থাকোতে প্ৰধান মহোদয়ে তাক জন্মদিন সোধা দিনা এই কথাটোৱে তাৰ মনত চাপ বহুৱাই থৈ গৈছিল!
বাৰীত থকা প্ৰকাণ্ড শিমলু দুজোপাত সি ভনীয়েকহঁতৰ জন্মদিন দুটা ডাঙৰ ডাঙৰকৈ কাটি লিখি ৰাখিছে।মাজে মাজে সিহঁত দুজনীক তালৈ নি দেখুৱাই সি কয়,"চা,এই দুটা তহঁত দুজনীৰ জন্ম হোৱা দিনকেইটা।"কণমানিয়ে তাৰ মুখলৈ তেতিয়া ভেবা লাগি চাই থাকে।বুজি নাপায় তাই ককায়েকে কি কৈছে!ডাঙৰজনীয়ে পিছে বুজাত ঠিকেই বুজে।
এইবোৰ কথাকেই ভাবি ভাবি গৈ থাকোঁতে ৰংকুল ডেওমৰা চাৰিআলি পালেগৈ।পোনপ্ৰথমে সি গাঁৱৰে চেণ্টুদাৰ দোকানখনলৈ সোমাই গ'ল।তাতেই পুতলাজাতীয় সামগ্ৰীবোৰ পোৱা যায়!-
৬
ভনীয়েক দুজনীৰ প্ৰতি ৰংকুলৰ মৰম বুজাব নোৱাৰা! হয়!ভনীয়েকবোৰ সকলো ককায়েকৰে আলাসৰ লাড়ু।অলপ জনা হোৱাৰ পিছত সকলো ল'ৰায়েই মাকৰ পৰা ভনীয়েক এজনী বিচাৰেই।ৰংকুলৰ আকৌ এজনী নহয় দুজনীকৈ পুতলাহেন ভনীয়েক আছে।সিহঁতৰ আব্দাৰবোৰত ৰংকুলৰ মনটো সকলো সময়তে ভৰি থাকে।ডাঙৰজনীয়ে যদি কয়হি,"দাদা তোৰ পেলাই দিব থোৱা কাগজখিনিয়ে মোক নাওঁ এখন সাজি দিবি?মই চোতালত জমা হোৱা বৰষুণৰ পানীখিনিত চলাম।সৰুজনীও পিছতে লাগিব,"মোকো লাগিব,মোকো!"অ'তো ককায়েক দুইজনীৰেই!অকল এজনীক বনাই দিলে কেনেকৈ হ'ব?ডাঙৰজনী এতিয়া অলপ বুজা হৈছেগৈ।পিছে সৰুজনী সেই সৰুৱেই।জন্ম হোৱানো কেইদিন হৈছে তাইৰ!
"অ' মা,মা!মোকো ভন্টি এজনী আনি দিবি!মোৰ লগৰ 'দিবাকৰ'ৰো ভন্টি আছে।সি সদায় ভনীয়েকৰ লগত খেলে।মোৰহে খেলিবলৈ কোনো নাই।"মাকে তাক উত্তৰত কৈছিল,"যা,দেউতাৰক ক'গৈ!"ৰংকুলে তেতিয়া নুবুজিছিল মাকৰ কথা।মাকে চাগৈ তেতিয়া সি বুজি নাপাব জানিয়েই বিনা দ্বিধাৰে কৈছিল কথাষাৰ।আজি কিন্তু বুজি পায় সি মাকৰ কথাৰ মৰ্মটো।মাকৰ চকুত সন্তান যে সদায় সৰুৱে হৈ থাকে!পিছে সি একেকোবেই দৌৰি দেউতাকৰ ওচৰ পাইছিলগৈ।এইটো আশাত কিজানি দেউতাকে আজিয়েই তাক ভনীয়েক এজনী আনি দিয়েই!
"অ' পিতাই,পিতাই মায়ে তোক ভন্টি এজনী আনি দিব কৈছে মোৰ কাৰণে।কেতিয়াকৈ আনি দিবি?" সি দেখি আহিছে দেউতাকে মাকৰ কথা মানিবই লগা হয় যিকোনো প্ৰকাৰে।সেয়ে তাৰ দৃঢ় বিশ্বাস দেউতাকে ভনীয়েকক এজনী তাক আনি দিবই।মাকে কৈছে যেতিয়া!-
১
"ঘূৰ ঘূৰ"
"বোলো ঘূৰিলিনে তহঁত,ঘূৰ"
হালোৱা এচাৰিৰ ৰজনজনাই যোৱা শব্দবোৰ বাৰে বাৰে আহি তাৰ কাণৰ পৰ্দাক আক্ৰমণ কৰিহে যেন ক্ষ্যান্ত হৈছে।মনত অলপদিন ধৰি উমলি থকা অস্থিৰতাখিনিও আকৌ সুযোগ বুজি অধিক ব্যস্ত হৈ উঠিব খুজিছে।কাইলৈৰ পৰা তাৰ পৰীক্ষা আৰম্ভ হ'ব আৰু এই 'বাউলা কাই'টোৱে আজিহে পথাৰত হালখন আহি যুৰিবলৈ পালে!পৰীক্ষাৰ দিন যিমানেই চমু চাপি আহিছে,তাৰ অস্থিৰতাও দিনকদিনে সিমানেই বাঢ়ি আহিছে।ব্যস্ততাৰ লগত সময়বোৰো যেন ঘড়ীৰ কাঁটাৰ লগতেই ক'ৰবাত হেৰাই গৈছে!
পৰীক্ষাৰ প্ৰস্তুতি বৰ বেয়া যোৱা নাই, হ'লেও যেন কিবা এটা পঢ়িব ৰৈ গ'ল, এই অনুভৱটো তাৰ কিয় যে আহি থাকে!তাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বতৰ।মনটো অলপ উগুল-থুগুল লাগিবই দিয়াচোন।পৰীক্ষাৰ ফলাফল যে ভাল হ'বই লাগিব।অগাধ বিশ্বাস সকলোৰে তাৰ ওপৰত।
'ডেওমৰা' এখন সৰু চহৰ।'ৰংকুল' সেই সৰু চহৰখনৰেই এখন ভিতৰুৱা গাঁৱৰ চহা খেতিয়কৰ ল'ৰা।তাৰ নামটো যেনে আচহুৱা,গাঁওখনৰ বৈশিষ্ট্যবোৰো ঠিক তেনেকুৱাই।এঘৰত মতাটোৱে ঘৈণীয়েকক মাৰধৰ কৰিলে গোটেই চুবুৰীটোৱে জুমি-জুমি চাবলৈ আহে।ৰংকুলৰ কিন্তু এই কাজিয়া-পেচালবোৰ মুঠেও সহ্য নহয়।সি মনতে এটা সপোন পুহি ৰাখিছে।ডাঙৰ হৈ সি তাৰ গাঁৱত চৰকাৰীকৈ এখন বিদ্যাপীঠ খুলিব।গাঁৱৰ অশিক্ষিত ল'ৰা-ছোৱালীবোৰক তাৰ দৰেই শিক্ষিত কৰি তুলিব।-
১০১
"নাই অ' ৰণ্টুদা,কিনো সপোন দেখিম আৰু।ভালকৈ টোপনিয়েই নাহিল!" ৰণ্টুদাক উত্তৰ দি পোনাকণ এইবাৰ উঠিল চকীখনৰ পৰা।মুখখন ধুবগৈ লগা হ'ল।বেলিটোও ওপৰ পাইছেগৈ।মাকে আজিও পুৱাতেই শলিতা এডাল লগাইছে চোতালৰ প্ৰাৰ্থনাগৃহটোত।এনেয়ে গধূলাহে সিহঁতে প্ৰাৰ্থনা কৰে,কিন্তু আজি তাৰ মেট্ৰিকৰ ফলাফলৰ দিন বুলি মাকে লগাইছে চাকিখন।মানুহৰ আস্থা-বিশ্বাসবোৰেও যে মনত সাহস যোগায়,অনাবিল আনন্দ দি যায়!
"দে দে।তোৰ ফলাফল ভালেই আহিব।বিশ্বাস আছে আমাৰ সকলোৰে তোৰ ওপৰত।পিছে কিমান সময়ত ঘোষণা কৰিব ফলাফল?আহিম এপাক খবৰটো ল'বলৈ!"জপনাখনতে ভেজা এটা দি পদূলিৰ পৰাই আকৌ সুধিলে ৰণ্টুদাই।"বাৰ বজামানত দিব বুলি কৈছিল সিদিনা আচাৰ্য্যই।"ৰংকুলে উত্তৰটো দিলে।
"কেনেকৈ যে দহদিন পাৰ হৈ গ'ল!"মনতে ভাবিলে ৰংকুলে।সিদিনা গৈছিলহে দিবাকৰৰ ঘৰলৈ!উৎকণ্ঠাৰ মাজতে দহটা দিন কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালেচোন৷এনেকৈয়ে চাগৈ দুদিন পিছত ঘৰখন হঠাতে এৰি বাহিৰত পঢ়িবলৈ বুলি সি শান্তিপুৰ পাবগৈ।চহৰীয়া জীৱন এটাৰ অভিজ্ঞতা বুটলিবলৈ!মহাবিদ্যালয়ৰ জীৱনটোৰ সোৱাদ ল'বলৈ!ঘৰৰ বাহিৰত সাধাৰণতে ৰাতি কটাই নোপোৱা তাৰ ঘৰগোনা মনটোও ব্যতিক্ৰমী পৰিৱেশ এটাত অভ্যস্ত হৈ যাব এদিন গম নোপোৱাকৈ!
কথাবোৰ ভাবিলেই যে তাৰ মনটো অজানা অনুভূতিত উগুল-থুগুল হৈ পৰে।কিবা চেপা উত্তেজনা এটাই বুকুখন হেঁচি ধৰে।-
১২
টেবুলখনত বহি পঢ়িবলৈ চেষ্টা কৰি থকা ৰংকুলে চোতালৰ পৰা ভাঁহি অহা পেহীয়েকৰ হাঁহি এটা শুনিলে।আগফালে আকৌ কথাৰ মহলা শেষেই হোৱা নাই।কি বা কথা পাতি আছে মাকহঁতে ইমান সময়ে?
কণপেহীয়েকজনী আৰু মাকৰ পিছে বৰ মিল।নলে-গলে লগা বান্ধৱীৰ নিচিনা।বয়সৰো সেই বেছি এটা ব্যৱধান নাই।বয়সৰ সঠিক হিচাপ নাজানে যদিও আন্দাজ এটা আছে।ৰংকুলৰ মাকক অনাৰ সময়ত পেহীয়েক গাভৰুৱেই আছিল।গাঁৱৰ হিচাপমতে বিয়া দিয়াৰ উপযুক্ত বয়সৰ হৈছিল।পিছে দেউতাকে ভনীয়েকক উলিয়াই দিয়াৰ আগতে বিয়াখন পাতিলে।ঘৰত গাভৰু ছোৱালীজনী ৰাখি বিয়া পতাৰ কোনো চখ নাছিল দেউতাকৰ।পিছে অন্য কোনো উপায়ো নাছিল।ঘৰত মাইকী মানুহ বুলিবলৈ মাথোঁ ভনীয়েকজনী।তাইক যদি উলিয়াই দিয়ে জুহালখন কোনে চম্ভালিব!সিহঁতৰ ডেওমৰাৰ দৰে পিছপৰা গাঁৱবোৰত আকৌ মতা মানুহ পাকঘৰত নোসোমায়!সোমালেই যেনিবা,পিছে কেতিয়াও ভাতৰ চৰু হাতেৰে চুই নোপোৱা মানুহ এটাই পাকঘৰৰ জুইকুৰাৰ কি আও-ভাও পাব!পথাৰখনৰ কথা কোনোবাই সুধি চাওক।নাঙলৰ খুঁটিটোতে ঘৰখন চলে।গাঁৱৰ অনুভৱে ইয়াকেই কৈ আহিছে অতীজৰে পৰা।
গাঁৱৰ জীৱনত এই ৰান্ধনিশালখনেই যেন গৃহিনী এগৰাকীৰ মাপকাঠি নিৰ্ণয় কৰে।যেতিয়ালৈকে শাহুৱেকে পাকঘৰটো এৰি নিদিয়ে তেতিয়ালৈকে বোৱাৰী ন-বোৱাৰীয়েই হৈ থাকে।শাহুৱে ভাতৰ চৰুটো যিদিনা হাতত দিব সিদিনাহে বোৱাৰী এজনীয়ে ঘৰৰ মালিকীস্বত্ব পায়।গৃহিনী হিচাপে পৰিগণিত হয়।এয়া সমাজৰ নিয়ম!কব নোৱাৰা দিনৰ পৰাই এই নিয়মবোৰে সমাজখনক ধৰি ৰাখিছে।-
৭
"ক আকৌ পিতাই,কেতিয়াকৈ আনি দিবি?"ৰংকুলে আব্দাৰ ধৰে দেউতাকক।উত্তৰ একো নিদিয়ে দেউতাকে।নিমাতে ৰয়।মনে মনে চাগৈ ঘৈণীয়েকলৈয়ে খঙটো উঠে।এই পেন্দুকণা ল'ৰাটোক আকৌ মোৰ পিছত কিয় লগাব লাগে!তাইয়ে যদি আনি দিব নোৱাৰে,মই কেনেকৈ দিম!
অঁকৰা মৈত উঠিলে যি অৱস্থা হয়,পুতেকে যে এতিয়া এই উত্তৰ দিব নোৱাৰি দোমোজাত পৰা বাপেকটোক সহজে এৰি নিদিয়ে,দেউতাকটোৱে এইটো ভালকৈয়ে বুজি উঠিছে।কণমানি ৰংকুলো সহজে এৰা ভকত নহয়।ভনীয়েক নোপোৱালৈকে অসহায় বাপেককটোক পেৰিয়েই থাকিব।ভনীয়েক পিছে সি নোপোৱাকৈ নাথাকিল!অলপ ডাঙৰ হোৱাৰ পিছত ভায়েক এটাও তাক লগা হৈছিল খেলৰ লগৰী বুলি।কিন্তু মাকক এতিয়া সি ভায়েক এটা খুজিব নোৱাৰে।
"অ' অ' কথাটো মইও শুনিছোঁ বুজিছ!সচাঁ নেকি বাৰু?"মালতী খুৰীয়ে খৰধৰকৈ সেউতী বাইৰ কথাটোত হয়ভৰ দি ভূতৰ কাহিনীটো আগবঢ়াব খুজিলে চলি থকা বিয়নিমেল খনত।"সিদিনা আমাৰ পিতকণৰ বাপেকে এই ইহঁতৰ পোনাকণৰ বাপেকক কৈ থকা শুনিছিলোঁ।আমাৰ এওঁ বোলে এদিন গধূলি-বিয়লি সিটো চুকৰ ৰমেশৰ ঘৰৰ পৰা আহি থাকোঁতে এৰাবাৰীখনত কোনোবা মাইকী মানুহে উচুপি থকা শুনিছিল।নামঘৰটোৰ সাহসতহে বোলে তেওঁ কেনেবাকৈ পাৰহৈ আহিল জৰাবাৰীখন।"কণপেহীয়েও কথাটোত উজান দিলে অলপ।'কণপেহী' আকৌ ৰংকুলৰ আপোন পেহীয়েক।স্বভাৱটো অলপ চটফটীয়া।কথা আৰম্ভ হ'লে শেষেই হ'ব নুখুজে।
-
১২৮
পেহাক আৰু পিতকণক হেদালিখন দিয়াত অকণমান লাগি দিলে পোনাকণে।দি হ'লেই অৱশ্যে।মাথোঁ ওপৰত কোমোৰাজোপা বগাবৰ কাৰণে জেঙবোৰ দিবলৈহে বাকী আছিল।কাম কৰি অতাই পিতকণ ঘৰৰ পিছফালৰ দমকলটোৰ পাৰলৈ আহিল হাত-ভৰি ধুবলৈ।লগত পোনাকণ।এতিয়া এৰাবাৰীৰ কথাটো উলিয়াব পাৰিব।পেহীয়েকহতঁৰ আগত এই বিষয়ে মুখ নোখোলায়ে ভাল বুলি জানে সি।
"অই পিতৌ,আজি এৰাবাৰীলৈ যাওঁ ব'ল।"মাতটো যিমান পাৰি সৰু কৰি কথাটো ক'লে পোনাকণে।"ধেমালি কৰিছ?"পিতকণ যেন চকখাইহে উঠিল।সন্দিগ্ন দৃষ্টিৰে তালৈ চালে সি।পোনাকণৰ কথাত তভক মাৰি ৰোৱাৰ পৰা আকৌ ভৰিদুটা পখালি পখালি ধুবলৈ আৰম্ভ কৰিলে পিতকণে,কপালখন কোঁচাই লৈ।
"নহয় অ'।সচাঁকৈ কৈছোঁ।অভিযান চলাম ব'ল।ভিতৰত কিনো আছে চাওঁগৈ।দিনতহে যাম,একো নহয় দে।দিনত ভূত ওলোৱা ক'ত শুনিছ?"তাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে পোনাকণে।হাত-ভৰি কেইটা ধুই হোৱাত ঘৰৰ ভিতৰলৈ সোমাই গল দুয়োটা চেঙেলীয়া ডেকা।পোনাকণৰ কথাটোহে পিছে বৰ এটা হজম হোৱা নাই পিতকণৰ।আকৌ তাৰ প্ৰস্তাৱটোত ভয় খাইছোঁ বুলিও বাহিৰত দেখাব নোৱাৰে।আত্মসন্মানৰ কথা জড়িত হৈ আছে!বিপাঙত পৰিছে পিতকণ।ইপিনে ভাবিয়েই ভয়ত কলিজাতো কোঁচ খাই গৈছে।
"উপায় নাই আৰু।যাবই লাগিব।"নিৰুপায় পিতকণৰ মনৰ ভাৱ।ঘৰৰ ভিতৰ সোমোৱাৰে পৰা পেৰি থকা পোনাকণক অৱশেষত হয়ভৰ দিলে পিতকণে।পেহীয়েকহঁতক অলপ ওলাই যাওঁ বুলি কৈ দুয়ো বন্ধু ওলাল এৰাবাৰীত অভিযান চলাবলৈ বুলি।হাতত এডাল এডাল লাঠি লৈ।কোনে জানে তাত কি ওলায়?-
১২৭
সাধাৰণতে মানুহৰ পদধূলা নপৰা ভিতৰুৱা গাঁৱখনৰ পুৰণি এখন এৰাবাৰী।সেই ভূতীয়া এৰাবাৰীখনলৈকে যোৱাৰ ধান্দা কৰি পিতকণৰ ওচৰলৈ আহিছে পোনাকণ।পিতকণে বা কি কয়?এনেয়েতো অসতী কামবোৰত আগৰণুৱা সি।পিছে এইবাৰ বা তাৰ সাহে কুলাই নে নুকুলাই!পোনাকণো উত্তেজিত হৈ আছে।অলপ অলপ ভয় আৰু শংকাও জাগিছে মনত তাৰ।হ'লেও মনৰ উৎসুকতাখিনি মাৰ নিয়াবই লাগিব।হাজাৰটা প্ৰশ্নই যে তাক আমনি কৰি থাকে!এবাৰ বাৰীখনৰ ভিতৰত সোমাই চাবৰ মন তাৰ।
"পিতকণক কেনেবাকৈ হ'লেও মনাব লাগিব!"গৈ থকা বাটেৰে সন্মুখলৈ দৃষ্টি নিক্ষেপ কৰি মনতে পোনাকণে ক'লে কথাটো।ইতিমধ্যে পেহীয়েকৰ ঘৰৰ নঙলামুখ পাইছেগৈয়ে সি।
"পিতৌ, অই পিতৌ।ক'ত আছ?"ওপৰৰ দুডাল নঙলা খুলি পোনাকণ সোমাই গ'ল চোতাল গচকি ভিতৰলৈ।পেহীয়েকৰ পুতেক,তাৰ শৈশৱৰে দিনৰে খেলৰ লগৰী পিতকণক চিঞঁৰ লগাই লগাই।ঘৰৰ ভিতৰত কোনো নাই।আন্দাজ এটা লগাই সি পিছফালৰ বাৰীখনৰ ফালে আগবাঢ়িল।তাতেই থাকিব লাগে ঘৰৰ মানুহকেইটা!
"অ' পোনা দেখোন।আহ্,আহ্।"বাৰীখন নৌপাওঁতেই তাক দেখা পাই মাত দিলে পেহীয়েকে।নতুনকৈ ৰুৱা শাকৰ পুলি কেইটাৰ গুৰি খোচাত ব্যস্ত পেহীয়েক।ইফালে বাৰীৰ চুকত কোমোৰাৰ হেদালিখন দিয়াত বাপেকক সহায় কৰিছে পিতকণে।পোনেপোনে তাৰ পালেগৈ পোনাকণ।"দেউতাৰাই কি কাম লগাইছে অ' পোনা?"কণপেহাকে হেদালিখনৰ খুটিৰ তলত মাটি খুঁচি থকাৰ পৰাই সুধিলে।-
১১২
পোনাকণ ৰাতিপুৱাই যাবলৈ বুলি ওলাল দিবাকৰৰ ঘৰলৈ।সিদিনা বিদ্যালয়তে লগ পোৱা দুয়োটা।তাৰ লগত কথা পাতি,মহাবিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰি, আগন্তুক শান্তিপুৰৰ জীৱন-যাত্ৰাত সন্মুখীন হ'ব পৰা ভিন্ন সম্ভাৱনাবোৰৰ বিষয়ে আলোচনা-বিলোচনা কৰিবৰ তাৰ মন গৈ আছে।তাৰ লগত ভগাই লৈ মনৰ উত্তেজনাবোৰ মাৰ নিয়াব বিচাৰিছে ৰংকুলে।
যিহেতু দুয়োটা একেখন মহাবিদ্যালয়তেই পঢ়াৰ কথা,সেয়ে দুয়োটাই মনত সেই একেটা উত্তেজনা কঢ়িয়াই ফুৰাটোও নিশ্চিত। "জীৱনত প্ৰথম বাৰৰ বাবে ঘৰৰ বাহিৰত থাকি পঢ়িবলৈ যাব!"এইটো কিবা সৰু কথা নেকি মাক-বাপেক,ঘৰখন এৰি অকলে নিজৰ দায়িত্ব লোৱাটো!তাৰ জীৱনত এতিয়ালৈকে ঘটা সবাতোকৈ ডাঙৰ আৰু ৰোমাঞ্চকৰ কথা এইটো।হয়তো দিবাকৰৰো!সি অৱশ্যে নিশ্চিতই কথাটোত।
ইয়াৰ বাহিৰেও অন্য এটাই কথাই ৰংকুলৰ মনটো অধিক আচ্ছন্ন কৰি ৰাখিছে।হোষ্টেল!হোষ্টেলীয়া জীৱনৰ কাহিনী সি কিতাপত পঢ়িছে।সিহঁতো যে হোষ্টেলতেই থাকিব লাগিব।সেয়াও এখন বেলেগ পৃথিৱী।মনে মনে অলপ শংকাও জাগিছে ৰংকুলৰ।তাৰ নতুনকৈ গঢ়ি উঠা এই ভয়টো যদি সঁচা হয়!যদি সঁচাকৈয়ে কিতাপত পঢ়াৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় সিহঁত!
হোষ্টেলীয়া জীৱনৰ অনুভৱবোৰে বোলে সমস্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ মানুহৰ মনটো মজবুত কৰি গঢ়ি তোলে।হোষ্টেলৰ তিতা-কেঁহা অভিজ্ঞতাবোৰ নোপোৱালৈকে মানুহৰ জীৱনটো হেনো অসম্পূৰ্ণ হৈ ৰয়।সাধাৰণ জীৱন এটাতকৈ সম্পূৰ্ণ পৃথক সেই পৃথিৱীখন।কেনেকুৱা পৰিৱেশ বা পায়গৈ তাত!-