নিতৌ পুৱা এজনী কনেং আহে
মোৰ গাঁৱৰ কাষতে থকা নৈখনলৈ,
পাৰৰ পানীত খেলি তাইৰ এগে’খন তিতে
কেতিয়াবা ঝাওবনৰ আঁৰত লুকাই
সুমধুৰ ঐনিঃতম জুৰে,
কনেঙৰ দৰদী ঐনিঃতমত
সাৰ পায় নৈখনৰ দুপাৰ
ঈৰ্ষাত জ্বলে নল-বিৰিনা প্ৰতিবাৰ ৷
মোৰ সোণোৱালী শৈশৱৰ সংগী
নৈখনৰ পাৰৰ নল-বিৰিণা
আৰু গুমৰাগৰ লহৰ অতিতৰ,
ক’ত উন্মাদনাৰ সাক্ষী
কনেঙৰ ঐনিঃতমে
মোৰ কলিজাৰ এডোখৰ কাঢ়ে,
বৈ যায় অন্য এখন নৈ হৈ
প্ৰতি লৃগাংতে, আকৌ ফাগুন হৈ
মোৰ যৌৱনৰ প্ৰতি উশাহতে....৷।
-