তুমি আহিলে
পকা ধানে ৰিঙিয়াই
সৰিয়হৰ ওঠত ভাঁহে
হালধীয়া হাঁহি...!
তোমাৰ পৰশত প্ৰাণ পাই
যৌৱনা হয় ফাগুন ,
দূৰ পাহাৰত জিলিকি ৰয়
সেউজীয়া প্ৰেমৰ সপোন ...।"
-
@Facebook - অবিনাশ সন্দিকৈ
@Instagram - Abinash - Words of Heart
@Youtube -... read more
তোমাৰ দুচকুৰ কাষেৰে
বৈ পৰা অলকা যুৰি
বাৰে বাৰে দু-কানত সামৰি নথবা,
মেলি দিবা মেঘালী ছুলিটাৰী
তোমাৰ দুবাহুৰ পৰা মোৰ দুহাতলৈ...!
মোৰ আঙুলিৰ পৰশত তোমাৰ দুগালত
সেন্দুৰীয়া বেলিটিয়ে জিকমিকাব আবেলি,
তোমাৰ গুলপীয়া দুওঁঠত আহি খুন্দা খাই মৰমে
প্ৰগলভ ভাবেৰে আলিংগন কৰিব মোৰ দুওঁঠক,
তুমি তুমি সুগন্ধিত মতলীয়া হব বৰষা,
আগন্তুক শৰতৰ নিয়ৰ সৰা পুৱাবোৰ হৈ পৰিব
আমাৰ প্ৰেমৰ শত যুগমীয়া ঠিকনা...!!
- অবিনাশ সন্দিকৈ ✍️-
বান
বানত উটিল
পিতাইৰ কঠিয়াৰ টোপোলা ,
ভঁৰালৰ বাকীৰোৱা ধানৰ
বোজাৰে চকু সেমেকাই নৰক বেদনা...।
তুমি নাওঁবালা সিপাৰলৈ,
ফেনেফুটুকাৰে বঢ়া
লুইতৰ চাপৰি এৰি
মই গৰুহাল সাৱটি
নামঘৰৰ উখ ভেটিত ৰ'লো
এক অনাকাংক্ষিত ভৱিষ্যতক বুকুতে লৈ...।।-
গ্ৰীষ্মৰ আবেলি এটিত আহিবা
চহৰৰ কাষেৰে বৈ পৰা
নদীৰ পাৰে পাৰে খোজকাঢ়িম,
কোনোবা এৰা সুঁতি এটিৰ কাষতে থকা
কৃষ্ণচূড়াৰ তলত এপলক বহিম,
কথা পাতিম জীৱনৰ
কথা পাতিম সপোনৰ
কথা পাতিম দূৰে দূৰে থাকিও
সদা সজীৱ আমাৰ অকৃত্ৰিম মৰমৰ....!
কথাৰ মাজতে তোমালৈ ৰ লাগি চাম
(অজুহাত বহু দিনৰ পাছত আমাৰ দেখা দেখি
কাষতে মাথোন দুয়ো দুয়োৰে হৈ)
তোমাৰ দুচকুৰ সাগৰত খন্তেকত বিলীন হম,
তোমাৰ দুবাহুৰ প্ৰগলভ উষ্ণতাত উন্মাদ হম পলকত,
গোলপীয়া দুগালত আঁকিদিম মোৰ দুওঁঠৰ মৰম,
আবেলি আবেলি যেন তোমাৰ মেঘালী ছুলিটাৰীত
সপি দিম মোৰ হৃদয়ৰ সৰ্বস্ব...!
আকৌ জীপাল হম বহুদিনলৈ,
তাৰ পাছত আকৌ দুয়ো উভতিম জীৱনলৈ...। ।-
নিজম ৰাতি শেতেলীত বাগৰি
জুমি চালো মোৰ পদূলিলৈ
এখন্তেক থমকি ৰ'ল উশাহ, হৃদয়ৰ স্পন্দন,
নিস্তব্ধতা ভাঙি সোঁৱৰণৰ কোলাহল...!
এনেদৰেই সাঁচি ৰাখোঁ "বৰ্তমানক" মৌন দুওঁঠত...!
যৌৱনৰ চাকনৈয়া আৰু জীৱনৰ জোখমাখ,
হৃদয়ৰ মাজে মাজে বৈ যায়
পোৱা নোপোৱাৰ দুয়োপাৰ সামৰি
এখনি অনামী আবেগৰ খৰস্ৰোতা নদী,
কেতিয়াবা ই শান্ত নিশ্চুপ
কেতিয়াবা অশান্ত, উৎসুক ...।-
"নিশাৰ নিৰ্জনতা সামৰি
মোৰ উৰুখা পজাত মোৰ সতে
এজাক বৰষুণ...!
টোপনি অহা হ'লেতো ভালেই আছিল,
তেতিয়া নুশুনিলোহেতেন
এইজাক নিলাজ বৰষুণৰ কাণফলা চিঞৰ...।"
"নিশব্দে নিৰলে সাৰে থকাৰ অজুহাতত
আজিকালি তথাপি বৰষুণজাক মোৰ লগৰী ,
কিয়নো বৰষুনজাকে জানে
মোৰ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান সূত্ৰ...!
সেইবাবেই বৰষুন মোৰ প্ৰিয়,
য'ত মই নিৰ্ভয়ে সুমাগ্নীত জাহ যাব দিব পাৰো
মোৰ হৃদয়ৰ অব্যক্ত হাজাৰটা শিলালিপি...।"-
"কুঁহুমবুলীয়া গধুলিত
খিৰিকীখন জপাবলৈ লওঁতেই
মই যদি অশান্ত এজাক সমীৰ হৈ
তোমাক ব্যাকুলতাৰে আৱৰিছোঁ
তেন্তে অভিনন্দন প্ৰিয় নাৰী
তুমি মোৰ প্ৰেমত পৰিছা...!"
-
"ৰঙা ফাগুনৰ মাজেৰে বৈ থাকে
এজাক মৌন ধুমুহাৰ ধূলিয়ৰী...!
এইয়া যেন সাক্ষী
এমোকোৰা হাঁহিৰ মাজেৰে
লুকুৱাই ৰখা কাৰোবাৰ উকা হৃদয়ৰ
অলেখ অযুত কাহিনীৰ…!!"-
প্ৰেম তোমাৰ মোৰ
উমৈহতীয়া কবিতা,
উভৈনদী অনুভূতি,
বিষাদ, হাঁহি...!
বলিয়া ফাগুনক কি শুনাবা
হৃদয়ৰ গান,
ফাগুন নিজেই অপেক্ষাৰত
বসন্তলৈ বাট বুলি...!!
হৃদয়ক শুনোৱা হৃদয়ৰ তান... ।।
-
তুমি প্ৰেমিক কেনেকোৱা ?
হয়তো এনেকুৱা,
" যি তেওঁৰ নামত কবিতাৰ শব্দৰে
প্ৰেমৰ পাতনি মেলে
আৰু উজাগৰী নিশাৰ কল্পনাৰ শেষত
তেওঁক উলিয়াই দিয়া ৰভাখনলৈ চাই
প্ৰগলভ প্ৰেমৰ বিহ পাণ কৰে
নিঃশব্দে নিৰলে অকলে...!! "
-