তোমাৰ বাবেই জী উঠে
সেই মৃত সপোনবোৰ…
বুকুৰ এটা কোণত
সমাধিস্থ কৰা সেই হেপাঁহবোৰ…
আজিকালি আকৌ মোৰ ভাললাগে…
এই আকাশ,এই বতাহ…
আৰু তোমাক…
তোমাক ভাললাগে বাবেই
বেয়ালগাবোৰে মোক চুব নোৱাৰে
সেই যে বেয়ালগাবোৰৰ গাঁতত পোত খাই
এটি উশাহৰ বাবে চিঞৰিছিলো…
মনত আছে?তোমাৰ?
মৰুভূমিৰ দৰে খৰাং মোৰ পৃথিৱীখনত যে
ইমানখিনি সেউজীয়া আছে,
মই জনাই নাছিলোঁ,জানা…
জীৱনৰ পৰা পলোৱাৰ সুৰুঙা বিচাৰি বিচাৰি
ভাগৰিব ল’ওতেই যে পালোঁ তোমাক…
এমুঠি জোনাক ভালপাঁও বুলি জানি,
গোটেই আকাশখনেই মোৰ কৰি দিব বিচৰা তোমাক…
সৰাপাতৰ শুকান পৃথিৱীখনতো ৰঙীন মদাৰজোপা হৈ মোক ৰঙেৰে সজাব খোজা তোমাক…
ফাগুনে লঠঙা কৰা জীৱন বিৰিখৰ ডালবোৰত কুহিপাত এটি হৈ পূৰাব খোজা তোমাক…
মোৰ ৰিক্ত জীৱনৰ প্ৰতিটো পলতে এজাক বৰষা হৈ প্ৰাপ্তিৰ ঢৌৰে মোক সিক্ত কৰিব খোজা তোমাক…
সলনি হৈছো মই,হাঁহিব লৈছোঁ মই,
আকৌ সপোনপিয়াসী,সেউজপ্ৰেমী হৈ উঠিছোঁ,
আজিকালি মাথোঁ এটা কথাই ভাবো
“জীৱনক এদিন আমি জিকিম”.
এদিন,সেউজৰ দেশত আমি সপোনৰ ঘৰ সাজিম…
মোৰ কপালৰ আলিবাট তোমাৰ নামৰ ৰঙাৰে ৰঙীন কৰিম…
মাথোঁ মোৰ হৈ থাকিবা,মই তোমাৰ হৈ থাকিম❤️
-
30 MAR 2021 AT 2:02
6 DEC 2020 AT 23:00
কিয়নো সোধা মোক ,
"কি লাগিব তোমাক?" বুলি
এবাৰ মোৰ ভিতৰত সোমাই
নিজক চোৱাচোন
তুমি থাকিলেই চোন মোৰ সকলো থাকে।।
-
28 MAY 2021 AT 22:51
চকুৰ ভাষা পঢ়িব খুজিছিলোঁ,
তাতেই ডুবি যোৱাৰ আকাংক্ষা নাছিল…
দুহাতত ধৰি এখোজ দি চাইছিলোঁ,
তোমাতেই মোৰ পৃথিৱীৰ পৰিধি
শেষ হোৱাৰ কথা নাছিল…
তোমাৰ কথাবোৰ বুজিব খুজিছিলোঁ
কিন্তু জীৱনৰ উকা পৃষ্ঠাবোৰ
তোমাৰ কথাৰেই ভৰোৱা কথা নাছিল…
তুমি লগত থাকিলে ভাল লাগিছিল,
কিন্তু তুমি অবিহনে
সকলো বেয়ালগা হোৱাৰ কথা নাছিল…
কথাবোৰ এনেকুৱা হোৱাৰ কথা নাছিল,
তোমাৰ বাবেই যে
হৃদয়ৰ ইমান আয়োজন
ভবাই হোৱা নাছিল…৷
-