4 MAY 2019 AT 20:56

অপ্ৰাপ্তি
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
যি শোকৰ ৰদত পোৰা নাই
জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত
যি শংকিত হোৱা নাই
ভাগ্যৰ সৈতে যুঁজি এখন্তেক
ক্লান্ত হোৱা নাই
ভাল পোৱাই যাক ব্যাকুল কৰা নাই
অপেক্ষাই যাক উদ্ধাউল কৰা নাই
যাৰ বাবে নদী বোৰ , মাথোঁ নদী
শিলবোৰ, মাথোঁ শিল
যাৰ বাবে সমগ্র পৃথিৱী মাথোঁ মাটিৰ ভূগোল
যিজনে মানুহৰ শোভা যাত্ৰাত
চামিল হবলৈ শিকা নাই
তেওঁৰ বাবে সুখো
এক ধৰণৰ দুখ ।
(কবিঃঅতনু ভট্টাচাৰ্য)



অতনু ভট্টাচাৰ্য্য

-