Sudarshana  
2 Followers · 8 Following

Joined 7 April 2019


Joined 7 April 2019
20 MAY 2019 AT 23:45

ভালপোৱাৰ কোনো সংজ্ঞা নাই, নাই কোনো প্ৰকাৰ, নাথাকে কোনো বিভাজন৷ভালপোৱা মাথোন আত্মাৰ বান্ধোন, পৃথিৱীৰ সকলো পৱিত্ৰতা যেই ইয়াৰ মাজতেই সংপৃক্ত হৈ আছে৷

-


16 MAY 2019 AT 0:20

স্বপ্নাতুৰ হৃদয়ে যদি পান কৰিব বিচাৰে অনাবিল প্ৰেমৰ মদিৰা তেনে সপোন এটি হৈ তুমি জিলিকি উঠিবা পৃথিৱীৰ সকলো সুন্দৰতা লৈ..
বিষাদৰ ৰাগিণী শুনি উচুপিব খুজিলে
নিচুকাম ওৰে ৰাতি..
সাৰে ৰ'বা তুমি
সাৰে ৰ'ম মই
মাথো নিৰৱতা বোৰ সাক্ষী হৈ ৰ'ব৷

-


5 MAY 2019 AT 8:19

এনেকুৱা ব্যক্তিত্ব কেতিয়াও নগঢ়িব য'ত আপোনাৰ লগত মিলি থাকিবলৈ আন দহজনে ভয় কৰিবলগীয়া হয়, পিচ হুহুঁকি আহিব লগা হয়, এনেকুৱা এটা ব্যক্তিত্বহে গঢ়ি তোলক য'ত আপুনি যিকোনো পৰিৱেশত যিকোনো মানুহৰ লগতে মিলি যাব পাৰে৷

-


4 MAY 2019 AT 20:56

অপ্ৰাপ্তি
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
যি শোকৰ ৰদত পোৰা নাই
জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত
যি শংকিত হোৱা নাই
ভাগ্যৰ সৈতে যুঁজি এখন্তেক
ক্লান্ত হোৱা নাই
ভাল পোৱাই যাক ব্যাকুল কৰা নাই
অপেক্ষাই যাক উদ্ধাউল কৰা নাই
যাৰ বাবে নদী বোৰ , মাথোঁ নদী
শিলবোৰ, মাথোঁ শিল
যাৰ বাবে সমগ্র পৃথিৱী মাথোঁ মাটিৰ ভূগোল
যিজনে মানুহৰ শোভা যাত্ৰাত
চামিল হবলৈ শিকা নাই
তেওঁৰ বাবে সুখো
এক ধৰণৰ দুখ ।
(কবিঃঅতনু ভট্টাচাৰ্য)



অতনু ভট্টাচাৰ্য্য

-


4 MAY 2019 AT 20:52

কোনো প্ৰভাম্বিত হয় কাৰোবাৰ টকা পইচা দেখি,কোনো প্ৰভাম্বিত হয় কাৰোবাৰ সৌন্দৰ্য্য দেখি, নতুবা কাৰোবাৰ অপৰিসীম প্ৰতিভা দেখি৷কিন্তু প্ৰকৃত সেইজনহে যি ইয়াৰ এটাৰো দ্বাৰা আকৰ্ষিত নহৈ কেৱল মন আৰু বিবেকৰ দ্বাৰা আকৰ্ষিত হৈ সকলোকে আকোৱালি ল'ব পাৰে স্বাৰ্থবিহীনভৱে৷

-


14 APR 2019 AT 8:11

ৰঙালীৰ ৰঙে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু আনন্দৰ বতৰা৷অনাগত দিনবোৰ সুন্দৰ হৈ পৰক৷আশা ৰাখিছো তোমাৰ প্ৰতিটো কৰ্মই যেন সফলতা লাভ কৰে৷এই কামনাৰে তোমাৰ তথা পৰিয়ালৰ সকলোলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহু বহু শুভকামনা থাকিল৷

প্ৰান্তত
সুদৰ্শনা

-


13 APR 2019 AT 1:03

অপ্ৰাপ্তিৰ তিক্ততাই স্পৰ্শ কৰিব নোৱাৰাকৈ বান্ধি ৰাখিছো হৃদয়খন৷এদিন দুখৰ ৰাতি পুৱাব৷আশাবাদী এটি মন লৈ গতি কৰিছো জীৱন পথত৷ক'ৰ'বাত পঢ়া মনত আছে, সদায় জোনাক থকা হ'লে জানো জোনাক ইমান ভাল লাগিল হেঁতেন?আন্ধাৰৰ পাছত জোনাক আহে বাবেইটো জোনাক ইমান ভাল লাগে৷কন কন সুখবোৰেওটো পোহৰাব পাৰে জীৱনৰ বাট৷আত্মসন্তুষ্টিয়ো হ'ব পাৰে সুখৰ অনন্য কাৰণ৷ইয়ো যেন জীৱন উদযাপনৰ অন্যতম কলা৷

-


8 APR 2019 AT 0:09

জীৱনত কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব কাৰণ যিমানেই তুলনা কৰিবলৈ ধৰিব আপুনি সিমানেই অসুখী হৈ পৰিব৷তাতকৈ আপোনাৰ মাজত যিখিনি আছে তাৰ পৰাই সন্তুষ্ট হ’বলৈ শিকক দেখিব জীৱনটো সুখৰ হৈ পৰিছে৷

-


7 APR 2019 AT 13:32

সেইসমূহ সম্পৰ্ক সদায় সজীৱ হৈ ৰয় য'ত কোনো চুক্তি কৰা নহয় এজনে আনজনৰ ওচৰত চিৰদিন থকাৰ, কোনো প্ৰতিশ্ৰুতি দিয়া নহয় এজনে আনজনক চিৰদিন ভালপোৱাৰ কিন্তু জীৱনৰ পংকিল সময়বোৰত এজনে আনজনক সহায়ৰ হাত আগবঢ়ায় নিৰৱ ভাৱেই৷সঁচা ভালপোৱাৰ বাবে নালাগে কোনো প্ৰতিশ্ৰুতি কিম্বা চুক্তি মাথো বিশ্বাস থাকিলেই হ'ল৷

-


7 APR 2019 AT 11:44


Fetching Sudarshana Quotes