Shorif Uddin   (Shorif Uddin DeeP)
8 Followers · 4 Following

I love a write
Joined 11 March 2022


I love a write
Joined 11 March 2022
14 MAR AT 20:39

তোমাৰ কথাবোৰত যিমান ভালপোৱা আছিল,💝 যদি সেইখিনি ভালপোৱা তোমাৰ হৃদয়ত থাকিলেহেতেন, আজি তুমি ইমান আঘাত মোক নিদিলাহেতেন!😢

-


14 MAR AT 16:47

মৃত্যুলৈ ভয় নকৰোঁ কাৰণ জন্ম লৈছোঁ যেতিয়া এনেয়ো এদিন মৰিব লাগিবই ভয় লাগে মাথোঁ মৃত্যুৰ দিনা জীৱনটোক লৈ দেখা সপোনবোৰ আধৰুৱা হৈ ৰ'ব বুলিহে !

-


14 MAR AT 10:47

মমৰ দৰে কোমল কেতিয়াও নহ'ব,নহ'লে চবেই এবাৰ হ'লেও জ্বলাই গলাই আপোনাক শেষ কৰি দিব।পাৰে যদি শিলৰ দৰে কঠিন হওঁক, যাক ভাঙিবলৈ আপ্রাণ চেষ্টা কৰিব লগা হয় কেৱল কঠিন হোৱাৰ বাবেই ✍️✍️

-


14 MAR AT 10:44

আনৰ অনিষ্ট নকৰাকৈ নিজে ভালপোৱা কামবোৰ কৰি সুখী হোৱাটোৱেই ভাল। এইখিনি কৰোতে যদি কোনোবাই স্বাৰ্থপৰ কয় কবলৈ দিব !

-


14 MAR AT 10:39

প্রত্যেক মানুহকে জীৱনত এনে এজন বা এগৰাকী মানুহ লাগে যাৰ লগত কথা পাতিলে,যাৰ খন্তেকীয়া উপস্থিতিয়ে নিমিষতে সমষ্ট দুখ,কষ্ট পাহৰাব পাৰে। সেইয়া লাগিলে বন্ধুৱেই হওঁক নতুবা প্রেমাস্পদ!

-


14 MAR AT 10:35

বিশ্বাসৰ গছজোপা ৰোৱাৰ আগত মাটিৰ গুণাগুণ ভালদৰে চাই লােৱা উচিত, কিয়নো বিশ্বাস ধৰি ৰাখিব পৰাকৈ সকলো মাটি সাৰুৱা নহয় আৰু হ'বও নোৱাৰে 😊

-


14 MAR AT 10:31

চিধাচিধি কথা কোৱা মানুহ মই..
ভুলক ভুল,শুদ্ধক শুদ্ধ কবলৈহে শিকিছো। তাত আপুনি ভাল পায়, বেয়া পায় সেইটো মোৰ বিষয়বস্তু নহয়

-


14 MAR AT 2:06

আপোনাক বহুত ভালপোৱা মানুহক কেতিয়াও
আঘাত নিদিব, কাৰণ তেওঁলোকে আপোনাক
উত্তৰত আঘাত নিদিয়ে।কিন্তু তেওঁলোকৰ হয়তো
আপোনাক চিৰদিনৰ বাবে এৰি যোৱাৰ বাহিৰে
আন কোনো উপায় নাথাকে...!

-


14 MAR AT 2:01

কান্দি থকা দুচকুৱে কেতিয়াওঁ মিছাকৈ নকয়
চকুৰ পানি তেতিয়াহে ওলাই
যেতিয়া কোনো আপোন মানুহ আতৰি যায়!

-


14 MAR AT 1:57

সফলতাৰ জখলা ডাল বগাই থাকোতে হঠাৎ কেতিয়াবা পিছল খাই তলত খহি পৰিলে এখন হাত খামুচি ধৰি আনখন হাত কান্ধত থৈ সাহস দিয়া মানুহ আজিৰ দিনত একেবাৰেই দুর্লভ, দুষ্প্রাপ্য

-


Fetching Shorif Uddin Quotes