Shaheen Shabnam   (À_MÌÑĎ_ÙÑT0ĹĎ)
524 Followers · 407 Following

read more
Joined 26 April 2018


read more
Joined 26 April 2018
10 DEC 2023 AT 9:46

Let them laugh at you and Judge you.
Be your own fan.
Be focused on your own work.
Never let them stop your capabilities.
And always confuse them with a decent smile.

-


17 NOV 2023 AT 23:25

বহুত ভালপাও অ তোমাক
কিন্তু কবলৈ যেন অধিকাৰ হেৰুৱালো
কেতিৱাবা প্ৰাণখুলি কব মন যায়
মনৰ কথাবোৰ তোমাক
কব মন যায় আকোৱালি লোৱানা মোক বুলি।।
এবাৰ সাবটি ধৰি তোমাৰ চকুত চকু থৈ কব মন যায়
মোৰ ভালপোৱা নিকা
এবাৰ পুণৰ আকোৱালি লোৱা বুলি…..
তোমাক মই নিঃস্বাৰ্থভাৱে ভালপাও জানা।
প্ৰতিটো মূহুৰ্তত মোৰ মনত
কেবল তুমিয়েই থাকা
মই অইন ছোৱালীৰ দৰে নহয় অ
মই তোমাক বহুত মৰমত ৰাখিম
কেনেকৈ বুজাও কিমান ভালপাও তোমাক
তুমি অবিহনে মোৰ বৰ কষ্ট হৈছে জানা
বহুত কথা কব বিচাৰো তোমাক
কিমান বেচি ভালপাও
শব্দৰে কেতিয়াও বুজাব নোৱাৰিম।
কিন্তু তোমাৰ মৰমৰ অবিহনে
বৰ অকলশৰীয়া হৈ পৰিছো
তোমাৰ ভালপোৱাৰে জীৱনটো
এবাৰ পুণৰ ৰঙীণ কৰিব বিচাৰো।
আকোৱালি লবানে মোক তোমাৰ জীৱনত পুণৰায়?

-


6 SEP 2023 AT 0:31

কেনেকৈ বুজাও তোমাক
কিমান বেছি ভালপাও
মই নাজানো মোৰ ভালপোৱাই
তোমাৰ অন্তৰাত্মাক চুইছে নে নাই
মই নাজানো তোমাৰো মোৰ নিচিনা
বুকুত শিহৰণ হয় নে নহয়
তোমাক কথাবোৰ কব নাপালে
বুকুখন বৰ গধুৰ হয় দেখোন
কতোৱেই চোন মন নবহে
তোমাৰ লগত থাকিলে
জীৱনটো ইমান ভাললাগে
সময়নো কেনেকৈ যায়
গমকেই নাপাও।
বহুত ভালপাও অ তোমাক
তোমাৰ মৰমবোৰৰ মাজত
এবাৰ পুনৰ আকোঁৱালি লবানে মোক?
তুমি অবিহনে মই এতিয়া দিশহাৰা
মোৰ একোৱেই ভাল নালাগে তুমি নহলে
এবাৰ পুণৰ কাবৌ কৰিছো
মোক আকোঁৱালি লবলৈ
শব্দৰে বুজাব নোৱাৰিম
বহুত বেছি ভালপাও অ তোমাক

-


19 AUG 2023 AT 18:31

এই ভালপোৱা নিঃস্বাৰ্থ
জানা কবলৈ বহুত কথাই আছে
প্ৰতিদানত একো নিবিচাৰো
ভালপাই যাম আজীৱন নিঃস্বাৰ্থভাৱে।
মোৰ ভালপোৱাৰ গভীৰতা যে ইমান গভীৰ হব পাৰে
মই নিজেই অজ্ঞাত আছিলো
এনেদৰেই তোমাক ভালপাব বিচাৰো
মোৰ জীৱনৰ শেষ উশাহ থকালৈ।
জানা এনেকুৱা অনুভব কাহানিও
কাৰো বাবে হোৱা নাছিল ।
তোমাক যিমান ভালপাও
সিমান সন্মানও কৰো।
এটাই কামনা তুমি সুখী হোৱা।
তোমাক বহুত বেছি ভালপাও ও।
মই তোমাক পাবলৈ জিদ নকৰো সোণ
তোমাৰ যেনেদৰে ভাললাগে তেনেদৰেই হব।
কিন্তু কি কৰো তোমাক সচাঁই নিঃস্বাৰ্থভাৱে ভালপাও ও।
প্ৰমাণ কৰি দেখুৱাব হয়তো নোৱাৰিম
কিমান ভালপাও,
কিন্তু তোমাৰ কাৰণে লিখা
প্ৰতিটো শব্দই সাক্ষী
তোমাৰ প্ৰতি থকা সীমাহীন ভালপোৱাৰ।
তুমি মোৰ ওচৰলৈ হয়তো কাহানিও নাহিবা ঘূৰি
হয়তো কাহানিও মোক আৰু বিশ্বাস কৰিব নোৱাৰিবা
কিন্তু কি জানা, অপেক্ষা হয়তো সদায়েই থাকিব
কিজানিবা তুমি ঘুৰি আহিবাই মোৰ জীৱনলৈ

-


12 AUG 2023 AT 21:09

এতিয়া মই নিশ্চিত জানা
তুমি নাহিলে
মোৰ পৃথিৱীত আৰু
কোনোদিনেই জোনাক নাহিব।
অপেক্ষাই মোৰ শেষ ভৰষা
তোমাক ঘূৰাই পোৱাৰ। ।

-


12 AUG 2023 AT 0:47

কবলৈ বহুত কথা আছিল
সুধিবলৈ বহুত প্ৰশ্ন আছিল
কিন্তু মই মৌন
নাজানো কিয়
প্ৰকাশ কৰিব নোৱাৰো একোৱেই
এবাৰ ভাবো মৌনতা ভংগ কৰি
চিঞৰি চিঞৰি তোমাক কম
আতৰি নাযাবা মোৰ পৰা
বহুত ভালপাও তোমাক
তুমি অবিহনে মই অস্তিত্বহীন
কিন্তু ,কিন্তু সাহস যে নহয়।
ভয় লাগে, কিজানিবা তুমি বেয়াই পোৱা ।

-


9 AUG 2023 AT 23:24

আটাইতকৈ বেছি ভালপোৱা মানুহজন আতৰি
যোৱাৰ পাছত তেওঁ উভতি নাহিব
বুলি জানিও কৰা অপেক্ষাৰ যাত্ৰাকণ ইমান সহজ নহয়
আমি বুজি উঠো, তেওঁ হয়তো আৰু কাহানিও নাহিব ঘুৰি,,
তথাপিও দেখোন অপেক্ষাৰ ক্ষণবোৰৰ মাজতে জীয়াই থকাৰ কাৰণবোৰ বিচাৰি পাও
জীৱনৰ ৰেলগাড়ীৰ কোনোবা এটা ষ্টেচনত ভুমুকিয়াব বুলি অধীৰ আশাৰে ৰৈ থাকো
কিজানিবা গন্তব্য স্থান পোৱাৰ আগত
মোক সঁহাৰি দিব পুনৰ এবাৰ

-


9 AUG 2023 AT 14:08

যেতিয়া আটাতকৈ ভালপোৱা মানুহজনে তোমাৰ পৰা দূৰত্ব বজাব লয়, তাতোকৈ আৰু অসহায় মূহুৰ্ত হয়তো এই পৃথিৱীত একো নাই।

-


6 AUG 2023 AT 10:42


लम्हा भी छोटा सा लगता है।
बक्त जो युही गुजर जाता है।
ना फिक्र होती है आनै वला कल की
ना शिकायत होती है गुजरते हुए कल की
उस लम्हे सब गम भुलाकर
वस खुलकर हम जिंदगी जी लेते है।

-


4 AUG 2023 AT 23:56

হঠাত কেনিবা হেৰাল

সেমেকি লেৰেলি যোৱা মনটোত ,
সৌ সিদিনা সপোনবোৰ উমি উমি জ্বলিছিল ,
মৌনতাবোৰো লাহে লাহে আঁতৰিব লৈছিল ,
আৰু মই হেপাঁহবোৰ গোটাব লৈছিলো।।
ভবাটো নাছিলো মই ,
নিয়তিয়ে যে পুণৰ ধেমালিহে কৰিছে ,
মোৰ সপোনবোৰ যে আকৌ তচনচ কৰিলে
চেহ ,হঠাত কেনিবা হেৰাল
হৃদয়খন জীপাল পেলোৱা মৰমবোৰ। ।

-


Fetching Shaheen Shabnam Quotes