আপোনাৰ চহৰত আকাশ
ফৰকাল হ'লে মাতিব ,
আলাপৰ জপা খুলিম...!
প্ৰশ্ন মোৰ হ'ব উত্তৰ আপোনাৰ
ফৰকাল আকাশত কাৰ দৰ্পদপনি,
"আকাশীৰ নে শুভ্ৰ ডাৱৰৰ ? "
-
• সুৰ আৰু শব্দৰ আজন্ম প্ৰেমিকা ।
• কল্পনাৰ পৃথিৱীত বিচৰ... read more
অপৰাহ্ন বেলিৰ আকুলতাত
নাজানো কিয় ইমান হৃদ্স্পন্দন !
ৰঙা আকাশে ঘেৰি ধৰা বিগ্ৰহত
অনুভৱ কৰিব পাৰিবনে চুটি
উশাহৰ কম্পন ?-
তুমি জোনাকৰ অস্তিত্ব কেতিয়ালৈ বুলি
সুধিলে মই ক'ম , "আঁউসীলৈ।"
আৰু যদি সোধা জোনাক হোৱাৰ সংগ্ৰাম কিমান ?
মই শুনাম কৃষ্ণপক্ষৰ নিস্তেজ হিমকিৰণৰ
নিৰৱ সংগ্ৰামৰ কাহিনী...!-
বিভাৱৰী ব্যোমৰ অধিকাৰত হস্তক্ষেপ
কৰি গোটেই ৰাতি ৰৈ থাকিম ...!
বিষাদৰ আঁচল মেলিব পৰাকৈ
সিদিনা আপোনাৰ স্বাধীনতা থাকিব !
ছায়াংকৰ প্ৰত্যক্ষদৰ্শীতাত আপোনাৰ
সকলো বিষপান হ'ব ...!-
(১)
উশাহ চুবলৈ দুহাতেৰে মৰম চপাব লাগে।
ভাল লগানো কি ?
সৰো সৰো কৈ ৰৈ থকা এপাহ শেৱালিহে !
(২)
ওজনৰ কম-বেছিত বিনিময় বিচাৰি লাভ কি?
সুৰীয়া প্ৰাংগনত শব্দৰ সমতাতেই গীতৰ সৃষ্টি।
(৩)
সোৱণশিৰিত সোণ পোৱাৰ নিশ্চয়তা জানো আছে?
তথাপিওঁ ই বৈ আছে অহৰহ , কাহিনীবোৰ যে সোণালী ।
-
#অণুগল্প
~ নষ্টালজিক ~
বিয়াঘৰলৈ সোমাই যোৱা বাটতোৰ একাষে ৰাখি থোৱা ডি.জে বক্সটোৰ চাৰিওঁফালে ঘেৰি, ভলিউমৰ চুইছটো এবাৰ বেছি এবাৰ কম কৰি থকা সৰু সৰু ল'ৰাকেইটা দেখি চৌধুৰীৰ মনত দীঘল বাঁহ এডালৰ এটা মুৰত মাইকটো বান্ধি বাঁহডাল এবাৰ ইফালে এবাৰ সিফালে কৰি থকা সৰুকালিৰ চৌধুৰীৰ প্ৰতিচ্ছবি ভাঁহি উঠিল।-
যোৱা বছৰৰ তুলনাত
এইবছৰ ৰঙাবোৰ কম হ'ব,
সৰাপাতৰ ভাৰখনৰ ওজন
এইবাৰ বেছি হ'ল বুলি তইটো জানই!
অহাবাৰলৈ জোলোঙা ভৰাই ৰঙা
আনিম, কেৱল ৰঙা...
তই দুগালত সানিব পৰাকৈ,
দুচকুত আঁকিব পৰাকৈ,
তোৰ আকাশ ৰাঙলী কৰিব পৰাকৈ...।
এইবাৰ মোক ভুল নুবুজিবি ,
অহাবাৰলৈ সৰাপাতৰ ভাৰখনৰ
ওজন কমোৱাৰ প্ৰয়োজন আছিল...।
ৰঙাখিনিৰ ঠাইত এইবাৰলৈ
সৰাপাতৰ টোপোলাটোৱেই ৰাখি থ'।
অহ্...মই উলটিবৰ পৰত তোৰ বুকুৰ
বাতৰি লৈ যাম এবাৰ, সৰাপাতৰ দমটো
ভালকৈ শুকুৱাই থ'বি...
স্মৃতি দহনৰ জুইকুৰা দপদপকৈ
জ্বলিব লাগিব...,
অহাবাৰলৈ ৰঙাবোৰ সামৰিবলৈ
তই জানো সাঁজু হ'ব নালাগিব ?
-
#প্ৰশ্ন
১) সফল নোহোৱাৰ ভয়ত দেখিবলৈ আৰম্ভ কৰা সপোনটো আঁকুহি পেলোৱাৰ দুখে আৱৰি ধৰিছে কেতিয়াবা ?
২) আত্মসন্মানৰ টোপোলাটি একাষে থৈ কাৰোবাৰ সন্মুখত মৰমৰ ভিক্ষা খুজি পাইছেনে ?
৩) নিজৰ সৰ্বোচ্ছ দিয়াৰ পিছতো যুক্তিহীন কথাৰে আপোনাক পতিয়ন নিয়াবলৈ কৰা অহৰহ চেষ্টাৰ সন্মুখিন হৈছে কেতিয়াবা ?
৪) নিজকে মূল্যহীন অনুভৱ হৈছেনে কেতিয়াবা ?
৫) জীৱনৰ প্ৰতি বিতৃষ্ণা জগা নাই জানো আপোনাৰো কেতিয়াবা ?
৬) শেষত আপুনিয়েই নিজে নিজকে সামৰি নতুনকৈ গঢ় দি, জিলিকা হাঁহি এটি পিন্ধি নিশব্দে আওঁৰোৱা নাই জানো কেতিয়াবা - " এয়েটো জীৱন ! "-
কৃষ্ণচূড়াৰ দলিচা ভেদি
গ'লগৈ বাটৰুৱা...
যোৱাৰ পৰত দুচকুৰে
বিচাৰি ফুৰিছিল,
পথৰ দাঁতিত ৰঙাবোৰ সাৱটি
আছে নেকি আজিওঁ
তাহানিৰ তেজিমলা...!-