Charm of your smile
Made me
Fall for you....-
ডাৱৰৰ বুকু ফালি
বৰষাৰে টোপালে
কৰিলেহি মন উতলা
আনিলেহি বুকুলৈ
তোমাক এবাৰ পাবলৈ হেপাহ ।।-
অণুগল্প (১৭)
*মান*
"ঐ..ক'ত সোমাব লৈছ..যা ইয়াৰ পৰা.."
চ'কিদাৰৰ চিঞৰ শুনি সি আৰু গেইটৰ ভিতৰ নোসোমাল।
ওখ ওখ দেৱালৰ মাজে মাজে থকা সৰু সৰু ফাঁক কেইটাৰে সি চালে...এসময়ত সি সাৰ মাটি দি ৰুৱা ফুল পুলিৰে এতিয়া বাগানখন বেচ চকুত লগা হৈছে।
শ্বাশ্বতী দেৱী-
অণুগল্প (১৬)
*আবেগৰ জোৱাৰ*
মঙলুৰ বাবে পৰিয়ালৰ মানুহে কইনা ঠিক কৰিছে। অহা আঘোণত বিয়া। কথাখিনি শুনি বুদ্ধেশ্বৰীৰ মনটো বৰ ভাল লাগিল... কিন্তু হঠাৎ বুকুৰ কোনোবা এটা কোণত যেন এটা বিষ অনুভৱ কৰিলে তাই । ইমান দিনেই যে মঙলুৱে তাইক লৈ দেখা সপোনবোৰৰ কথা কৈ আছিল কিন্তু তাই .........তাইটো তাক বন্ধু বুলিহে ভাবিছিল......তেনেহ'লে আজি ......আজি এয়া কি অনুভৱ কৰিব লৈছে তাই.....???
শ্বাশ্বতী দেৱী-
অণুগল্প (১৪)
*ভাগ্যৱতী...??*
এজন সফল বিজ্নেছ মেনৰ পত্নী হোৱাৰ লগতে সমাজৰ এখন প্ৰতিষ্ঠা সম্পন্ন ঘৰৰ বোৱাৰী সঙ্গীতা । ঘৰখন ধনে ধানে ভৰপুৰ। সেয়েহে বহুতেই তাইক ভাগ্যৱতী বুলি কয়। শাহুৱেকে প্ৰায় কয় ," খাব নোপোৱা ঘৰৰ পৰা আহি যে ৰাজ অট্টালিকা পাইছে..... ভাগ্যৱতী নহয় নো কি..?...."
গিৰিয়েক সমীৰেও ভাল ভাল খোৱা বস্তু আনিলে তাইক আগবঢ়ায় দি প্ৰায় কয় ,"হু লোৱা, এইটো খাই চোৱা...আগতে নো ক'ত খাব পাইছিলা..... ভাগ্য খন সঁচাই ভাল কিন্তু তোমাৰ...."
তাইৰ ও মনটোৱে প্ৰায় কৈ উঠে , "এৰা.. ভাগ্যৱতী.......!!!!!.."
শ্বাশ্বতী দেৱী-
অণুগল্প (১৩)
অসম্ভ্ৰম
নিবিড়ৰ তাইৰ প্ৰতি অপমান সূচক কথাৰ প্ৰত্যুত্তৰ দিওঁ বুলিও তাই ৰৈ গ'ল । "নাই....কথা বঢ়াই লাভ নাই "....মিছা মিছি এখন কাজিয়াৰ সূত্ৰপাত হ'ব বুলি তাই মনে মনেই থাকিল ।
------------
"তোমাৰ দেউতাৰাৰ মূৰটোত কিবা আছে নে ? জোঁৱায়েকৰ লগত কেনেদৰে কথা ক'ব লাগে নাজানে নেকি?"
নিবিড়ৰ এইষাৰ কথাত তাই সমানে চিঞৰী প্ৰত্যুত্তৰ দিলে....দেউতাকৰ অপমান তাইৰ সহ্য নহ'ল ।
শ্বাশ্বতী দেৱী-
অণুগল্প (১২)
সহানুভূতি
বজাৰৰ পৰা আহি নৃপেন পোনে পোনে চন্দনৰ ঘৰলৈ গ'ল । কান্দি থকা নিজৰ কণমানিজনীলৈ দেখুৱাই দি চন্দনে গহীনাই ক'লে " আজি ৰাতিপুৱাৰে পৰা একো এটা পেতত পৰা নাই, মইটো পেতত গাঁথি মাৰিও থাকিব পাৰোঁ কিন্তু পোৱালিটোক........"
নাৰিকল যোৰ বেছি পোৱা টকা কেইটা নৃপেনে চন্দনকে দি আহিল ।
" হওক দে , মইটো এদিন নোখোৱাকৈও থাকিব পাৰিম..... অন্ততঃ কণমানিজনী ভোকত থাকিব নালাগে..." নৃপেনে মনতে ভাবিলে।
শ্বাশ্বতী দেৱী-
_অণুগল্প_(১০)
*বৈধব্য*
" তেওঁ নালাগে নেকি..... বিয়াৰ কথা টো..."
বগা সাজযোৰ পিন্ধাৰে পৰা সমাজত যেন অৰুণাৰ স্থান সলনি হ'ল। কিছু অনুষ্ঠানত নিমন্ত্ৰণ নাপায় আৰু কিছুমানত অপমান সূচক আৰু হৃদয়ত কষ্ট পোৱা কথা শুনিবলৈ পায়।
" বা , সৰুৰে পৰা মোক স্কুল , কলেজ নাইবা যিকোনো কামলৈ যাবলৈ তইয়েই সাজু কৰিছিলি। আজি মাহ হালধি খিনিৰে মোক মোৰ নতুন জীৱনটোলৈ সাজু কৰি নিদিয় নেকি...? "
ভনীয়েকৰ প্ৰশ্নত অৰুণাৰ চকু সেমেকি উঠিল।
শ্বাশ্বতী দেৱী
২৫/০৫/২০২৩-