তোমাক মোৰ ভাল লাগে 😊
কিন্তু ভাল লাগে বুলি
ক'বলে মোৰ ভয় লাগে,
জোনাক ভৰা আকাশত
তোমাৰ অনুভৱ বুকুত বান্ধি
তৰাৰ সৈতে গণো ক্ষণ।
কল্পনাৰ ৰহণত যেন
তুমি মই এক বাস্তব।
মই হেৰুৱাইছো
প্ৰেম সমুদ্ৰৰ ঢৌৱে
উটুৱাই নিয়া মোৰ মনটোক,
নৈখনৰ এইটো পাৰত মই
আৰু আনটো পাৰত
তুমি আৰু মোৰ সমস্ত সুখ।
নৈখনৰ পাৰত বহিয়েই
তোমাৰ মোৰ অজান
দূৰত্ববোৰ ৰোধ কৰো।
নদীৰ ঢৌৰ সৈতে
মৰমবোৰক পঠিয়ায় দিওঁ,
কিজানিবা তোমাৰ কিবা
সহাঁৰি পাওঁ।
মই প্ৰতীক্ষা কৰিছো
সেই দিনটোলে
যিদিনা তুমি সহাঁৰিৰ
নাওখন মেলি দিবা
মোলৈ বুলি.....॥
✍সংগীতা
-
তোমাক মোৰ ভাল লাগে 😊
কিন্তু ভাল লাগে বুলি
ক'বলে মোৰ ভয় লাগে,
জোনাক ভৰা আকাশত
তোমাৰ অনুভৱ বুকুত বান্ধি
তৰাৰ সৈতে গণো ক্ষণ।
কল্পনাৰ ৰহণত যেন
তুমি মই এক বাস্তব।
মই হেৰুৱাইছো
প্ৰেম সমুদ্ৰৰ ঢৌৱে
উটুৱাই নিয়া মোৰ মনটোক,
নৈখনৰ এইটো পাৰত মই
আৰু আনটো পাৰত
তুমি আৰু মোৰ সমস্ত সুখ।
নৈখনৰ পাৰত বহিয়েই
তোমাৰ মোৰ অজান
দুৰত্ববোৰ ৰোধ কৰো।
নদীৰ ঢৌৰ সৈতে
মৰমবোৰক পঠিয়ায় দিওঁ,
কিজানিবা তোমাৰ কিবা
সহাঁৰি পাওঁ।
মই প্ৰতীক্ষা কৰিছো
সেই দিনটোলে
যিদিনা তুমি সহাঁৰিৰ
নাওখন মেলি দিবা
মোলৈ বুলি.....॥
✍সংগীতা
-
নিশাৰ বুকুত নিসংগতাৰ ছায়া😐
মায়াৰ ৰহণ সানি তেওঁ যেন
দূৰৈৰ পৰা আহি মোৰ মৰমবোৰক
আলিঙ্গন কৰিব আৰু ঠিকনাবিহীন মৰমবোৰক ঠিকনা দিব,
মাজ নিশা লাজৰ জেওৰা ভাঙি
যেন চেঁচা শৰীৰত চুমা আঁকিব,
মৰম সৰগখনি তৃপ্তিৰে ভৰি পৰিব,
চেনেহ পৰশত ভৰি উঠিব
গাভৰু হিয়াৰ গভীৰ কামনা ।
উন্মাদ হিয়াৰ বাসনাবোৰে জিৰাব
ৰজনীৰ বুকুত ,এন্ধাৰৰ প্ৰশ্ৰয়ত
প্ৰেম আৰু প্ৰেমিকাৰ পৰশত।
✍সংগীতা-
একাপ চাহ আৰু বিস্কুটৰ সম্পৰ্ক:
চাহ কাপৰ উষ্ণতাত যদি বিস্কুটখন বেছিকৈ ভিজি যাই তেতিয়া সেই বিস্কুটখন কাপৰ তলত পৰি ৰ'ব,
থিক তেনেদৰে তুমিও যদি কাৰোবাৰ প্ৰেমৰ গভীৰতাত বেছিকৈ তিতি যোৱা এদিন সেই বিস্কুটখনৰ দৰেই তলত পৰি ৰ'বা।
-
বষুণৰ টোপালবোৰে
চেঁচা কৰিলে ধূসৰ ধৰিত্ৰীক,
ধুলিময় ধৰিত্ৰীক স্বচ্ছতাৰ
শুভ্ৰ বস্ত্ৰ পিন্ধালে।
পৰা হ'লে এইজাক বৰষুণতে
মইও মোৰ হিয়াখনক ধুই পেলাই
ধূসৰ স্মৃতিবোৰক বিদায় দিলোঁহেতেন,
এইজাক ধুমুহাৰ মাজতেই
এৰি দিলোঁহেতেন অন্তৰৰ
সুপ্ত কোণত লুকাই থকা দুখবোৰক,
শান্ত হ'লহেতেন মোৰ মনৰ পদূলি,
স্মৃতিবোৰক ধুমুহাৰ পাকৰ মাজত
বিদায় দিব পৰাহেতেন,
তুমি নামৰ পৃষ্ঠাটোৰ পৰা
চিৰমুক্তি পালোঁহেতেন।
কিন্তু স্মৃতিবোৰক ধুলিসাৎ
কৰিব পৰা সাহস
মোৰ নাই বাবেই
মই তোমাৰ ব্যৰ্থ প্ৰেমিকা।
-
বহাগ পালেহি পদুলি
নাচনীৰ নাই আহৰি,
গছে-বনে,ফলে-ফুলে
দিছে নতুনৰ বাতৰি,
ঢোল-পেঁপা,গগণাৰ মাতে
চাৰিওদিশত লগাইছে খদম্-দমনি,
পিঠা-পনা,দৈ-চিৰাৰ সুবাস
প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে,
ঢুলীয়াৰ চকুত নাই ঘুমটি
কাৰণ নাচনীয়ো যে হৈ
পৰিছে নবহাগী ॥
-
গছৰ ডালত বহি কুলিয়ে
বিনাইছে নতুন বছৰৰ আগমনত
আৰু পিৰালিত বহি মানৱে
বিনাইছে চেনেহৰ বহাগীক
নপতাৰ দুখত......॥-
এজাক বৰষুণ
আৰু তোমাৰ মোৰ
প্ৰেম.....
বৰষুণৰ সেই কঠিন
টোপালৰ দৰে বুকুত
দকৈ ঠাই লৈছিলা,
বৰষুণৰ সেই চেঁচা
আমেজেৰে বুকুত
শিহৰণ তুলিছিলাঁ,
আবেলিৰ ৰ'দালিৰ
দৰেই মিঠা আশাৰ
বতৰা কঢ়িয়াইছিলা,
আৰু সুৰুযৰ তাপ
সদৃশ হৈ মোক দহিত
কৰি আঁতৰি গৈছিলা।
এয়াই অসীম প্ৰেমৰ
এখন অফুৰন্ত কলিজাক
ছাই কৰি দিয়া দুৰন্ত প্ৰেম।
✍সংগীতা-
এজাক বৰষুণ
আৰু তোমাৰ মোৰ
প্ৰেম.....
বৰষুণৰ সেই কঠিন
টোপালৰ দৰে বুকুত
দকৈ ঠাই লৈছিলা,
বৰষুণৰ সেই চেঁচা
আমেজেৰে বুকুত
শিহৰণ তুলিছিলাঁ,
আবেলিৰ ৰ'দালিৰ
দৰেই মিঠা আশাৰ
বতৰা কঢ়িয়াইছিলা,
আৰু সুৰুযৰ তাপ
সদৃশ হৈ মোক দহিত
কৰি আঁতৰি গৈছিলা।
এয়াই অসীম প্ৰেমৰ
এখন অফুৰন্ত কলিজাক
ছাই কৰি দিয়া দুৰন্ত প্ৰেম।
✍সংগীতা-