GCCৰ ওখ ল'ৰাজন..
GCCৰ সৌ যে ওখ ল'ৰাজন
কিবা নাম অাছিল তাৰ
বৰ ভাল লাগে
নীলাকৈ সাগৰ গভীৰ চকু আৰু
হাহিঁলে পৰা গালৰ ডিম্পলটো
উফ...মাথা হেঙ মাৰি যায়..
নিতৌ যাও চান্দমাৰী ব্ৰীজলৈ
সন্ধিয়া ৭ বাজিল কি নাই
বুকুৰ ধপধপনি বাঢ়ি যায় মোৰ
ব্ৰীজখনৰো যে কি মায়া
চিধা অন্তৰৰ পৰা শব্দৰ বৰষুণ
তাতেই তোমাৰ সেই বাগৰি পৰা হাহিঁ...
ভাবো কেতিয়াবা আগভেটি ধৰি জেৰা কৰিম
"তুমি ক'ত সাহস পালা মোৰ
টোপনি হৰিব?
তুমি ক'ত সাহস পালা মোৰ
শব্দ আজুৰিব
তুমি ক'ত সাহস পালা মোৰ
প্ৰতিটো কবিতা,প্ৰতিটো গল্পৰ
কাহিনীৰ আঁত ধৰিব?
আৰু সাহস গোটাই ক'ত সাহস পালা
মিচিকিয়া হাহিঁ মাৰি ক'ব
-excuse me..side please"
মোৰ তেতিয়া চিয়ঁৰি কব মন যায়
"চাইড লাগিবলৈ তোমাৰ ভাল পোৱা নাই
তোমাৰ চাইডত থিয় হ'বলৈ তোমাক
ইমান ভাল পাইছো।"
থাকক...মৰমৰ প্ৰতিদান নিবিচাৰো
মাথো আজীৱন তোমাৰ হাহিতেই বিলীন হব খোজো॥-
জু তিনিআলিৰ সেই মায়ালগা সন্ধিয়া..
ডিচেম্বৰৰ শীত আৰু প্ৰেমৰ গীত
আহ..কি যে মজা..
আৰু তাতেই তিনিআলিৰ
সেই মায়ালগা সন্ধিয়া..।
আৰু আপোনাৰ প্ৰেমৰ মালিতা...॥
ঘনাই অহা যোৱা মোৰ আপোনাৰ আগে,
আপোনাক চাবলে নহয়
মিঠাই-কফী খাবলে,
(বুলি মই মানুহক কও)!
কিন্তু আপোনাৰ সন্মুখত এটি বেকা চাৱনি
আৰু মিচিকিয়া সুপ্ত হাহিটি,
কেতিয়াও নোহোৱা হবলৈ নিদিও..।
ভয় লাগে চকুত চকু থবলৈ
কিজানি আপুনি মুখখন ঘূৰাই দিয়ে,
কিজানি আপুনি সেই হাহিটি আৱদ্ধ কৰে,
বেকা চাৱনিৰে শাঁত পেলাও অন্তৰ
অন্ততঃ আপুনি দুৱাৰডলিত থাকে॥
লগৰ বোৰে জোকায়
মই বোলে প্ৰেমত পৰিছো..
হাহা...এতিয়া কেনেকৈ বুজাও চবক!
প্ৰেমত তো মই সদায়েই পৰো,
মাতাল তো মই সদায়েই হও,
কিন্তু আপোনাৰ হাহিটিয়ে
মোৰ টোপনি হৰিলে...।
সদায় যাও তিনিআলিৰ সেই দোকানখনলে
সদায় যাম তিনিআলিত আপোনাক চাবলে
মাথো এটি হাহিঁ মাৰি আদৰি চাবচোন
ইয়াতকৈ বেছি কি লাগে আপোনাৰ প্ৰেমত পৰিবলে॥
-
অ'ই ছোৱালী
কিনো চাৱনি অ' তোৰ
চালা বুকু ভেদি আৰ পাৰ হৈ যায়
তথাপি হেপাঁহ নপলায়॥
কি ভাবিছ তই
এনেকৈ চুলি মেলি ঐশ্বৰ্য হবি
নে ককাঁল ভাঙি মাধুৰী হবি
তোৰ যে এই চালবোৰে মোক দেৱদাস বনালে
লগতে বনালে এই অতৃপ্ত কবি।
এই যে মটক মটক খোজে
তই কলেজ আহ'
জাননে তোৰ এটি এটি খোজে
অন্তৰত জোৱাৰ তোলে
৩-৪ ইন্ছিৰ হিলজোৰে
বুকুৰ ধপধপনি বঢ়াই তোলে।
মন যায় মোৰো 'om shanti om'ৰ দৰে
তোৰ দোপাট্টা ধৰি
গোটেই কলেজ ঘূৰিব
পিছে তই যে আকো ইংৰাজী ষ্টাইলত
দোপাট্টা ডিঙিত পকাই ল',
কেতিয়াবা এনেকুৱা লাগে
সেই দোপাট্টাৰ টান মুঠিত নিজক ওলোমাম
তোৰ কাষত,তোৰ হাতত
পিছে তোৰ আকৌ সেই আশীকবোৰ আছে নহয়;
চালা কিবা খঙ উঠিব
কবীৰ সিঙ হৈ মহতিয়াম চবকে
পিছে তই যে প্ৰীতি নহয়
চৰ নেমাৰি নমতাকৈ আতঁৰি যাবি
আৰু তেতিয়াই হয়তো এই হিলৰ খট্খট
আৰু মোৰ বুকুৰ ঢকঢক
চিৰদিনলে বন্ধ হৈ যাব..॥-
:পূজালে বুলি কি কিনিছা মোৰ বাবে
:তুমি কোন..কি লাগে
:হাহা....এই ছাৰ্ট টো কেনেকুৱা লাগিছে?
:মোৰ choice সদায় ভাল আছিল
:এৰা...ভালেই...এবছৰ এইটোৰে কটালো..এইবাৰ পূজাত নিদিয়ানে একো
:মৰমবোৰ আগৰ দৰে থকাহেতেন এইটোৰে আৰু দিন নিয়াব...
:মজ্জা....তেনেহ'লে এই ছাৰ্টটো মোৰ গোটেই জীৱন চলি যাব...best puja gift ever mrs.ex❤
:বহুত ভাল লাগে ন' এই শব্দটি?
:এৰা ছোৱালী...সম্পৰ্কবোৰ বজাই ৰাখিবলৈ পৰিস্থিতিয়ে কিছু উপাধি স্বয়ংক্ৰিয় ভাৱে মূৰত সোমাই দিয়ে😊😊-
প্ৰেম নহয় যেন অনুৰাগ
ভয় নহয় যেন সন্মান
নহয় ই কোনো কবিতা
নহয় যে ই এটি গান
শব্দৰে সৈতে প্ৰেম বহু দেখিছো..
কিন্ত প্ৰকৃতাৰ্থত শব্দৰ প্ৰেমিক জানো দেখিছিলো??
নেদেখা বুলি কোৱাৰ ধৃষ্টতা মোৰ নাই
নাই তেওক উলাই কৰাৰ সামান্য হিম্মত
কিন্তু শব্দৰে তেওৰ প্ৰেমৰ গভীৰতা
আৰু বৰ্ণৰে তেওৰ বান্ধোনৰ আকুলতা
যেন জোকাৰি নিছিলে সমগ্ৰ হৃদয়
আৰু নভাবাকৈয়েই বান্ধি পেলাইছিলো মোৰ
প্ৰিয় কবিৰ পুষ্প মালিতা...
বিশেষ দিন বুলি বিশেষ ভাবে নিলিখো
কবিতা অথবা গান
অথবা নিলিখো কোনো গভীৰ সাহিত্যৰ
অলংকাৰ সজ্জিত স্তৱক..
লিখি যাওক এইদৰেই স্বাধীনভাৱে
তাৰেই কামনা
বাকী মাথো দিবলে থাকিল
জন্মদিনৰ শুভেচ্ছা..
বাধ্যতামূলক ক'বলে হ'লে কম মাথো এয়াই
সদায় জন্ম হওক এজন বেদান্ত হাজৰিকা
সদায় জিলিকি থাকক এই শব্দৰ জালিকা
এই অনুৰাগীৰ ফালৰ পৰা
এয়াই আপোনালে ক্ষুদ্ৰতম নিকৃষ্ট তৌফা..
-
সপোন সপোন যেন আজি সকলো
হাতত কলম মোৰ আৰু
চকুত মাথো দুটোপাল চকুলো..
কি যে কৰো উপায়বিহীন মই
অতীতৰ ছবিখনৰ নষ্ট নায়িকা মই
কবলে মন গৈছে বহুতো কথা
অন্তৰ খুলি পঢ়িবলে
মোৰ হৃদয় গাথা
কিন্তু মই যে নিৰূপায়...
আজি তোমাৰ এই বিশেষ দিনৰ
বিশেষ আয়োজনত
সমান্তৰালকৈ কেন্ডেল ফুৱাবলে
মই যে কাষত নাই
ৰমক জমক কোঠালী আৰু
দামী দামী কেকৰ
মুখ্য অংশীদাৰ হ'বলে
মই যে ওচৰত নাই
জানো তুমি কেতিয়াও অনুভৱ নকৰা
এই বিষাদ অনুভৱ
নুবুজিবা তুমি কেতিয়াও
মোৰ আকুল মন
তথাপি জানো কিয় মোৰ চন্চল মন
টানি আছো মাথো মোৰ
আগুওৱা হাতখন
বোলাব যেন এতিয়াই গৈ মোৰ কীপেডত
"ওপজা দিনৰ অলেখ শুভকামনা
ৰাখিবা দেই নিজৰ যতন"
-
অনুভৱী
নিজান পৃথিৱীৰ অজান তুমি
আৰু
জাগ্ৰত পৃথিৱীৰ নিদ্ৰাহীন মই
জানো কেনেকুৱা এয়া মিলন
মৰিচীকাৰ পম খেদি বিচাৰিছিলো
মোক,মোৰ সপোনক
ধ্বংসস্তুপৰ বিসৰ্জন দিব দৌৰিছিলো
কঢ়িয়াই ব্যাকুল হাহিঁৰে আকুল মন
অনন্ত যেন মোৰ এই গতি
কিন্তু হঠাৎ তোমাৰ আগমন
নোকোৱাকৈ নোচোৱাকৈ নুবুজাকৈ
কৈছিলা অলেখ কথা
চাইছিলো হেপাহ পলুৱাই তোমাক
আৰু বুজিছিলো তোমাৰো আকুলতা
এনেকৈয়েই হয়তো আগুৱাইছিলো
নতুনত্বৰ দিশে
নতুন জীৱনৰ বাটে
হাতে হাত ধৰি জীৱন জীৱনলে
কিন্তু মাজে মাজে যেন ৰৈ যোৱা থমকি
ঢিলা হৈ পৰে মোৰ হাতৰ মুঠি
এৰিবলৈকে ধৰা নাছিলো ও সোণ
এই দুহাত কেতিয়াও
সুখে দুখে মাত্ৰ সংগীহোৱাৰ এটিি
দুৰ্লভ সপোন দেখিছিলো
কব খুজিও যেন থমকো বহু কথা
চাব খুজিও যেন অন্ধ হও
তোমাৰ মোৰ প্ৰেমৰ গাথা
আজি জানো সচাকৈ তুমি মোৰ
সচাকৈ জানো মই তোমাৰ...-
অনুভূতি ইয়াৰ সুকীয়া..হেজাৰ জন আহে হেজাৰ জন যায়..কিন্তু ৰৈ যায় মাথো সেই অবিস্মৰণীয় স্মৃতিবোৰ..তোমাৰ মোৰ আৰু আমাৰ প্ৰেমৰ...পুলকিত কৰে সুখ মিহলি সপোনবোৰে..আৱেগ জগায় লুইতৰ পাৰৰ সেই সন্ধিয়াবোৰে..এটাই মাথো অনুৰোধ...উভতি আহা আকৌ..উৰো আগৰ দৰেই মুক্তমনে..আৱগিক হৈ পৰো নৈৰ পাৰে পাৰে..হাতে হাত ধৰি...জনম জনমলে
-
নিজান আবেলি..কুলু কুলু শব্দৰে গতি নৈখনৰ দূৰণিলে..চিপ চিপ পখীৰ চিয়ঁৰ...মলয়া বতাহজাকৰ কোমল আঘাত...মেঘালী চুলিটাৰী মোৰ অবিন্যস্ত..যেন উৰুৱাব মোৰ সত্বা..প্ৰকৃতিৰ সৌন্দৰ্যৰে বিনন্দিত হৈও যেন আধৰুৱা মই...চকুৰ চুলি আতৰাবলৈ তুমি নাই যে কাষত
-
অব্যক্ত
আজি জানো সচাকৈয়ে উতনুৱা মন
তোৰ বেনামী খেয়ালত
আজি বাৰু নভবাকৈয়েই পাগলী মই
তোৰ অভিমানী প্ৰেমত
জানো কেতিয়া কেনেকৈ এই মন
আজি মাথো তোৰেই মগন
নিচাসক্ত এইচকুযুৰি মাথো
তোৰেই সন্ধানত মৰম॥
চালা প্ৰেমিক নাছিলো কেতিয়াও
নাছিল কোনো আৱেগ
সুখী আছিলো..
কিয় যে হঠাৎ তোৰ পদাৰ্পণ
বাস্তৱৰ দোলাত দুলিছে মাথো
এসময়ৰ সপোন নন্দন কানন
কেউদিশে বছ বন তপোবন॥
কিয় আহিলি তই ইয়ালে
বৰ ভয়ানক ঠাই ও
কাল অতীতৰ অত্যাচাৰত ভগা
এখনি মাথো ভগা দাপোণ
হয়তো খোজে খোজে বিন্ধিব তোক
তেও খোজকাঢ়িবি ও সোণ
কাৰণ
এতিয়া মাথো তইয়েই যে মোৰ আপোন॥-