সাৰঙ্গ সৰ্বানন্দ অসম নেওগ  
30 Followers · 21 Following

Joined 17 August 2018


Joined 17 August 2018

আমিবোৰ দীপাৱলী ৰ ব'ম
------------------------------

খক বোৰ শেষ নকৰাকৈ
আদৰ্শ জানো জীয়াই ৰাখিব পাৰি?
ৰাম ৰাজ্যৰ?
নহয়, নোৱাৰি!!
এই পৃথিৱীত ভিৰ বেছি
বেইমান ৰ বজাৰত,
দুৰ্নীতিবোৰ কংক্ৰিত খোলাৰ শামুক
ৰাজ শাসন চণ্ডাল ৰ চাবুক।
কোববোৰ কমিছন,
মূল্য বৃদ্ধি আৰু ধৰ্মীয় মেৰুকৰণ ।
ৰাজআলি চুৱা হয়,হত্যা হয় আদৰ্শৰ
ক্ষমতাৰ বাবে।
জন্ম হয় খকোৱাৰ ।
চৌদিশে দপদপনি
সভ্য সমাজৰ হিংশ্ৰ জনোৱাৰ।
দেখি শুনি আমি নিৰ্বাক
মুখ বন্ধা , নকওঁ মূৰ্দাবাদ
আমাৰ বাবে আমাৰ জীৱন
সদায় জিন্দাবাদ
জীৱন জিন্দাবাদ.....!!

---সাৰঙ্গ

-



বুকুত বৰ নদী উজাই
-------------------------


সময় বোৰ জটিল আছিল,
দিন বোৰ গধূৰ।
মুখা বোৰে ঢাকি ৰাখিছিল মুখ বোৰ
চিনিব পৰা নাছিলোঁ মানুহ।
লাহে লাহে চিনি পালো তেওঁলোকক 
পিছে সহজ হব নোৱাৰা হলো 
নিজৰ লগত ।

এতিয়া...
সোঁৱৰণীৰ সোঁতত 
মানুহ আহে আৰু যায় 
কথাৰ ঘাঁ হে নুশুকাই 
সেয়েহে আজিও 
বুকুত বৰ নদী উজাই ।।

       ---     সাৰঙ্গ  

-



নিস্বাৰ্থ প্ৰেম যদি তোমাৰ সাধনা হয়
তেন্তে তাৰ ফচল কেতিয়াও
বিচ্ছেদ নাইবা ত্যাগ হব নোৱাৰে।

- সাৰঙ্গ

-



প্ৰকাশ কৰিব নোৱৰা বোৰ
বুকুৰ হুমুনিয়াহ হিচাপে জাপ খাই ৰৈছে
বুকুৰ মাজতে।
কেতিয়াবা অজান বিষ এটা
উথলি আহে
কোনেনো বুজিব
এইয়া যে কবলৈ নোৱৰাৰ বেঠা।

K.K

-



নাপাতো তেনেকুৱা দেৱালী
য'ত জীৱনটো পোহৰ কৰিবলৈ
তুমিয়েই কাষত নাই😀😀

-



জীৱনৰ দৰদী বাট
চকুলো ৰে পিছল
ষ্ট্ৰাইক, ধৰ্ণা অনশন

-



মস্তিষ্কৰ যুজঁ

বিষন্ন মনত ,আচ্ছন্ন তন্দ্ৰা
সেমেকি উঠিছে
চকু মেলি চোৱা!
দুবাহুৰ বন্ধনত
সুখী হোৱাৰ ব্যৰ্থতা ,
প্ৰাপ্তিৰ উশাহ ত
শেষ হোৱা স্বতন্ত্ৰতা
যেন পৰিপূৰক মৃত্যুৰ
উন্মাদ কথকতা......।

...... সাৰঙ্গ

-




শেষ পৰিণতি

তুমি দি যোৱা প্ৰেমৰ
বিক্ষিপ্ত জেহাদ
মই জীয়াই থকা
যন্ত্ৰণাৰ সোৱাদ।
সময়ে কৈ যায় ,
স্মৃতি য়ে ৰিঙিয়াই,
জীৱনে মাথোঁ কান্দে,
প্ৰতাৰণাক ধিয়াই৷

--সাৰঙ্গ

-



শেষ হোৱা ফিৰিঙতি
------–------––---------

মোৰ পৃথিৱীত আজি হতাশা ৰ ৰেঙনি
ভাল পোৱাৰ আবেগ টাং গুটি হেতালী,
বিফলতাৰ আদিপাঠ ,
আজি মই জীয়াই থকাৰ বুনিয়াদ।
বিশ্বাস ৰ পাৰ ভঙা বিস্ফোৰণ,
হৃদয়ত আলোড়ন,উৎপীড়ন
প্ৰতাৰণাৰ প্ৰতিষ্ফলন,
বুজিবলৈ কঠিন ,
পৰিস্থিতি মায়াবী পৃথিৱীৰ
মায়াবী ডেউকা।
সেয়ে কৰিব লাগিব নস্যাৎ
স্বকীয় প্ৰেমৰ সত্বা।

-- সাৰঙ্গ সৰ্বানন্দ

-



তোমাৰ চৰণ সেৱাৰ গোবিন্দ
নাজানো একো উপায়।
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যোৱাই।।

-


Fetching সাৰঙ্গ সৰ্বানন্দ অসম নেওগ Quotes