9 OCT 2019 AT 22:05

শৰতৰ অনুভৱ

শেৱালিৰ সুবাস
শাৰদীয় আকাশ
জোনাক মাথো জোনাক
নৈৰ নিজান ঘাটত
কঁহুৱাৰ নাচোন
কোনেও নাজানে
কোন কাৰ আপোন
কেনেকৈ ভাঙে সপোন
প্ৰেম মানে কি?
এখন ধাৰাল কটাৰী
কাটি যায় হৃদয়
বুকুৱে বুকুৱে বয়
নেদেখা তেজৰ স্ৰোত
হেৰাল সুবাস
হেৰাল জোনাক
মেঘে ঢকা আকাশ
মনত মোৰ শাৰদীয় উদাস

-