ধুসৰ আকাশত ডাঠ কুঁৱলীৰ প্ৰলেপ
ক্ৰমশঃ নীৰৱ পৃথিৱী,
জুহালত ফুটচাই দম বান্ধিছে
দীঘল বাট এটা শীতল হৈ পৰি থাকে
নিজানত সৰা পাতবোৰৰ
শব্দৰ প্ৰতিধ্বনি,
বাৰে বাৰে জী উঠো
বাসনাৰ চিৰ সুবাসিত
আলফুল অন্তৰংগতাত।
-
ৰাতিৰ নিজান ঘাটত
ৰু ৰুৱাই বাজি আছে
চৌসেৰীয়া বাঁহীৰ কল্যাণ ৰাগ
ৰিণি ৰিণি ভাহি অহা বাঁহীৰ সুৰত
তোমাৰ মাতকে শুনিলো
বুকুত বাজি আছে তাৰ অনুৰণন
তুমি গ'লাগৈ অকলে
এৰি থৈ মোৰ বুকুত খৰিকাজাইৰ সুগন্ধি
মোৰ সত্তাৰ ভিতৰে বাহিৰে এতিয়া
তোমাৰ প্ৰেমৰ অভিমানী উত্তাপ্-
নিসংগ বুকুত অযুত তন্দ্ৰালসী সপোনৰ
বৰষুণ সুৰীয়া খিল খিল হাঁহি,
সুখৰ বুলবুলি উৰুৱাই
প্ৰেম আহে সংগোপনে
নিৰ্জনতাৰ সোঁৱৰণিত তুমি এটি প্ৰচ্ছায়া
আৱৰি আছা চৌপাশ
বৰষুণৰ কিন কিন শেতেলিত
চুই চোৱাৰ অনুশীলন ৰাঙলী বেলি।
সৰিয়হ ফুলীয়া আবেলি বোৰ জীপাল
তোমাৰ প্ৰেমৰ জিৰ জিৰ সুবাসত
এন্ধাৰ পোহৰৰ কেনভাচ।
কালিয়নী পাৰত সন্ধ্যা নামিছে
ফুল ওপচা আশাৰ দুয়োকুল
অভিসাৰী নিশাৰ বুকুত
পঢ়িব পাৰি মৰমৰ আদিপাঠ।
-
সকলোৰে জীৱনলৈ কেতিয়াবা এনেকুৱা সময় আহিব যে এজন সুহৃদ বন্ধুৰ বিশ্বাসী কান্ধৰ প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰিব
-
হালধীয়া সন্ধ্যাৰ নিবিড়তাত
আকাশ জুৰি নাচে অব্যক্ত অনুভৱ বোৰে
নীৰৱে সামৰি বেজাৰবোৰ
অনামী অনন্ত পথত সপোন আৰু শূন্যতা।-
হালধীয়া সন্ধ্যাৰ নিবিড়তাত
বসন্তৰ অন্তহীন আলাপ,
তৰাবছা বুকুৰ এন্ধাৰত
সপোন আৰু শূন্যতা
এজাৰবুলীয়া অৰণ্যত
উচুপনি বোৰে সাৰ পায়,
আকাশ জুৰি নাচে অব্যক্ত অনুভৱবোৰে।
-
কজলা আকাশত ৰাতিৰ ধ্ৰুপদী জোন
সাৰে থাকো সংগোপনে...
তন্দ্ৰালস চকুত অঁকা থাকে এখন ছবি
সপোনৰ সুৰুঙাৰে ৰাগ অনুৰাগৰ জুনুকা
অচিনা ঘাটত জীৱনৰ পালতৰা পানচৈ
হেঁপাহৰ পৃথিৱীত বিলীয়মান হৃদয়ৰ নিৰ্জনতা।-
নিসংগ বুকুৰ অন্তহীন নীৰৱতা
ছাঁ পোহৰৰ ফাঁকে ফাঁকে
তোমাৰ মৌনতা
কি দুখত ওফোন্দ পাতে
কুসুম কোমল অনুভৱ বোৰে
দৃষ্টিৰ আকুলতাত উদ্বাউল
মোৰ জেতুকা বুলীয়া উদাস দুপৰ।-
হঠাতে অহা কপাহগুটীয়া বৰষুণ জাকৰ দৰে
আহে প্ৰেম,
প্ৰতি ৰাতি তিতি থাকো
ৰিমঝিম ছন্দৰ চেঁচা বৰষুণজাকত।
খুলি যায় সংযমেৰে
বান্ধি ৰখা জোনাকী দুৱাৰ
গুচি যোৱা বৰষুণ জাকৰ দৰে
গুচি যাব পাৰে জানো প্ৰেম???
বৰষুণ জাকৰ দৰে তুমি গুচি গ'লা
হাতৰ তলুৱাত পৰি ৰয় অচিন বৰষুণ
প্ৰেমৰ গোপন কথাবোৰ
মই শুনি থাকো একান্ত সংগোপনে
বুকু ভৰি বাজি থাকে
বিজুলী আৰু বৰষুণৰ গান।
আঁতৰি গৈও আঁতৰি নাযায়
হালধীয়া বৰষুণত তিতা
খৰিকাজাইৰ সুগন্ধি
-
বন্ধু ওলাবাচোন এদিন
যাম অতীতৰ দিনবোৰ বিচাৰি
সেই নদীৰ ঘাটলৈ
মনত পেলাম সোণোৱালী দিনৰ স্মৃতি
মেলি চাম হৃদয়ৰ পৃষ্ঠাবোৰ
সময়ৰ চাকনৈয়াই
পাহৰাই পেলাইছে নেকি
বন্ধুত্বৰ নিভাজ অনুভূতি
ব্যস্ততা বোৰ সামৰি
আত্মমগতাৰে এদিনৰ বাবে
বুকুৰ সমস্ত ভালপোৱা
হাতৰ মুঠিত লৈ উন্মুক্ত কৰিম
হৃদয়ৰ নীলা বেদনাবোৰ
নৈপৰীয়া নিৰ্জন আবেলি
এজাক মৌ-মাখিৰ গুণগুণ
নাহৰৰ হালধীয়া পাতত
শূন্যতাৰ ভৰুণ বাট
ৰিঙা ৰিঙা বিষন্ন উপলব্ধি
উৰি যোৱা চৰাইৰ ডেউকাত
সপোন নুৰিয়াই
উভতি আহিম
যেন এজাক ফাগুনী চিলা-