I own the dawn!
-
সমস্তখিনি কঢ়িয়াই লৈ ফুৰিব
নোৱাৰা হ'লো নহয়, আমি!
ককাৰ মুখ,
আইতাৰ সাধুৰ টুকুৰাবোৰ,
ল'ৰালি, আৰু ক্ৰমশঃ জীৱন।
বন্ধু-শত্ৰু ...
কিছু আপোন কোনোবা পৰ।
প্ৰেম নে মায়া,
অলপ অলপকৈ মুচি যাব গৈ।
ৰৈ যোৱা লহমাবোৰ
ভাহি আহিলে,
বিৰিঙা অকণমান হাঁহিতেই শেষ
ওৰে জীৱনৰ স্মৃতিৰ সঁফুৰা।— % &— % &-
আঘোণৰ ৰ'দে ধলা চুবুৰীটো...
কণমানি পেহীৰ লগত
ৰগৰ কৰি আহিলো,
মুখত এটা হাঁহি লাগি আহিলে,
গোটেইচোৱা বাট ।
পিৰালিতে তামোল খুন্দি থকা
আইতাই সোধাত ক'লো -
'তোমাৰ নাতিবোৱাৰীয়ে
চুমা খাই পঠিয়ালে...'।-
আৰু শেষত ...
সকলো ভুল মোৰ বুলি মানি...
ভুলৰ দায়িত্ব প্ৰতিটো মূৰপাতি ,
নিঃশব্দে মানি ল'লো, নিৰৱধি...
তেওঁ গুছিগ'ল কোন-কাহানি ।
বহুদিন-বহুৰাতি ...-
মঙহ কাটি অঁকা
তোমাৰ নামৰ টাটু,
মচিবলৈ কাটিলো আকৌ মঙহ ।
তোমাৰ নাম অঁকা হৈ গ'ল
এইবাৰ বেছি গভীৰলৈ !
-
কিয়নো ...
মই মৃত্যুকৰ্ষক
আৰু ঋণতুলিকাৰ বিভ্ৰমমুখ
হেঙুলৰ শেষত নিৰ্বিবাদ ...-
শেষ বুলি ক'লেই শেষ
তোমাৰ-মোৰ,
আপোনাৰ সমস্ত আৱেগ !
নতুন যুগৰ আমি মানুহ
পুৰণি ভাঙি নতুন সাজো ।-
আউল নাই বুলি ভাবিলেও
শেষ নহয় কথা, যৌৱনৰ জঁট !
কেনেবাকৈ, কৰবাত,
কাৰোবাৰ বুকুৰ পাকখাই থাকিব অৱশেষ,
মাজে মাজে টান দিলে মগজুৰে যুঁজিব ...-
হিয়া উজাৰি,
কাগজৰ বুকুত আখৰ সিঁচি,
কলমেও ভাবে,
আচলতে সি পালেনো কি !
কাগজত আখৰ লাগি
তাহানিৰ কথাবোৰ কাহিনী,
চিয়াঁহী বাগৰি কলমৰ বুকু শুদা ...-
মেঘ নামি মানুহৰ বুকুত
জীৱনৰ গান গালে আলফুলে ,
মন ভাঙি আতুৰ কলিজাত
ফাগুন সিঁচি দিলে চিৰদিনলে ।-