Riyaz Rahul   (Riyaaz's blog)
167 Followers · 65 Following

read more
Joined 26 February 2019


read more
Joined 26 February 2019
26 MAR 2022 AT 22:19

বহুদিন ধৰি বাট চোৱাৰ অন্ততঃ
আজি বৰষুণজাক আহিছিল!!
ধাৰাষাৰ বাৰম্বাৰ…
কিন্তু ক'তা,
ভৱাৰ দৰেচোন একো ভাল নালাগিল?
আচৰিত?
গুণিছিলো বোলো
বলিয়া ফাগুণে পচোৱা কোবাই খৰাং কৰোঁতেই,
চ'তৰ বাৰিষাই বুকুখন তিয়াব,
বিষ দুখ উটুৱাই সকলো সামৰি লগতে নিব।।
সেমেকা নতুন সেউজত,হিয়া পুৰাই এক দীঘ…ল উশাহ ল'ম,
আৰু চকুভৰি সামৰিম তিতা চ'তৰ অপূৰ্ব সেউজীয়া!!
সপোনো দেখিছিলো জানানে,
এইবাৰ সজীৱ সতেজ ব'হাগক আদৰাৰ,
ঢোলে দগৰে ভিজা বননিত
হিয়া কঁপোৱা চেও তোলাৰ,
চোতালে চোতালে বোকা তুলি
এদেও দুদেওকৈ কঁকাল ভঙাৰ…!
ধেৎ ফাগুণ তই এতিয়াও অবুজ অ',
নুবুজিলি চোন মনটো মোৰ, আকৌ এবাৰ!!
ক'তা, চোতাল বুৰাই যোৱা
বৰ্ষাজাকেও নোৱাৰিলে সেমেকাব এই হিয়াৰ এজাৰ!!
ওফফ,
বহুদিনৰ পিছত আহিছিল অ'
বৰষুণ জাক, দুৰ্বাৰ !!!

-


21 MAR 2022 AT 8:50

जिंदगी...एक एहसास हो तुम...
बस सुबह की एक पियाली चाय
और शाम को बुलेट पे युही निकल जाना...
ऐसे ही खास हो तुम...!!

-


20 MAR 2022 AT 19:39

टूटा इतना हूं के बयान न होता अब,
बिखरा इतना हुं टुकड़ा वो न जुरता अब
अखिर किस आग के दरिये पे झूला हे
ये मोहब्बत मेरा...
जला इतना हूं के राख भी न मिलता अब !!


-


27 APR 2020 AT 4:11

বালিচাঁহী দেখিছা……
মিহি কণিকা যেন জিলিকা মাটিৰ তৰা!

ৰ'দে পাই জিলিকে
পোহৰ তিৰবিৰাই
হয়টো ৰঙীন কাহানিবা,
কেতিয়াবা ৰঙবিহীন কণা!

জীৱনটোও একে,
সাগৰ সদৃশ বিশাল, যদিও নহয় সম্পূৰ্ণ তোমাৰ
তৃপ্ত হ'বলৈ মাথোঁ শতাংশহে ভাগত অামাৰ।।

মৰুভূমিৰ মৰিচীকাত দিগভ্ৰান্ত
বালিচাঁহী ক্ষুদ্ৰাতি প্ৰাণ
সপোন অবিহনে, মৃত বাস্তৱৰ শ্মশান।।

মৰুভূমিৰ বালুদলিছাত অহং হেৰুৱাই
বিচাৰি যদি পোৱা নিজক উভতাই
তেহে সফল তুমি পথিক দিগন্তৰ,
সূৰুযমূখীৰ দেশৰ যাত্ৰা তোমাৰ
অবিৰত অনন্তৰ…

-


9 DEC 2021 AT 0:28

উজাগৰী এনিশাৰ কবিতা গাঁও আজি,
তমসাৰ এন্ধাৰ আঁতৰাই…
এটি দুটি শব্দৰে জোনাক সাঁজোচোন
এবুকু অনুভৱ সোঁৱৰাই…
স্মৃতিৰ দেওনা খুলি দিয়া আজি
উভৰি আহক অতীতৰ বান
ধুই নিয়ক হৃদয় মোৰ
পলস পেলাই এধান!
তোমাৰ ৰঙেৰে বোলাই
ছবিখন আঁকোচোন এবাৰ,
আকৌ বলিব দিয়া ফাগুন প্ৰেমৰ বতাহ
স্পন্দন বুলাই সজীৱ মৰম স্পৃহাৰ!
হ'ব দিয়া হিয়াৰ চাৰিআলিত
জীপাল তোমাৰ নামৰ আদ্দাবোৰ
সৰে কিজানি বকুল মোৰ মনসাৰ
কিজানি আঁতৰে অমানিশা
মোৰ হৃদয় অভ্ৰ নীলিমাৰ!
বেদনাৰ সূতাৰে বঁও দিয়া আজি
তোমাৰ নামৰ গামোছা
ৰিক্ত বুকুৰ তাঁতশালত
মাঁকোকে মাৰো এদেও দুদেওকৈ
পাৰি লৈ সেই অতীতৰ দলিছা!
বাঢ়ি অহা এই স্নেহৰ চুনামী
ৰোধোনো কেনেকৈ কোৱা,
নাই আৰু কোনো নিৰ্জু শান্তনা!
ধৱল প্ৰেমৰ তটিনী বৈ যাব দিয়া
নিৰভ্ৰ হিয়াৰ গগনত
তোমাৰে হৈ থাকিম
এই পণ লঁও আজি
ৰক্তৰঙা হৃদয়ৰ শপত!!

-


31 AUG 2021 AT 8:24

এই কাহিনী মোৰ কাহিনী…
বেপৰোৱা জীৱনৰ স্মৃতিসনা
এটি জীৱন্ত কাহিনী…
এটা গল্প ই,সন্ধ্যাৰ মাদকতাত ডুব যোৱা
আন্ধাৰৰ বিষাদৰ আৰু
শব্দবোৰেৰে গঢ়া জঞ্জীৰ
হৃদয় কোঠালৰ।
জৰাজীৰ্ণ অৱয়ৱ আৰু জহি যোৱা শ স্মৃতিক
লঁও দিয়া সাৱটি বুকুতে…
কিজানিবা বিছাৰি পাঁও
আশ্ৰয় মৰমৰ!!
ক'ত হে…যিফালেই বিছাৰিলো,
ভিক্ষা মাথোঁ অৱজ্ঞা,কাহানিবা সহানুভূতিৰ
অভাৱ কেৱল মৰমৰ!!
ঘৃণিতই কিজানি মোৰ অস্তিত্ব
কেৱে নাই হৃদয় প্ৰেমৰ
এয়ে মোৰ গল্প জীৱনৰ
প্ৰেমহীন পথৰ পথিক অঘৰী মই!!

শুনা,
এই মোৰ কাহিনী জীৱনৰ……

-


26 JUL 2021 AT 23:27

অনুভূতি সেমেকা আৰু উকা মোৰ হৃদয়ৰ কেনভাছ,
লুপ্ত হ'ব খোজা অস্তিত্বৰ ছাঁও হেৰালে
গধুলিৰ উকা মুকা আন্ধাৰত ক'ৰবাত!!
কবিতাই হওকচোন শেষ আশ্ৰয় বুলি
তুলি লৈ চিঞাঁহী কলম
আকোঁ বুলিও একো নোৱাৰিলো
শব্দবোৰো লুকাল কোলাহলৰ যন্ত্ৰণাত!
শব্দৰ সাগৰতে ডুব যাঁও যাঁওকৈ
ভটিয়াই যাঁওতেই
উভটিলো টুলুঙা নাঁৱতে মই!
বিছাৰিও ছন্দ হেৰাল
হেৰাল স্মৃতিৰ নৈ,
ঢৌবোৰ উঠোঁতেই সন্ধিয়া লাগিল
উলটিলো সুদা হাত লৈ!!
এটিয়া সুদা মোৰ কবিতাৰ জোলোঙা
হেৰাল এনেকৈয়ে বিমৰ্ষ মোৰ সেই শেষ আশ্ৰয়!!

-


12 JUL 2021 AT 21:45

Kisi par dil kholke mar lun...
Itna waqt kaha hein,
Ke chot lage
Aur aankhon mein pani bhar lun
Itna waqt kaha hein...
Tum kehte hon
Thora aur kaushis kar lo ishq pe ab,
Mein bolun
Kisi se ishq sa ibadat kar lun
Itna waqt ab kaha hein?

-


11 JUL 2021 AT 9:06

নোটবুকখনৰ পেজটো উকা
আজিৰ নহয়,কেবাদিনো হ'ল
কিবা এটা তাত নঅঁকা!
কেইবাটাও জোনাক,কিমান যে অমানিশাও গ'ল
তথাপিও বছৰ পষেকজুৰি
বহীখনৰ বগা কাগজখিলা
নহ'ল ৰং বুলাই
কিবা এটা আঁকি তোলা!

কবিতাবোৰো নোহোৱা হ'ল,
উকা হ'ল হৃদয়ৰ কেনভাছ…
শব্দবোৰ ক'তেনো হেৰাল,
আঁজুৰিও ছন্দবোৰ আনিচোন
চিঞাঁহীৰে কবিতাৰ বোল যে নহ'ল আৰু বোলা!!

আচ্ছা,ব্যস্ত হ'লা তুমি?
নাই নেকি, সেই
সন্ধ্যাৰ আমেজ লোৱাৰ হেঁপাহ হাজাৰ
অমানিশাৰ হিয়াৰ বেদনা বুটলা গান,
আৰু যৌৱন জীৱনৰ আড্ডাৰ প্ৰাণ
ইমানেই নে ব্যস্ত তুমি জীৱন
ক'ত লুকালে তোমাৰ সপোনবোৰ জীপাল?

পদে পথে লকডাউনচোন এতিয়া
তেহে ক'তনো হেৰুৱালা সময়,
ব্যস্ততাৰ আঁৰেৰে কিয়নো লুকুৱালা
আপাহ মনৰ প্ৰণয়!!!

-


7 JUN 2021 AT 22:49

Kisi ne kya khub kaha,
Ke mein pighla hun bahot dafa
Kamjor tha dil kabhi
Tabhi toh bikhra hun har dafa,
Akhir jab
Bhula diya kuch woh lamhe
Tab jaake sakht bana hun
Warna tuta hota
Kab jane dil ye hoke khudse khafa!!😢🥺

-


Fetching Riyaz Rahul Quotes