ঐ শুনিছানে!
ভাল লাগে জানানে তোমাক!😍
কিবা এটা ভাল লাগে ও!
নাজানো এই ভালপোৱাৰ অৰ্থ কি
মই নাজানো এই সম্বন্ধৰ নাম কি!
মাথোঁ ভাললাগে তোমাক৷😘
এক মিঠা অনুভূতি....❤️❤️❤️
জানানে! তোমাৰ নিচিনা মইও বিচাৰোঁ জীৱনৰ শেষ উশাহটোলৈকে তোমাৰ বুকুত জিৰাবলৈ...
সময়ে যদি প্ৰতাৰণা নকৰে এদিন তুমি আৰু মই মিলি আমি হ’ম...
আমাৰ সপোনৰ কাৰেংঘৰটো সাঁজিম...
এয়া প্ৰতিশ্ৰুতি নহয়, মাথোঁ হ’ব সময়ৰ আহ্বান...
এক ৰোমান্টিক ভৱিষ্যতৰ আশাত...❤️
~ ইতি
তোমাৰ কলিজা-
তেওঁৰ অভিমিশ্ৰিত প্ৰশ্ন,“আনক দেখুৱাই অচিনাকিৰ অভিনয় কিমান নো কৰা?
মনৰ দাপোণত সাঁচ বহুওৱা চিত্ৰকৰজনৰ পৰিচয় কিমানৰ পৰা নো লুকুৱাবা৷”
প্ৰতি উত্তৰত মই,“পথিক হৈ বাটেৰে যাওঁতে প্ৰেমিকাৰ পৰিচয় কিমান নো সলাবা?”-
*পথভ্ৰষ্ট মই*
এখোজ দুখোজকৈ বহুদূৰ আগুৱালোঁ...
দুয়ো হাতে হাত ধৰি,
শুকান সৰাপাতৰ ভাঁজ মোহাৰি,
মমতাজ-শ্বাহজাহানৰ কথা পাতি,
আঁহত গছৰ তলত বলিয়া
ফাগুনৰ হৃদয় জুৰা ৰোমাণ্টিক
বতাহৰ আমেজ লভি...
আৰু এদিন তুমি এৰি গ’লা তোমাৰ মমতাজক...
তাহানিৰ সেই বাট আজিও বিদ্যমান
আৰু তাৰ মাজত ভয়ে ভয়ে আজিও মই আগুৱাৰ প্ৰয়াস কৰিছোঁ
এখন ৰিক্ত হৃদয় লৈ৷
আজি মই স্তব্ধ,মই পথভ্ৰষ্ট৷
তথাপিও আজি আছে শুকান সৰাপাতৰ অস্তিত্ব৷
-
এদিনলৈ মোক ক’বাচোন,“জীৱনৰ অন্তিমটো ক্ষণলৈ তুমি মোৰ আৰু মই তোমাৰ৷”
সমস্ত দুখ পাহৰি তোমাক হিয়া উজাৰি ক’ম,
“I love you so much” আৰু সাত জনমলৈ সহবাস কৰাৰ পৰিকল্পনাও কৰি পেলাম৷❤️❤️❤️
পিছে অপেক্ষা মাথোঁ তোমালৈ৷
-
# শব্দকোষত শব্দৰ অভাৱ.....
১-২-৩-.....৯৯...১৪৫......৫৬৭.....৭৮৯....হায়!
কিমান যে বৰ্ণযুক্ত শব্দ,ক’ত বিচাৰো নো মই৷
হেৰৌ দেখিছানে,শব্দই তোমাৰ বৰ্ণনা দিয়ে৷
শুনিছানে,শব্দই ও জানে তোমাৰ যে জীৱনপঞ্জীৰ পৰিধি অসীম৷lসঁচাকৈ তুমি এক তীক্ষ্ণ স্ৰষ্টা!
#অপেক্ষাত....
আজিও তোমাৰ জীৱন বৰ্ণনীয় শব্দৰ এক সযত্ন প্ৰহৰী হৈ অবিৰাম আছো তোমাৰ অপেক্ষাত৷
জীৱনৰ ফুলষ্টপ নোপোৱালৈকে!
#শেষত.....
❤️❤️❤️
ইতি
অংকিতা..
-
অনুনয় - আৰ্তনাদত আজি অনাম অনুভূত
চুকে - কোণে চুপহিৰো চিৰস্মৰণীয় চিৎকাৰ,
গঢ়িত গৱাক্ষত গৱেষণাকাৰীৰ গহীনালি
তটিনীৰ তৰংগত তপস্যাত তপস্বী তন্ময়৷৷-
বাগিছাৰ পুষ্পই যেতিয়া
তোমাৰ সুবাস বিলায়
ফুলৰ ৰেণুৱে যেতিয়া
চিত্ৰপটত তোমাৰ চিত্ৰ
অংকন কৰে তেতিয়া
মৰিচীকা খেদি ভাগৰুৱা
হোৱা মইজনীয়ে যেন
বিশ্ৰাম কৰিবলৈ এটুকুৰা
আশ্ৰয় বিচাৰি পাওঁ.....
-
ঐ শুনাচোন!
তুমি “বিবেক” নহয়নে?
বহুদিনৰ অন্তত দেখোঁ!
ক’লৈনো গৈছিলা?
জানানে তোমাৰ অনুপস্থিতিত
“মনে” বহুত কথা শিকালে ও
মান - অভিমান, প্ৰেম,অনুভৱ আৰু যে ক’ত কি!-
আকৌ আহিল চেনেহৰ বিহুটি....
ঢোল, পেঁপা, গঁগণাৰ সুৰীয়া লয়ত বিগত বৰ্ষবোৰৰ দৰে এইবাৰ হয়তো নিখুঁত
স্বৰলিপিয়ে বিহুগীতৰ প্ৰাণ নাপাব
ঢোলৰ ছেৱে ছেৱে হয়তো
বিহু নচা নাচনীও নোলাব
এই সময়তো প্ৰকৃতিৱে বিহুক অকণো
কৃপণালি নকৰাকৈ ঠিকেই আঁদৰি আছে
প্ৰকৃতিৰ বুকুৰ বৰদৈচিলাই আজিও
নিজৰ ঘৰখন পাহৰিব পৰা নাই
পাহৰিব পৰা নাই সেই সেউজীয়াবোৰে
আশাৰ কোমল পাতটি ওলাবলৈ
শেষত,অনাগত বৰ্ষত উচ্ছ আকাংক্ষাৰে
ব’হাগ বিহুক আদৰণি জনোৱাৰ প্ৰতিশ্ৰুতিৰে.....-