সৰহখিনি অনুভৱেই ৰৈ যাব নিলিখাকৈ
সৰহখিনি সময়েই বাগৰিব নিজীয়াকৈ
সৰহখিনি হেঁপাহেই থাকি যাব
পূৰ্ণতা নোপোৱাকৈ
গধূলিয়ে কোঁচাই অনা আকাশখনত
বেলিটোও বুৰ যাব
চৰাইজনী বাহলৈ ঘূৰি নহাকৈ...-
হেঁপাহৰ ৰাগীত আনৰ বাবে সপোন ৰচা পপীয়া তৰাটোৰ দোষ কি ?
হয়তো, সিও এদিন আৱেগবোৰ সামৰি সামৰিয়ে খহি পৰে ৷-
'I mean, you've been faking a smile for so long. I can feel your agony...'
-
তোৰ ভাৱ...
ভাৱো, ক’তনো দেখিছিলো তোক ?
দহেচীয়া ৰ’দজাকত
নিৰ্জন পথটোত
নে
খৰালি বৰলুইতৰ
বালিচৰত
নে
সেউজীয়া শেলুৱৈবোৰত?
নাজানো ক’ত ?
এতিয়া ভালকৈ মনত নাই !
শব্দৰ গজালিবোৰত
যেতিয়া তোৰ ভাৱে
ওফন্দি উঠে,
হৃদয়ৰ ভগা ডালটোকে
আলপৈচান ধৰো ৷
শুভ্ৰ আকাশখনৰ ফালে চাই ৰও
একেথৰে...
তাতো কি
তোৰেই ভাৱ?-
A myriad of fluid transitions
from the realities,
Trembling, tormenting and fluttering
a voice;
lifeless with a pallor of dried temptations !
Somewhere amidst the obscurities,
a long lost zeal quivering again and again...-
ফাগুন…
ফাগুনৰ প্ৰথমজাক মলয়াতেই
উতনুৱা হৈ
হাত দুখন মেলি দিছিলো
আকাশখন আকোৱালি লও বুলি ৷
সপোনটো ভাঙি গ’ল,
হঠাতে
অকল্পনীয় এটা অনুভৱে দেও দি ক’লে
"ফাগুন একেই আছে, মইহে পংগু হৈ পৰিলো ৷"-
হেৰুৱা কবিতা এটাৰ সন্ধান…
এলান্ধু লাগি থকা সপোন এটি
উলাহৰ নদীখনত
ককবকাই
সাতুঁৰি থাকে…
যেতিয়া ৰঙচঙীয়া পাহাৰখনৰ দিগন্তত
বেলিটোৰ অস্বস্তি নালাগে ডুবিবলৈ ৷
যেতিয়া সৰীসৃপ নদীখনৰ বুকুত
নাৱিকজন ভাগৰি নপৰে বঠা বাবলৈ ৷
মই হেৰুৱা
কবিতা এটাৰ সন্ধান কৰো ৷
শব্দবোৰৰ পৃথিৱীখনত
কি এই মায়া নাজানো !
মৰুভূমি হেন শুকান
যদিও মৌচিনৰাম যেন জীপাল ৷-
কবিতাই নাজানে
চকুপানীৰ ৰং
নাজানে ই লুণীয়া নে সাৰুৱা !
দিব নোৱাৰে কবিতাই
জোনাকৰ ঠিকনা
তথাপিও
কবিতা মোৰ বাবে
'এক হুমুনিয়াহ' ৷-
আং বাং...
সুখী মানুহৰ চন্দুকটো
হেজাৰ হেজাৰ দুখ
থাকে ৷
কবিতা বুলিলেই
মনৰ দুয়োকাষে
এডাল শক্তিৰ শলিতা জ্বলি উঠে ৷-
সাঁথৰ
দুভৰি জোকাৰি দৌৰি থকালৈকে কলিজাবোৰ জীৱন্ত,
দুহাত মেলি থকালৈকে আকাশখন বিশাল নীলা ৷
যিমান দূৰলৈকে চাব পাৰি সিমানলৈকে বিশ্বাস ৷
যিমান দূৰলৈকে ভাবিব পাৰি সিমানলৈকে চিন্তাশীল ৷
যিমানলৈকে জুখি চাব পাৰি সিমানেই বিবেক ৷
দুচকুত দেউ দি থকালৈকে বাস্তৱ,
ধূলিত পোত গৈ দেৱালত উলমি ৰ’লে
হৈ পৰে
মৰহা দিনৰ এটা উখহি পৰা সাঁথৰ ৷-