Riki Gogoi  
0 Followers · 2 Following

Joined 4 April 2020


Joined 4 April 2020
14 FEB 2022 AT 19:06

প্ৰিয় ফাগুন🍁
সমানেই প্ৰিয় পছোৱাজাকে
কঢ়িয়াই আনে অন্য এক মাদকতা..
শিহৰিত কৰি তোলে সৰ্বশৰীৰ।
মন যায় ফাগুনৰ আচল উৰাই নিয়া পছোৱাজাকৰ সতে একাত্ম হবলৈ...
মন যায় চিলাখনৰ দৰে মুক্ত হৈ
ফাগুনৰ উদং পথাৰত উৰিবলৈ...
মন যায় ফাগুনক দুবাহুৰে সাবটি বুকুত সামৰিবলৈ❤

-


6 JUN 2021 AT 23:46

আপোনি আৰু আপোনাৰ কিছু সজীৱ স্মৃতি...

সপোনৰ পদুলিত আজিওঁ অপেক্ষাৰত আপোনালৈ...
আপুনি আহিব,আপোনাৰ আগমনত
ফুলি উঠিব মনৰ ফুলনিৰ হাজাৰপাহ হাচনাহানা🌼🌼🌼
সুগন্ধি বিয়পিব চৌপাশে...
আপোনি যেন বিশেষ
মনত পৰেনে বাৰু...
মনত পৰেনে আপোনাৰ...
সেই আবেলিৰ কথা,নৈৰ পাৰত নিৰলে বহি
দেখা হাজাৰ সোণবৰণীয়া স্বপ্নৰ কথা
হৃদয় জুৰোৱা সুমধুৰ গীত🎶🎶
লগতে কিছু প্ৰতিশ্ৰুতি
আজি সেই সকলোবোৰ মাথো দিবাস্বপ্ন
সকলোবোৰ যেন মৰিচীকা
লগ পোৱাৰ দুৰ্বাৰ হেপাহ আজিও,
আশা... এজাক বৰষুণে 🌧
তিয়াই যাব মন মৰুভুমি
ফুলি উঠিব মন ফুলনিৰ হাজাৰপাহ গোলাপ🌹
হৃদয়ত বাজি উঠিব সুমধুৰ সুৰৰ ঝংকাৰ🎼🎼
আপোনি আহিব তাৰে অপেক্ষাত
হাজাৰটা উজাগৰী ৰাতি...
অপেক্ষাৰত আপোনি আহিব
আপোনি আহিব...
ধৈৰ্য্য সেই সময়লৈ😣😣

-


6 JUN 2021 AT 0:39

মৃত্যুৰ অপেক্ষাৰে অপেক্ষাৰত এক আত্মা
সময়বোৰ দ্ৰুত গতিত আগুৱাইছে
আশাৰ চাঁকি ক্ৰমাৎ স্তিমিত হব ধৰিছে
ক্ৰমান্বয়ে পোৱা নোপোৱাৰ হিচাববোৰ যেন
কমি আহিব ধৰিছে
শেষ সময় যেন সমাগত সেয়া আত্মাৰ উপলব্ধি
শুকুলা শয্যা যেন এতিয়া
সকলোৰে বাবে সহজে উপলব্ধ
দিন আগুৱাই জটিল হব ধৰিছে জীৱন পাশা
ক্ৰমাৎ হেৰাব ধৰিছে জীৱনৰ প্ৰকৃত ৰং
নিজা অনুভৱ হাঁহিবোৰ যেন আজি নকল
মাথো সকলো ঢাকি ৰখাৰ প্ৰলেপ
এনেদৰেই হেৰাই যাব একো একোটি সত্বা
যাৰ নাথাকিব কোনো অস্তিত্ব
নাথাকিব কাৰোৰে ওচৰত পোৱা নোপোৱাৰ একো অভিমান,অভিযোগ....

-


3 JUN 2021 AT 23:22

নিসংগতাত জন্ম হয় বিষন্নতাৰ
বিভীষিকাময় নিশাৰ বুকুত ৰুগ্ন শৰীৰ,ভগ্ন মন
কোলাহলবিহীন চৌপাশ,জন্ম দিয়ে এখন ৰহস্যময় পৃথিৱীৰ...
অন্ধকাৰ ধৰনী,নিদ্ৰাত মগন
অলস দেহৰ কলিজাৰ স্পন্দন,
মগজুত পাৰ নোপোৱা ভাৱনাৰ সাগৰ।
মনৰ মাজত হাজাৰটা উত্তৰহীন প্ৰশ্ন
চিন্তাক্লিষ্ট বদন....
জীৱিত দেহ আৰু এটি মৃত মন
এয়ে ৰহস্যময় মানৱী জীৱন॥

-


30 DEC 2020 AT 23:04

জীৱনত এনেকোৱা কিছুমান সময় আহে সেইখিনি সময় সকলোৰে সংস্পৰ্শত থকাৰ পৰিবৰ্তে আতৰি অকলশৰে থাকি অন্য এক অনুভৱ হয়

-


5 JUL 2020 AT 0:51

ভালপোৱাবোৰ ইমানো সহজ নহয় যে আনৰ পৰামৰ্শত হব
আৰু সিদ্ধান্তবোৰো ইমান সহজ নহয় যে কাৰোবাৰ পৰামৰ্শতে লোৱা হব...
ঠিক সেইদৰে তৃতীয় পক্ষ থাকিলে বুলিয়েই কাৰোবাৰ বিচ্ছেদ জানো সহজে সম্ভৱ হব....??কেতিয়াওঁ নহয়...
মানুহৰ সেইটোৱে ডাঙৰ মূৰ্খামি পুনৰবাৰ biswakh কৰি ভুল কৰি পেলায়
দূৰত্বত থকা বস্ত্ত নেপাও জানিও অধিক আশা কৰি পেলায়
আবেগিক সিদ্ধান্ত লৈ ব্যক্ত কৰি জানো কিবা লাভ আছে...??
যদিহে শুনোতাজনৰ তাৰপ্ৰতি কোনাে দায়বদ্ধতাই নাই
কাৰোবাৰ ওচৰত বাধ্যত পৰিহে থাকে মিছা অভিনয় কৰি যদিওবা তেওঁৰ প্ৰতি কোনো অনুভৱো নাথাকে 😊
চুম্বকীয় আকৰ্ষণ নিৰ্দিষ্ট দূৰত্বলৈ সম্ভৱ
যি কথা নিশ্চিতৰূপত সবাই জ্ঞাত....

-


28 JUN 2020 AT 23:54

অপেক্ষা....
বিশেষ কাৰোবাৰ বাবে এক অফুৰন্ত আশা...
নকৰিবা তুমি....
নকৰিবা..... মোক লৈ তেনে কোনো অপেক্ষা...
মই হৈছো নিজক লৈ মত্ত এক সত্তা...
দিব নোখোজো কোনো আশা....
নিবিছাৰো কোনোবাই মোৰ অজানিতে
মোক লৈ ক্ল্পনাত ডুব যোৱা
পিছত ব্যৰ্থিত হৈ অভিশাপ দিয়া॥
দেখাব নোখোজো কাকো অলীক স্বপ্ন....
ভাল নাপাওঁ কাৰোবাৰ ওচৰত নিজৰ গুৰুত্ব বিচাৰি
নিজৰ মতেই জীয়াই ভাল পাওঁ...
নিজৰ ভাৱনাত বিভোৰ মোৰ আত্মা...
নিজৰ পৃথিৱীতে মই সুখী
নিবিছাৰো কাৰোবাৰ ভাৱনাৰ পৰিধি হবলৈ
কাৰোবাৰ স্বপ্নৰ ৰাণী হবলৈ
মাত্ৰ মই মইজনী হৈয়ে নিজৰ মতে জীৱনৰ গতিপথত আগুৱাব বিচাৰো...
নিবিচাৰো কাৰোৰে হস্তক্ষেপ....॥

-


25 JUN 2020 AT 23:30

মৃত অনুভৱবোৰ যেন আজি পুনৰবাৰ জীপাল হৈ উঠিছে💚
বিশেষ কাৰোবাৰ আগমনত....
মৰুভূমিসদৃশ হব ধৰা হৃদয়ত যেন
বাৰিষাৰ এজাক মুষলধাৰ বৰষুণৰ আগমণ॥💦
অনুভৱী মনৰ মাজত কব নোৱাৰাকৈ হয়তু,আজি তেওঁ অধিকাৰ
কৰিব ধৰিছে....💝
অকলশৰীয়া মইজনীৰ ভাৱনাবোৰত যেন তেওঁৰ অধিকাৰ দাবী কৰিছে❤
কব নোৱাৰাকৈয়ে হৃদয়ৰ কোণত
সেউজীয়া বসন্তৰ যেন পুনৰাগমন...
নভবাকৈয়ে কাৰোবাৰ ভাৱনাত জীপাল হব ধৰিছে মনৰ প্ৰতিটো কোঠালি....
এয়াই কোনো প্ৰেমৰ আগমন নহয়তো.....??
নে দুখন ভগ্ন হৃদয় এক হোৱাৰ মিলনৰ বাসনাৰ আৰম্ভণি....??

-


21 JUN 2020 AT 20:43

একপক্ষীয় ভালপোৱাবোৰ সচাই অদ্ভুত....
কব নোৱাৰি আৰু কমাই দিবও নোৱাৰি
যিমানেই নাপাওঁ বুলি গম পাওঁ
সিমানেই ভালপোৱাবোৰ বাঢ়িব ধৰে
কব নোৱাৰিলেও আলেঙে আলেঙে তেওঁক
পৰ্যবেক্ষণ কৰিয়েই ভাল লাগে
তেওঁ কথা কলে মৌন হৈ মুখলৈ চাইয়ে শান্তি লাগে
অৱহেলিত হোৱাৰ ভয়ত অপ্ৰকাশিত সেই ভালপোৱা
মনৰ মাজত হয়টো ওৰে জীৱন থাকি যাব
প্ৰকাশ কৰিব নোৱাৰাৰ এক ডাঙৰ আক্ষেপ

-


21 JUN 2020 AT 19:07

বিষন্ন আবেলি....
কিছু সুখ,কিছু দুখৰ মিশ্ৰিত জীৱন💚💛

-


Fetching Riki Gogoi Quotes