ডায়েৰীৰ উকা কাগজত
শব্দৰ মায়াজাল
ৰচা তুমিয়ে
তুমি,সঁচাকে মোক বাধ্য
কৰাইচা শব্দৰ
কোলাত মুৰ থৈ
যেন মই পাৰ কৰো
মোৰ ভাগৰুৱা সময় বোৰ...
🍂 ❣️ ❣️-
"বেজী ল'বলৈ ভয় কৰা ছোৱালীজনীয়েও
"চিজাৰিন"ৰ দৰে মৃত্যুদূতৰ মুখামুখি হৈ
এজন পুৰুষক পিতৃত্বৰ সুখ দিয়ে।
-
দুখীয়া - ধনী লগত কি কথা আছে! মনটো মিলিলেই হল মাত্ৰ
ধনী বা মধ্যশ্ৰেনীয়ে হওঁক কোনো কথা নাই আজিৰ দিনত, কিন্ত জীৱন সংগী জনে চৰিত্ৰহীন হ'ব নালাগে দেই ৷ কুকুৰ নেজ বেকা হলেওঁ কেতিয়াওঁ চিধা নহয়। চৰিত্ৰহীন মানুহ বোৰ।-
তুমি মোৰ নামটো জানা নে! কাহিনী নাজানা মোৰ তুমি , মোৰ হাঁহিবোৰ দেখা তুমি , দুখবোৰ দেখি নোপোৱা কিজানি ! মোৰ ওঁঠ দুটিক পঢ়িব পাৰিবা নে ।
মনটোক নোৱাৰা তুমি...-
বুকুখন যেন দুৰু দুৰু কঁপে
কিবা কওঁ - নকওঁ কৈ থাকে
যেন হৃদয়ৰ অনুভূতিবোৰে
প্ৰতিটো পলে স্মৃতি বোৰে বৰকৈ আমনি কৰে-
~কত হেৰাই গল স্মৃতি বোৰ ~
স্মৃতি বোৰ কেতিয়াবা হেৰাই যায় কোনেওঁ কব নোৱাৰে। মাথোঁ ৰৈ যায় হৃদয়ৰ মাজত থকা বিষাদ বোৰ ? ভালপোৱা মানুহবোৰক পাহৰিবই পৰা নাই । কিন্তু যেন পাহৰিব পৰা নাযায় সেই অতীতৰ আপোন জনক !! তেওঁৰ প্ৰতি হয়টো এতিয়া অনুভৱ নাইকীয়া। কিয় নাজানোঁ এই হৃদয়ে বাৰে বাৰে তেওঁকেই ৰিঙিয়াই !! নৈ পাৰত বহি থকা সেই প্ৰেমিক প্ৰেমিকাবোৰক দেখিলে জানো বুকুখনে বাৰুকৈয়ে খুন্দিয়াই মোক , চকুৰ আগত অতীতৰ সেইবোৰ ৰোমন্থন হৈ উঠে !! নিশা কেতিয়াবা চকুলো ভিজি উঠে গমকে নাপাওঁ! সেই সময়খিনিত জানো সেইবোৰেই মনলৈ আহে! ভালপোৱাৰ যদি এয়াই উপহাৰ , তেনেহলে চিঞৰি চিঞৰি কৈছোঁ তোমাক , তুমি শুনা .. তোমাক মই মোৰ মনৰ পৰা মুক্ত কৰিছোঁ কেতিয়াবাই.! মুক্ত কৰিছোঁ মোৰ জীৱনৰ পৰা সদায়। এতিয়া তুমি মুক্ত বিচৰণ কৰা। আজি মই তোমাৰ বাবে চকুৰ টোপাল বোৱাইছো কেতিয়াবা কেতিয়াবা। সেই বিনিময়ত তুমি হাঁহি উঠিছা মোক! এদিন তুমি মোৰ বাবে চকুৰ টোপাল বোৱাবা! কিন্তু সচাঁ কথা কি জানা , সেইসময়ত যেন চকুৰ পানী মছি দিয়া মানুহৰ অভাব পৰিব তোমাৰ ?-
হেৰাই গৈছে শব্দবোৰ
হেৰাই যাব ধৰিছে সপোন বোৰ
হেৰাই যাব ধৰিছে কবিতা বোৰ
প্ৰতিশ্ৰুতিবোৰে বাট ভেটি নধৰাহেঁতেন.
এতিয়া যে হৃদৱৰ পৰা হৃদয়লৈ
বহু যোজন বাট অ!!-
ৰদ'ৰ পোহৰ পৰা তোমাৰ জীৱন...
প্রেমৰ কিমান যে হাহিঁ,
মনত পৰিলে প্রেমৰ এনাজৰী ডাল টানি দিবা,,
মই সাৰ পাই উঠিম....
ৰৈ থাকিম মই.
পৃথিৱীৰ কোনোৱা চুকত.....
প্রেম, কৌতূক বা বিষণ্ণ হৃদয় লৈ....
-