28 SEP 2017 AT 12:58

শৰতৰ ৰাতি শেৱালি ফুলৰ
সুবাস ভহেনে চন্দ্ৰীকা?
তোমাৰ চোতালত কাজলি ভৰাই
শেৱালি বুটলাৰ দিন আৰু নাই ।

এৰি থৈ আহিলোঁ স্মৃতিৰ বুকুত
শৰতৰ স্নিগ্ধ এটি জোনাকী নিশা ,
শাৰদী জোনৰ মিঠা সাধু
কবলৈও দেখোঁ বুকু খন আজি কিবা উকা উকা ।।

সপোন বোৰ আবদ্ধ হল
শেৱালিৰ শুভ্ৰ কৰণিত,
বিচাৰি ফুৰিছোঁ শৰতৰ বুকুত মোৰ
নিৰুদিষ্ট হৃদয় ।।

- RiDiP