2 FEB 2019 AT 23:28

আকাশত জুইফুল
ৰাঙল ফাগুন

বতাহত ঢৌচিৰা কলাপাত
বাউলী ফাগুন

লঠঙা বিৰিখ
উদাস ফাগুন

ধূলিয়ৰি পথ
উন্মাদ ফাগুন

পছোৱাৰ আঁচল
নিলাজ ফাগুন

চিফুঙৰ সুৰ
বিষাদবিলাসী ফাগুন

সেই হাঁহি
মোৰ বুকুত শত ফাগুনৰ নাচোন

তেওঁৰ বাবেই এই আয়োজন
ফাগুন তই আবতৰীয়া প্ৰেমৰ দাপোন।

- ৰশ্মি শইকীয়া