কবিতা
-
হাঁহিয়েও সামৰি ৰাখে যাতনাৰ পৃষ্ঠা
তুমি যাবাগৈ বুলিয়েই যে অতবোৰ শোক
অতবোৰ হুমুনিয়াহ
আকাশত তুমি ৰঙা চিলা উৰুৱাইছা
তোমাৰ ওঁঠত চিফুঙৰ সুৰ
আৰু মই বাউলী হৈছোঁ।
***
তুমি যাবাগৈ
সহজ সত্য
অতবোৰ ৰূপৰ সম্ভাৰ বুকুতে সামৰি যে তুমি যাবাগৈ
মোলৈ কি থৈ যাবা!
দুপৰৰ বিৰহ!!
***
তোমাৰ বৰণ যেন তপ্ত কাঞ্চন
চাই নুজুৰায় হিয়া
ৰক্তবৰ্ণৰে অধৰ বোলাই তুমি সৌ ধূলিয়ৰি বাটত
কালৈনো ৰোৱা!
মোক শূন্যতাত ডুবাই থৈ যাবলৈকে এই অহাযোৱা!
***
জুইফুল ফুলা দুপৰত চেৰেংকৈ উঠিল বুকু
ভাবিলোঁ অনুুুৰাগ এয়া
বতাহে ঢৌচিৰা কৰা আবেলি ঘপহকৈ কঁপিল হিয়া
ভাবিলোঁ ভালপোৱা এয়া
বুকুত হাত দি চালোঁ তুমি দেও দি আছিলা।
***
-
শব্দৰে নসজাও কোনোদিনে ভালপোৱা
মোৰ পৰা আপোনালৈ
ফল্গু হৈ বৈ থাকিব এধানি হিয়াৰ বেথা-
That man I felt in love with is
none but you
Mr. Narcissistic Prince!-
নৰকৰ_ঈশ্বৰ
মানুহৰ জীৱনলৈ মানুহ আহে । কোনোবা ৰৈ যায় ,কোনোবা গুচি যায় । ৰৈ যোৱাৰো বহুতে বুকুৰ কাষ চাপিব নোৱাৰে । বুকুৰ কাষ চাপিও কোনোৱে ঘৰ পাতি বহিব নোৱাৰে । যিয়ে ঘৰ পাতি বহে তেওঁলোক স্থায়ী হৈ পৰে । ঠিক উশাহ নিশাহৰ দৰে।
✍️ জয়শ্ৰী মেচ গগৈ-