মন মোৰ
খিৰিকিখন খুলি দিছো
আহক এচাটি চেচাঁ বতাহ..
এতিয়াযে সময় ,
মনৰ অস্থিৰতাক
কলমৰ চিয়াঁহীৰে
কাগজৰ বুকুত বান্ধি ৰখাৰ ।
চিনামাটিৰ সেয়া কফি কাপটোৰ পৰা
মুক্ত হৈ আছে উষ্ম বাষ্প ,
চেচাঁ বতাহজাকৰ স'তে
অসুবিধা হৈছে তাৰ মিলিব,
কিন্তু , মিলিছে ।
সৌৱা আকাশতো
তৰাবোৰে বুটলি বুটলি বুকুত গুজিছে ,
জোনে লিখা চিঠিৰ শব্দবোৰ ।
লুটিয়াই চাওঁ মানে ,
উকা পাত এখিলাৰ স'তে চকুত-চকু পৰাত ,
তাৰ বুকুতেই শব্দবোৰ সাঙুৰি থওঁ বোলো ।
অস্থিৰতাবোৰ মনৰ বাঢ়ি আহিছে ,
এথানি-এবানি অৱস্থা হৈছে ।
এতিয়াযে ,
অধীৰ মনে শব্দ বিচাৰিছে ,
কবিতাৰ বাবে ।।-
উদাসী মনটোৰ নিস্তব্ধ ফেঁকুৰ শুনিবলৈ আটাইতকৈ অসহ্যকৰ কিয় ?
ই টো মাইক বা আদি কোনো বৈজ্ঞানিক যন্ত্রৰ
দৰে ঊচ্চ স্বৰত কাণৰ কাষত বাজিও নাথাকে !
তেন্তে ???-
তৰাং প্রেম
স্মৃতিৰ মুঠিত বান্ধ খাই থকা
আবেগবোৰে ..
এতিয়াও কেতিয়াবা হাহাকাৰ কৰি উঠে ।
মইটো এতিয়া...
নিসংগতাৰ বাটত সুখৰ সফুঁৰা বুটলিছো..
আৰু আপুনি,পুনৰ মিলনৰ কথা কৈছে ??
ক্ষমা কৰিব..
স্মৃতিবোৰ সজীৱ হৈ থাকিব পাৰে,
কিন্তু আপোনাৰ বাবে থকা প্রণয় নহয় ।
আপোনাৰ, সৌ নদীৰ দৰে চিৰপ্রবাহীত প্রেম তৰাং হৈছিল..
যদিও সেই সময় মোৰ বাবে প্ৰেমৰ বাৰিষাহে আছিল ।-
'তুমি'জন এতিয়া মোৰ খুব প্ৰিয়
বুকুতে ৰাখিছোঁ গুপুতে, সজতনে ।
অ' থিকেই ভাবিছা...
আজি কবিতাৰ শাৰীবোৰ তোমাৰ নামত ।
শৰতীয়া নিয়ৰ হৈ এতিয়া
মোৰ মন দুবৰিক চুমিছা তুমি ।
জানানে...
সুবাসি শেৱালি
হৈ ৰ'ল আৰু হৈ ৰ'ব
তোমাৰ মোৰ প্ৰেমৰ সাক্ষী ।
শুনাচোন..
সীমাহীন আকাশৰ
কোনোবাখিনিৰ পৰা
থুবুৰিয়াইছো এতিয়া
তোমাৰ মোৰ ভালপোৱাবোৰ ।
এৰাহ্...
খুব বেছি অজুত বিজুত এৰি
একে শাৰীতেই ক'ব খোজো..
ভাল পাওঁ তোমাক
আৰু শুনা...
অ' তোমাকেই ভাল পাওঁ ।
-
"কাঁচিয়লি"
পুৱা বেলিৰ পোহৰে সপোন সিঁচাই
কেঁচাবটীয়া কেঁকুৰিবোৰকো ই সোপাই..
আশাবোৰৰ কথানো কি ক'ম
চাকৈ চকোৱাজাক উৰি গুচি গ'লে
দিখৌ খনৰ বুকুখনো উদং হয়..
শেৱালিয়ে কয়....
মোহনীয় হয়
শাৰদীয় সপোনৰ সুগন্ধি..
শেষত....
সকলো সপোনৰ সাক্ষী হৈ ৰওঁক..
পুৱতি নিশাৰ ৰঙচুৱা কাঁচিয়লি ।।-
নাভাবো ভাবিলেও ভাৱনাত
আহিবলগীয়াবোৰ আহেই ।
সুখবোৰ বেছিকৈ বিছাৰিলে
দূখৰ ঈৰ্ষা যাগি সি খুন্দিয়ায়েই ।
-
🍂 ফাগুণ 🍂
আহিছ' যেতিয়া..
ৰঙাবোৰ অলপ বেছিকৈ
থৈ যাবিচো মোলৈ
তোৰ লিহিৰি খোজত
মোৰ আঁচল সৰিছে ..
ৰঙাতি হৈ আঁচল তুলিছো মই
আৰু হাঁহিত বাউলি হৈছ' তই ..
নকৰিবিচোন ফাগুণ
ইমানকৈ ধেমালি তই..
-
" আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি
আই অ' কিহেৰে পুজিমে তোক
আই অ' জীৱন দি পুজিমে তোক "
"মাতৃ দিৱসৰ শুভেচ্ছাৰে"-