4 JUL 2019 AT 10:57

#প্ৰেমৰ কবিতা
✍️হীৰেন ভট্টাচাৰ্য


মোৰ বুকুত কি জ্বলে !
মোৰ দুখ , মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !



মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ্ শব্দ
এনেকৈ ৰূ-ৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে - বাহিৰে ।


সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে ।

-