Preity Usha Saikia  
17 Followers · 2 Following

Joined 22 August 2018


Joined 22 August 2018
8 FEB 2023 AT 9:54

বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ‍্যক্ষ মহোদয় , শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দ , অহা ইং ১২/০২/২০২৩ তাৰিখ দেওবাৰে আমাৰ পুত্ৰ সন্তান মহাৰ্ণৱ শ‌ইকীয়াৰ অন্নপ্ৰসনৰ আয়োজন কৰা হৈছে । আপোনালোক সকলোকে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ লগতে সেইদিনা আমাৰ গৃহলৈ আহি আমাৰ সন্তানক আশীৰ্বাদ দিব বুলি আশা কৰিলো 🙏।

প্ৰীতি উষা শ‌ইকীয়া

-


9 JAN 2023 AT 14:35

যদি তোমাৰ এটোপাল অশ্ৰুয়ে
আপোনজনৰ চকুত বাৰিষাৰ ঢল নমায়
যদি তোমাৰ চকুলোয়ে
আপোজনৰ বুকুত বা মাৰলিৰ সৃষ্টি কৰে
তেনে তোমাৰ চকুপানীবোৰ শিল হ'বলৈ দিয়া
নহ'লে ফল্গুৰ দৰে বৈ যাব দিয়া দুখৰ নদীখন
নিৰৱে , আনে নেদেখাকৈ ।।

-


17 OCT 2022 AT 18:24

যেতিয়া জীৱনলৈ দুখ আহে , সমস্যা আহে , তেতিয়া আনক বুজনি দিবলৈ , সান্তনা দিবলৈ বৰ সহজ । কিন্তু সেই একেই দুখ যেতিয়া নিজৰ জীৱনলৈ আহে নিজক বুজোৱা বৰ কঠিন হৈ পৰে ।


জীৱনৰ পাঠ 👩

-


17 OCT 2022 AT 18:02

নিজৰ খোৱা কাপটো , খোৱা কাঁহীখন নিজে ধোৱাটো নিজৰ কৰ্তব্য তথা শিষ্টাচাৰৰ ভিতৰত পৰে ...সেয়া লাগিলে পুৰুষেই হ‌ওঁক অথবা নাৰী । ইয়াত নাৰীবাদ , পুৰুষবাদ বুলি কোনো কথা নাই । ঠিক সেইদৰে ঘৰৰ প্ৰতিটো কাম সুবিধা অনুসৰি ঘৰৰ সকলোৱে লাগি ভাগি কৰাটো উচিত । ই ইজনে সিজনৰ প্ৰতি সন্মান আনে , মৰম বাঢ়ে । এই সামন‍্য কথাটোকে নাৰীবাদ অথবা পুৰুষবাদৰ নামাকৰণ কৰাৰ কোনো প্ৰয়োজন নাই । সাধাৰণ ভাষাত ক'বলৈ গ'লে , নিজৰ সামথ‍্যৰ ভিতৰত পৰা যিকোনো কাম কৰাত লিংগ বিভাজন অনাৰ কোনো প্ৰয়োজন নাই ।

-


14 FEB 2022 AT 9:22

এবাৰ নালাগে , হাজাৰ বাৰ পৰিম
আপোনাৰ প্ৰেমত...

বাৰে বাৰে ডুবিম আপোনাৰ
দুগালৰ টোলত...

এদিনেই নহয় ..
প্ৰতিদিন উদযাপন কৰিম ভেলেণ্টাইন ডে'
আপোনাৰ নামত..!!

-


2 FEB 2022 AT 19:11

ভালপোৱা নাছিল বাবেই
সোণাৰুবোৰ আজিও প্ৰিয় ...
ভালপোৱা হ'লে এজাৰবোৰ
বুকুত সামৰিবলৈ কিমাননো পৰ !!

-


25 JAN 2022 AT 22:19

তাই জীয়াই আছে
এজাক ধুমুহাই বিধস্ত কৰাৰ পাছতো !!
তাই হালিব খুজিছিল ...
তাই পৰি যাব খুজিছিল...
কিন্তু তাই থিয় হৈ থাকিল
শান্ত , দৃঢ় ভাৱে
ধৰাৰ বুকু খামুচি ।।

আকাশখন ওন্দোলাই আহিছে
হয়তো পুনৰ এজাক ধুমুহাৰ প্ৰস্তুতি চলিছে ..
তাই যুঁজিব এইবাৰো সাহসেৰে
নিজৰ বাবে ...তাইৰ বুকুৰ ছাঁত জিৰোৱা
কণমানি চৰাই দুটিৰ বাবে ..!!
তাই হালিব নোৱাৰো , তাই পৰিব নোৱাৰে
তাইৰ বিজয় নিশ্চিত
কাৰণ তাই যে এজোপা বটবৃক্ষ !!

-


2 NOV 2021 AT 19:24

সময় আহে , সময় যায়
অবিৰত ভাৱে ...
সময়ৰ বুকুত খোদিত হয়
কিছু কাহিনী ...
কিছু কাহিনী আধৰুৱা , কিছু বেনামী !!

ৰঙীন চশমাযোৰ খুলি ,
সময়ে শিকাই ক'লা বগা ছবিবোৰ চাবলৈ
সময়ৰ লগে লগে চহকী হয়
অভিজ্ঞতাৰ ভঁৰাল ।।

-


29 SEP 2021 AT 23:19

খিৰিকীখন খুলি দিলো
এজাক জোনাকে কপালত চুমা দিলে
এতিয়াতো অমাবস‍্যা
মোৰ কোঠাত জোনাক কোনে সিঁচিলে !!

-


27 SEP 2021 AT 21:28

এটি সপোন আহি বহে
দুচকুৰ পতাত
মন উৰে অসীম সীমনাত

এযোৰ পাখি গজে
দুবাহুৰ কাষত
দুভৰি নাচে সেউজী বনত ...

মুঠি মুঠি জোনাক
চাদৰৰ আঁচলত
এটি কন্ঠ ভাঁহে পৰ্বতৰ শিখৰত

শিঙলি চিঙি , সঁজা ভাঙি
অপ্ৰতিৰোধ্য গতি
হাজাৰ হাজাৰ বিহংগৰ উৰণ আজি
আকাশৰ বক্ষ ফালি !!



-


Fetching Preity Usha Saikia Quotes