প্ৰাঞ্জল প্ৰতীম হাজৰিকা
-
তুমি আজি মোৰ ভালপোৱা দলিলত
স্বাক্ষৰ কৰিব লাগিব
যত লিখা থাকিব
"মন গলেই গুচি যাব নোৱাৰিম"
চিতাত তুলিও তোমাকেই বিচাৰিম !
তোমাৰ আপত্তি থাকিলে
এতিয়াই গুচি যোৱাৰ অনুমতি আছে।
চুক্তি বদ্ধ হোৱাৰ আগত
কিমান লগে লোৱা এতিয়াও সময় আছে।।
তুমি এদিন মোৰ চকুৰ আগৰ পৰা গুচি যাব !
নমনা হোৱা লৈ থাকিব শূণ্যতা।
জিলমিল এখন চামনি আৰু
হৃদয় ভগাৰ দুফাকি মন কবিতা।।-
আবেলিৰ বেলিটো সৌ হাবিখনৰ সিপাৰে
ডুবিব খোজোঁ তেই হুৰ মুৰকৈ দৌৰি আহে
আন্ধৰবোৰ আৰু মোৰ বাবে লৈ আহে
বিসন্নতা
তুমি মোক এৰি যোৱা দিনৰে পৰা
প্ৰতিটো গধূলিয়ে
মোৰ বাবে হৈ পৰে বিষাদৰ গধূলি।।
এইয়াই মোৰ বাবে বাস্তব সত্য আৰু
সন্মুখত জীৱন যুঁজৰ দীঘলীয়া বাট।।
কৰ্মৰত দিনটোৰ শেষত বিষাদ ভৰা গধূলি টোৱে
মোক জোঁকাৰি যায় ।।
নামহীন এক চিন্তাৰ অৰণ্যলৈ।।-
তোমালোক ডাক্তৰ নতুবা ইঞ্জিিয়াৰ হোৱা।।
আৰু
মই সম কবি।।কবিতা লিখিম মই।।
যদি ঠাই হেৰুৱা ও তেন্তে লিখিম কবিতা
আকাশৰ তলত _ জোনাক নিশা দুবৰি বনত।
ক্ষন্তেকৰ বাবে মন জয় কৰিম ।।
আৰু বাঃ বাহ শুনিম ।।
বছ সিমানেই ।।
বুকুত যদি কবিতাই ঘৰ সাজে
কবি হৈ মই সেই বুকুতেই জীৰাম
বুকুৰ যন্ত্ৰণা _ পকেটৰ কবিতা 💙-
বৈ থকা নদীৰ আছে
অনেক ঠিকনা
ৰৈ থকা ঘাটে জানে
অলেখ মালিতা
আকাশে শুনে পক্ষীৰ হাঁহি
গছে দেখে তাৰ চকুপানী
দেখা খিনি নিয়ম
নেদেখা খিনি জীৱন 💙-
🍁 তোমাৰ বাবে সুনয়না 🍁
উজাগৰী বহু নিশা
তুমি সান্তনা
অজানিতে দূৰত ব্যক্ত বেদনা
আজি মন নিসুৰ বাজে
প্ৰণয়ৰ সুৰ
তোমাৰ বাবে সুনয়না-
সময়ৰ লগত মতলব নাই
মন গলেই Facebook ত
Log in কৰি
Search box ত type কৰোঁ
............ বুলি
এনেকৈ তাই নজনাকৈ গুপনে
খুলি দিওঁ তাইৰ profile টো
ছেকেণ্ড বোৰো ব্যস্ত হৈ পৰে
তাইৰ timeline ত
Comment box ৰ এচুকত পৰি ৰয়
মোৰ নামৰ comment টো
Mobile ৰ display picture
তাই জনী জিলিকি ৰয়।।-