মানুহৰ জীৱন পোৱা-নোপোৱা ,হৰ্ষ-বিষাদ ,সুখ-দুখৰ জুমুঠি ।সকলো মানুহক পোৱাৰ হেপাহ থাকে ,হৰ্ষৰ হেপাহ থাকে ,থাকে সুখানুভূতি ।নোপোৱাবোৰ ,বিষাদ আৰু দুখবোৰ খামুচিব নোখোজে কোনেও ।ই যে অতি সংগ্ৰামময়,কষ্টকৰ ।তেন্তে ,এইবোৰ গ্ৰহণ কৰিব কোনে ?ভগবানেও জানে যাৰ যি ক্ষমতা আছে যিয়ে গৰলক পান কৰি নীলকণ্ঠি হ'ব পাৰে। তাকে সেইবোৰ দিয়া ভাল ।
-
সেই শিখৰটোলৈ নমনি...
পথবোৰ ইমান গভীৰ !!
এন্ধাৰ ভৰা সুৰুঙা বাটবোৰ আৱৰি ধৰিছে কাইটীয়া বনেৰে...
আজি জোনাকো নাই পোহৰেৰে বাট ধৰিবলৈ..
কলীয়া মেঘবোৰে ঢাকি ৰাখিছে জোনক...
পাৰি নেকি ! ! আশাৰ পোহৰেৰে এন্ধাৰ বাটবোৰ বুলাব ,
পাৰি নেকি !!প্ৰেৰণাৰ শিপাৰে কাইটীয়া পথবোৰ বগাব ।
-pradip-
সময়বোৰ হেৰাই যায়...
ছাপবোৰ ৰৈ যায়আৰু চাপ বোৰো ৰৈ যায় ...
মন-মগজুৰ দাপোনত ...
দাবানল হৈ ছাই হয়...
অন্তৰৰ অশ্ৰুবোৰ মৰু হয়...
আক্ষেপ নাই ...আবেগবোৰেও সমাধি লাভ কৰিছে...-
বিবেকেৰে আবেগক পিটি লোৱা ,হাঁহি-সুখ-দুখ-হিংসা-ঈৰ্ষা ক আত্মসমালোচনাৰে দহন কৰা ।নিৰৱ হোৱা ,স্বাভিমানী হোৱা ,সহ্য কৰা ,নিজকে অনলত ইমান দগ্ধ কৰা যাতে ক্ৰটিৰ বাট নাথাকে । সেই অনলত তোমাৰ মন,আত্মা পৱিত্ৰ কৰাত চেষ্টা কৰিব লাগে।सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि" --ভাগৱত গীতাৰ এইষাৰ কথা সাৰোগত কৰা চেষ্টা ।
-
সপোনবোৰ আজি হৈ উঠক
জীপাল এমুঠি বালি
আশাবোৰ আজি পৰান শিতলে
তলসৰা গোলাপৰ পাহী
হেপাহবোৰ নিয়ৰ সৰাদি
নাহৰ এজুপি
জীবনে ৰহন বোৰ কতনো উৰুৱাই থয় দিঙামেলি পচোৱাজাক থমকি নৰয় ।
ফাগুণৰ আকাশত পলাশ মদাৰে ৰাঙলী , আজুৰি আনিলি ৰঙেৰে হেপাহৰ চানেকী ! ফাগুনী বাউলী বতাহ
আনিবিনে সুখৰ বতৰা,
ভৰাই তোলক আজি ,
এই জীৱন ৰঙেৰে ভৰা ।
সিচি দিয়া আকাশতে
হেঙুলৰ ৰঙীন মৰিচীকা-
আজিচোন বৰকৈ ভাগৰ লাগিচে
শান্তিৰ কোলাত অকন জিৰাব পাৰিলে... !!
দেহটো....!দেহটো বৰ জৰাজীৰ্ন হৈ পৰিছে
মনটোতও কিবা জঁঠৰতা নামিছে
অন্ত:সাৰশূন্যতাই খেদিছে চৌদিশ...!
বুকুৰ কোনোবা কোন এটিত প্ৰচণ্ড বিষ
ক্ৰমাৎ মন মগজু ভাৰাক্ৰান্ত হৈ পৰিছে
সান্তনাৰ মাতএষাৰ কাৰোবাৰ তিতা-মিঠা
পৰস অকন পাবলৈ হিয়াখন যে বৰ আতুৰ
আহিবনে কোনোবা অজান পথৰ সাৰথি হৈ ??
ৰুগ্ন হৃদয়খন অলপ উমাই দিৱলৈ ।
আজি চকুযুৰি টানিবলৈ ধৰিছে বৰকৈ...
তপত দুধাৰি লোটক বৈ গৈছে
মৌন হৃদয়ৰ বতৰা লৈ
দুচকুৰ মোহনাৰ পৰা এটোপ দুটোপকৈ ...।
হাহিব খুজিও আজি হাহিব পৰা নাই চোন
মাথোন জুকিয়াই চাইচো নিজকে
তুলাচনীৰ কাঠগঢ়াত
হেৰুৱাতকৈ যেতিয়া ভুলৰ অৱকাশ বেছি থাকে ।
-
জ্বলি উঠে জীৱনো এটুকুৰা জুইৰ দৰে দপদপকৈ |
নিশব্দে নিতালে চকুৰে ভাহি অহা লোটকবোৰ মৰু হয় l
শেষ সময়োকনো চোন কেৱল জুয়ে আৱৰে !সন্ধিয়া আকাশতো জুইজ্বলে,
ঠিক একেদৰে মনত মাজত জ্বলে নিসংগতাৰ কোবাল দাবানল,
সীমাহীন ভাৱনাবোৰৰ তীব্ৰ খেদাখেদি !!!
মনৰ কোঠালিত সংগোপনে আৰু এন্ধাৰ নামে |। জুকুৰাৰ পোহৰ ক্ৰমশ: ধিমি হৈ আহে...
নিশাৰ সেতা পৰা প্ৰাণত উমাই জ্বলা জুকুৰাৰ এন্ধাৰ ভেদাৰ নাচোন!
মনৰ কোঠালিত বিষাদৰ ধুমূহা এজাকে কোবাই আছে |-
জীৱন এক অন্বেষণ
প্ৰতিটো স্বৰ্ণিম খোজৰ...
যদি এখোজ অকৃতকাৰ্যৰ আনখোজ পূৰ্ণতাৰ
সেই শিখৰটোলৈ ...
তাৰ পৰাও আৰু এক অন্য শীৰ্ষলৈ।
জীৱন গতিৰ কাইটীয়া পথবোৰ
সাহসৰ মসৃন প্ৰলেপেৰে সানিব লাগিব
একাঁবেকা গতিবোৰ ধৈৰ্য্যৰে পোনাব লাগিব
অবিৰত...অদম্যভাবে...
এই যাত্ৰাৰ নি:শেষ নাই
আছে চেষ্টাৰ মন্থন
এটোপ গৰলৰ যদিআনটোপাল অমৃতৰ
বেলিৰ দৰে পোহৰাব খোজা
আলোক সন্ধানী
এই জীৱন যাত্ৰা...।
-
বহুত দিন বাগৰিল
মোলৈ অহা নাছিল
কবিতাৰ ফুলাম চিঠিখনি...
আবেগৰ পাৰবোৰ খহা নাছিল
শব্দৰ চিয়াহীৰে ভাঙি-চিঙি উটাবলৈ ...-