যিদিনা তুমি প্ৰেমত পৰিবা
✍️পবিত্ৰ নাথ
তোমাৰ দুচকুৱে যেতিয়া অভিমান শিচা
তুমি হেৰাই যোৱা মোৰ অনুভৱৰ অজান কোনত।
তুমি হয়টো গমকে নাপোৱা
কথনৰ মাজে মাজে যেতিয়া হাহিৰে অলংকাৰ শিচি আকোল কৰা।
অনুৰাগী হয় তোমাৰো হৃদয়।
হয়তো তুমি গ'মেই নোপোৱা।
মোৰ বিশ্বাস তুমিও এদিন হয়টো প্ৰেমত পৰিবা
সপোনে এদিন তোমাক আগুৰি ধৰিব।
দিথকে বাৰে বাৰে আমনি কৰিব।
তুমি তাত থাকিবা তোমাৰ অনুৰাগী হৃদয় মোৰ ওচৰত থাকিব।
তোমাৰ উকা জীৱনৰ প্ৰতিতো ৰঙীন উশাহৰ কাৰন হৈ ৰ'ম মই।
মোৰ স্মৃতিয়ে অনুৰাগ বিলাই দিব।
মোৰ স্মৃতিত এদিন তুমি অকলে হাহিবা।
আঃ কি মধুৰ অনুভৱ।
গোলাপী ওঠৰ প্ৰতিটো শব্দৰ আৰত লুকাই থাকিম মই।
এনেকুৱা লাগিবযেন তোমাৰ-প্ৰতিটো ৰোমাণ্টিক কবিতা গান তোমাৰ বাবেই ৰচিত।
আৰু মই তোমাৰ দৃষ্টিত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ জন হৈ ৰ'ম।
মই অপেক্ষা কৰি আছো সেই দিনতোলৈ
যিদিনা আহিবা ভাল পোৱাৰ সূবাস বিচাৰি মোৰ ভালপোৱা ৰ পৃথিৱীলৈ।-
যদি তুমি সুখী আছো বুলি কোৱা
✍️পবিত্ৰ নাথ
আকাশৰ তৰা বোৰক সুধিলোঁ কিয় এনেকুৱা হয়?
তৰাবোৰে ক'লে উত্তৰ নিদিও।
ফুলনীৰ ফুল বোৰক সুধিলোঁ কিয় এনেকুৱা হয়?
নাই ফুলবোৰেও উওৰ নিদিলে।
পাগল হৈ গৈছিলোঁ জানা?
তোমাৰ বিয়াৰ গোলাপী চিঠিখন পাই
প্লাষ্টিকৰ গ্লাছ আৰু মদৰ বটল কামুৰি চোৱাই খাব মন গৈছিল।
মদৰ নিচাত নিজৰ শৰীৰ টো টিয়াই পেলাব মন গৈছিল।
চকুৰ চকুপানী বোৰ কিনি পেলাব মন গৈছিল জানা?
প্ৰশ্ন এটাই আছিল কিয় এনেকুৱা হ'ল?
মোৰ বাবে তুমিয়ে আছিলা এখন ভাল লগা পৃথিৱী।
মোৰ ভালপোৱা টো নিস্বাৰ্থ আছিল
সপোন দেখিছিলোঁ জোনবাই দেশলৈ যাম দুটা তৰা কিনিম অসংখ্য সুখৰ সপোন ।
সকলোবোৰ যেন শেষ হৈ গ'ল।
তোমালৈ এটাই প্ৰশ্ন--
যদি তুমি নতুনৰ লগত সুখী আছো বুলি কোৱা
মোৰ ফুলনিৰ ফুল বোৰ কুঠীৰ হৈ পৰিব।
যদি তুমি সুখী আছো বুলি কোৱা
মোৰ স্বপ্ন ৰ আকাশৰ তৰা বোৰ ক'লা হৈ পৰিব।
যদি তুমি সুখী আছো বুলি কোৱা
সচা ভালপোৱাৰ ওপৰত ঘৃণা উপজিব।
মই কিন্তু সুখত আছোঁ।বিন্দাছ
মনৰ আকাশ খনত তৰাই তৰা।
ৰাতিৰ সপোনত ফুলেই ফুল।
এটিয়া আৰু নোসোধো মোৰ স্বপ্ন ৰ আকাশখনক।
নোসোধো মোৰ ফুলনিৰ ফুলবোৰক।
কিয় এনেকুৱা হ'ল।-
ফাগুন
✍️পবিত্ৰ নাথ
ধূসৰ ৰংৰ পথাৰত সেন্দুৰ সনা ৰংলৈ তুমি পলাশ।
লঠঙা গছবোৰৰ ডালে ডালে সিচি দিয়ে তোমাৰেই ৰং।
তুমি কিয় আহা বলিয়া হৈ
সৰা পাতৰো সপোন থাকে।
বলীয়া নকৰিবা ফাগুন
এনেয়ে বুকুত জুই।
শুকান পথাৰৰ আলিয়ে আলিয়ে
চিনাকি সুৰৰ মাজত তুমি বোৱাই নিয়া
উদমাৎ প্ৰেমিকৰ হিয়াৰ বতৰা।
ফাগুন তুমি অহাৰ খবৰ পাই
বহুতে প্ৰেমৰ ৰাগীত মাতাল হয় ।
বহুতে পুৰনি স্মৃতি ৰোমন্থন কৰি বাউলি হয়।
তোমাৰ লগত অনা বৰষুণ জাকে
বৰ আমনি কৰে
প্ৰতিটো টোপালত নিগৰে প্ৰতাৰিত প্ৰেমিকৰ অশ্ৰু।
তুমি উতনুৱা তোমাৰ ৰংৰে ৰঙালী হয় সন্ধিয়া ৰ বিস্তৃত পৰিধি।
মৌন আকাশে মিচিকিয়াই হাহে।
নিলাজ সময়ে সখীৰ সতে আলিংগন কৰে।
সৰাপাতে প্ৰাণ পায় উঠে।
-
তোৰ প্ৰেমত পৰিবলৈ দে এবাৰ
✍️পবিত্ৰ নাথ।
তোৰ প্ৰেমত পৰিবলৈ দে এবাৰ।
বুকুৰ পেৰা পুৰাব পৰাকৈ মৰম দিম তোক।
কি ফুল ভাল পাৱ তই?
সেই ফুলেই মুহিত কৰাম।
তোৰ হৃদয়ত দুখৰ যোৱাৰ উঠে।
সুখী কৰিব পৰাকৈ ৰং দিম তোক।
ৰঙৰ মায়াজালত তই উবুৰিখাই পৰিবি
মই গাম প্ৰেম ভালপোৱাৰ গাণ।
কোনজাক বতাহে তোৰ মন অস্থিৰ কৰিব
ফাগুনী মলয়া নে আন কিবা?
সেইজাক বতাহৰ লগত খেলা কৰিম।
মই গাম প্ৰেম পুৰুধৰ মিঠা গাণ।
প্ৰতিটো নিশাই স্থবিৰ হয় মোৰ নিদ্ৰা।
তোৰ কাজলসনা দুচকুৱে স্থবিৰ কৰে নিদ্ৰা মোৰ।
আশাত্ৰিক হয় সপোন বোৰ।
তোৰ প্ৰেমত পৰিবলৈ দে এবাৰ
বুজাম তোক দয়া মমতা ,প্ৰেম পুৰুধৰ খেলা।
নহবি চোন তই অভিমানী।
তোৰ অভিমানে মোৰ আবেগ বোৰ স্থবিৰ কৰে।
মাথো এবাৰ তোৰ প্ৰেমত পৰিবলৈ দে ।এবাৰ
-
মাজ ৰাতিৰ বিননী
✍️পবিত্ৰ নাথ
বৰ আমনিদায়ক নিশাবোৰ
শিৰাই উপসিৰাই প্ৰবাহিত হয় ৰক্তাক্ত বিষাদৰ গাথা।
বৰ আমনিদায়ক সময় বোৰ
যিমানেই ৰাতি গভীৰ হয় মোৰ সিমানেই বিষাদৰ ঢল বয়।
অসহ্যকৰ সময়বোৰত কেতিয়াবা কবিতাই কান্দে বিষাক্ত প্ৰেমৰ যান্ত্ৰনাত
কেতিয়াবা শব্দই চিঞৰে বিষাক্ত হোৱাৰ বেদনাত।
নিশাবোৰে যান্ত্ৰনাকৃৎ বিষাদবোৰ পুনৰ জগাই।
নিশাবোৰ কেতিয়াবা উজাগৰী হয়
কেতিয়াবা বিষাক্ত কবিতাৰ জোৱাৰ বয়
অকলে থাকিয়েই ভালপাওঁ
কিন্তু যেতিয়া এই নিসংগতাই বিভিন্ন সুৰত গান জুৰে ব্যভৎস বেদনাৰ
তাৰ প্ৰতিটো শব্দত
শৰবিদ্ধ হয় মোৰ প্ৰতাৰিত হিয়া ।।-
লিখিবলৈ থাকি গ'ল
✍️পবিত্ৰ নাথ
অযুত স্বপ্নৰ গল্প
হৃদয়ৰ এটা কবিতা আমাৰ প্ৰেমৰ।
বৰ হেপাঁহেৰে সজাইছিলো অ' শব্দবোৰ।
ভাবিছিলোঁ বৰ আতোমটোকাৰী লিখি যাম।
সাধুকথা যেন ল'গা আমাৰ কাহিনীবোৰ।
পিচে ক'ৰ শব্দ ক'ত লুকাল
প্ৰতাৰণা ৰ এজাক বতাহে মোক বাৰুকৈ জোকাৰি গ'ল
-
মাজুলীয়ে হাঁহিছে
।। পবিত্ৰ নাথ।।
শৰৎৰ উমান পাই আজলী মাজুলী জনীয়ে হাঁহিছে।
বাৰিষা ই কোঙা কৰা মাজুলী জনীয়ে হাঁহিবলৈ লৈছে।
আহিবছোন ৰাসত মাজুলীলৈ এপাক।
আজলী মাজুলী জনীয়ে বৰ আনন্দ পায়।
চপৰা চপৰে খহা বিষবোৰৰ পৰা সকাহ পায়।
ক্ৰমাৎ নিষ্কীয় হোৱা মাজুলী জনীয়ে
এইদিনবোৰত বৰ আনন্দ কৰে।
সৌ দুৰত ভাহি অহা বাঁহীৰ সুৰত উত্তাৱল হয়।
আহিবছোন এবাৰ নিমাটীঘাটৰ
নৌসাগিক শোভা উপভোগ কৰিবলৈ।
শুণা পাব নগৰত নুশুনা বহু সুৰ।
নগৰত নগৰত নুশুনা বহু কথা ।
আহিবছোন জেংৰাই চাপৰিৰ পকা আ'পঙৰ জুতি লবলৈ।
তাতো বিচাৰি পাব আন এক মাদকতা।
শুনাপাব নুশুনা ঐনিতমৰ সুৰ।
দবা শংখৰ মাতে যদিও আজি আনন্দময়।
তথাপিতো
একোৰা জীয়া জুই লৈ মাজুলীজনী জীয়াই আছে।
আনন্দৰ মাজতে ক্ষোভবোৰ লুকুৱাই ছে।
সচাই আজি মাজুলীজনীয়ে বৰকৈ হাঁহিছে।
-
হেৰোৱ ৰং
ধুসৰিত ৰংৰ পৃথিৱীখনৰ
ৰংবোৰ মই হেৰুৱাই পেলালো।
পাহৰি পেলালো শৈশৱৰ সুমধুৰ ৰংবোৰ।
হেৰাই গ'ল তাহানিৰ কঠাল পাতৰ চ'কৰিৰ লগত খেলা দিনবোৰ।
দহো আঙুলিৰ আকাৰ গন্তিত
লুকাবখোজা সময়বোৰে
মোৰ সমগ্ৰ সত্বা গিলিব ধৰিছে।
তথাপিও ৰোমন্থন কৰিছো তাহানিৰ ৰংবোৰ।
কিজানি আকৌ ঘুৰি আঢ়ে ।
সপোন বোৰৰ পাছত দৌৰতে
হেৰুৱাই পেলাইছো জীৱনৰ ৰংবোৰ।
সফলতাৰ দৌৰত যেন হাৰি গৈছোঁ।
প্ৰাপ্তি অপ্ৰাপ্তি সোৱাদ বোৰ যেন মৰহি গ'ল।
গেলি পচি গ'ল কল্পনাৰ ভড়ালৰ সোনগুটিবোৰ।
পবিত্ৰ নাথ
৯১০১২৬৬৫৯৭
-
কবিতাৰ প্ৰেম
এই কবিতা বোৰ যে মোৰ বৰ প্ৰিয়।
শুনি, পঢ়ি,লেখি বহুত ভাল লাগে।
আৰে বাবা আজি ভাল হোৱা নাই,
কালিলৈ তো ভাল হ'ব।
হাহিচে হাহক চিন্তা কিহৰ।
আজিও টো জীয়াই আছে দুই এক পুৰুধা ব্যক্তি
আজি শুনা নাই কালিলৈ টো শুনিব।
মনত আদম্য হেপাঁহ
তেজত কবিতাৰ স্তবক।
এইবোৰে আমাৰ জীৱন।
য'লৈ খোজ দিও তুৰন্ত গতিত
উৰিফুৰে হাজাৰতা কবিতা।
চিগাৰেট ৰ ধোঁৱা বোৰৰ মাজতো
বিলিন হৈ হাজাৰ টা কবিতা,
কবিতা জনাবোৰে পঢ়ে
নজনাবোৰে.......।
-পবিত্ৰ নাথ/7637924496-