समय आने पर
किसी का
साथ छूट जाता है,
और
किसी का
सांस थम जाता है ।-
মাজনিশাৰ বিকট চিৎকাৰটোয়ে কৈ যায়
তাইৰ বাবে স্বামী কিমান মূল্যবান।
বাৰাণ্ডাত বহি পদূলিমুখলৈ চাই থকা
দেউতাকৰ গভীৰ চকুহালে
মাকক কৈ যায় পুত্ৰ
হেৰুৱাৰ গভীৰ যাতনা।
বিচনাত কান্দি থকা
কেঁচুৱাটিয়ে মাকক সোঁৱৰাই
তাৰ পেটৰ তাড়না।
সকলোৰে যন্ত্রণা ক্লিষ্ট
চকুৰ চকুলো দেখি
উচুপি থকা ভনীয়েকৰ
বেদনাৰ উমান কোনেও নেপায়।-
जीवन की ख्वाहिशों को पूरा करने के लिए पैसों की जरूरत होती है,
वरना, जीने के लिए ऑक्सीजन से बढ़कर और क्या चाहिए?
Parichito-
বাদ দিছো আজিকালি জোৰ কৰি কাৰোবাক আপোন কৰিবলৈ... মৰহি গৈছে তোমাক দিব বুলি চিঙি অনা গোলাপ পাহী... হেৰাই পেলাইছো অভিমানৰ টোপোলাটো... নোহোৱা হৈ গৈছে মুখৰ প্ৰাণভৰা হাঁহিটি,নোহোৱা হ'ব লৈছো লাহে লাহে পোহৰৰ পৰা,সুখী নহয় যদিও অভিনয় কৰিব লৈছো, এন্ধাৰ ভয় কৰা আছিলো যদিও আৱৰি লৈছো তাক,
কাৰণ তুমি আঁতৰি যাব লৈছা।-
সম্পর্কবোৰ বেনামী নহয়, মাত্র সমাজে স্বীকৃত নামবোৰতকৈ কিছু পৃথক হয়। মৰম, অভিমান-ঠেহ প্ৰতিটো সম্পর্কতে নিবিড় ভাৱে জড়িত হৈ থাকে।মাত্র সকলোবোৰৰে অভাৱত গঢ় লৈ উঠে এই নিবিড় বেনামী সম্পর্কবোৰ, যাৰ কোনো স্থায়ীত্ব নাথাকে, যিয়ে নোমানে কোনো ধৰ্ম, বয়স অথবা সময়। যি গঢ় লৈ উঠে মাথো ইজন-আনজনৰ প্ৰয়োজনৰ ভিত্তিত, সেই প্ৰয়োজন শাৰিৰীক কিম্বা মানসিকো হ'ব পাৰে। যাৰ অস্তিত্ব হ'ব পাৰে দুখন পাৰভঙা অসম্পূর্ণ হৃদয়ৰ আবেগ।
-
ठहरना तो सबको है।
आज लगा है कि
जिन्दगी कठिन है,
मगर क्या पता
कल किसकी उम्मीद है।।-
আঁউসী
দূৰণিৰ পখীজাক উৰি গুচি যাব
কোনোবা নিজান বনলৈ,
ময়ো গুচি যাম কোনোবা
নিজান ঠাইলৈ।
নিস্তব্ধ নিতাল নিমাত
আঁউসী এন্ধাৰে
আৱৰি ধৰিছে মোৰ চাৰিওকাষ,
সৌ দূৰণিৰ পৰা ভাঁহি আহিছে
ৰিণি ৰিণি কোনোবা অচিন সুৰ,
কোনোবা যেন আহিছে
মোক আঁউসীৰ মাজৰ পৰা
টানি নিবলৈ,
ময়ো আপ্ৰাণ চেষ্টা কৰিছো
অচিন সুৰকাৰ সৈতে সুৰ মিলাবলৈ
কিন্তু মই পৰা নাই।
মোৰ কাণত ভাঁহি আহিছে
সমাজৰ কৰ্কথনাবোৰ,
মোৰ মনে হাহাকাৰ কৰি উঠিছে,
মোৰো মনে কৈছে
মুক্তি দিয়া মোক
এই মায়াবী ধৰাৰ মাদকতাৰ পৰা
কিন্তু মই মুক্ত হ'ব পৰা নাই,
কাৰণ মই.....
মই যে (চিৰযুগমীয়া)
আঁউসীৰে বাসিন্দা।
-
जलते हुए दीये हमेशा
अन्धेरो में उजाला करतें हैं,
मगर जलता हुआ दिल
हमेशा अगांर कि ज्वाला
उबालते है।-