" শৰৎ"
"শৰৎ" মাথোঁ এটি ঋতু নহয়,
ই ধৰালৈ নামি অহা এক প্ৰেমৰ অলোৰণ...।
য'ত বিচাৰি পাওঁ..,
সেউজীয়া দলিচাৰ ওপৰত খোপা সদৃশ নিয়ৰৰ টোপালবোৰ,
আৰু মন-প্ৰাণ জুৰুৱা শেৱালিৰ
স্নিগ্ধ সুৱাস।।
-
"মৰম"
এনেকুৱা এটা শব্দ!
যাৰ অৰ্থ বুজিলে,
গোটেই পৃথিৱীখনেই ধুনীয়া হৈ পৰে।।-
প্ৰেম অনিন্দ্য সুন্দৰ।
য'ত লুকাই থাকে,
এক অৱৰ্ণনীয় মূৰ্চ্ছনা।
জীৱন যৌৱনৰ সেউজীয়া উৎসৱেই প্ৰেম।
লাজৰ আৱৰণে মেৰাই ধৰা,
দুচকুত ফুটি উঠে প্ৰেমৰ অগণন আকৃতি।
ই যে নামানে বয়সৰ সীমনা।
মাথোঁ জানে....!
প্ৰেমৰ ঠিকনা।
প্ৰেমে বিচাৰে এখন মুকলি আকাশ,
য'ত থাকে,
প্ৰেমিক-প্ৰেমিকাৰ নিস্বাৰ্থ ভালপোৱা।।-
মোৰ এই নিষিদ্ধ হৃদয়ৰ এটি কোনত,
লিখিলোঁ মাথোঁ তোমাৰেই নাম।
তাত সৃষ্টি হোৱা অনুভৱ আৰু অভিমানৰ টুকুৰাবোৰেৰে...
প্ৰতিটো সন্ধ্যা যেন আমি সঁজাম।
জীপাল হৈ পৰিব আমাৰ মৰমবোৰ,
আৰু....
ৰৈ যাব সেই ক্ষনৰ এক মধুৰ স্মৃতি।।
-
যিদৰে অতীতৰ অবিহনে বৰ্তমান নহয়,
আৰু পোহৰৰ অবিহনে আন্ধাৰ নহয়!
ঠিক সেইদৰে.....
তোমাৰ অবিহনে মই নহয়,
আৰু মোৰ এই অভিমানেৰে ভৰা
সৰু পৃথিৱীখন
তোমাৰ অবিহনে সম্পূৰ্ণ নহয়।
মোৰ মনক চুই যোৱা
এটি মিঠাঁ অনুভৱৰ গীত তুমি!
সেয়েহে দুয়ো মিলি হওঁ মনগীত আমি।।-
মই লিখা এই শব্দবোৰ
তই চাগে বাৰে বাৰে চুই চাবি।নহয়নে?
তেতিয়া হয়তো তোৰ হাতৰ আঙুলিয়েদি বৈ যাব,
মন-শৰীৰ আপ্লুত কৰিব পৰা
এক সংজ্ঞাবিহীন অনুভৱৰ সোঁত।
আৰু মই আশা কৰোঁ
তেতিয়াই তই পুনৰ বিচাৰি পাবি,
অন্তৰ্ধান হৈ যোৱা তোৰ মনৰ ৰং।।-
আঁত বিচাৰি নোপোৱাৰ বাৱেই ,আজিওঁ অব্যক্ত হৈ ৰ'ল!
মোৰ সেই আধৰুৱা কথাবোৰ।।-
হয়তো; মোৰ অনুমানবোৰ সঠিক নাছিল, অনুভৱবোৰ সম্পূৰ্ণ সঠিক আছিল।
কাৰণ.....
অনুমান মাথোঁ মানুহৰ মনৰ এক কল্পনা!
কিন্তু! অনুভৱ মানুহৰ জীৱনৰ লগত জড়িত,
নাইবা.... "মানুহৰ জীৱনৰ অন্য এক শিক্ষা হ'ল অনুভৱ"।।
-
সময়ৰ সোঁতত সকলোবোৰেই সলনি হয়, তেনে স্হলত আকৌ মানুহ নো কি?
এটা সময়ত ভাললগা বা ভালপোৱাবোৰ, আকৌ আন এটা সময়ত বেয়া লগা হৈ পৰে।
কিযে আঁচৰিত ! ভাৱিলেই কিবা লাগে।তাৰ পাছত থাকি গ'ল আকৌ ভূলবোৰ।
জীৱনত আমি প্ৰত্যেকেই এনেকুৱা কিছুমান ভূল কৰি পেলাওঁ,যাৰ কোনো ধৰণৰ শুধৰণি নাই, আছে মাথোঁ শাস্তি ।সেই শাৰিৰীকেই হওঁক বা মানসিকেই হওঁক। সোনালী শৈশৱৰ সময়ছোৱাতেই বহুত আনন্দ। অকল মাত্ৰ খেল-ধেমালি, তাত আৰু একো কথাই আহি নপৰে। যেতিয়াৰ পৰাই বুজি পোৱা হয়, তেতিয়াহে বুজা যায় আঁচলতে........ জীৱন নো কি?-
এদিন হয়তো;
মোৰ সপোনবোৰ আকাশৰ ডাৱৰৰ মাজৰ পৰা নামি আহিব, এজাক বৰষুণ হৈ
তোমাৰ হৃদয়লৈ।
ভাঙিব নিদিবা তুমি....
মোৰ আলসুৱা সপোনবোৰক
মাথোঁ ৰাখিবা গোপনে
তোমাৰ হৃদয়ৰ এটি নিভাঁজ কোণত।।
তোমাৰ হৃদয়ৰ মাজত,
এই সপোনবোৰক এদিন দিঠক হ'বলৈ দিয়া।
কিন্তু! হেৰাই নাযাবা তুমি
মোৰ এই আলসুৱা সপোনৰ পৰা।।-