কোনো মানুহ অযোগ্য নহয়
তেওঁক অযোগ্য বনাই তেওঁৰ চিন্তা ধাৰাই
এই বাবে নিজক জানি নিজৰ
অন্তৰআত্মাক জগাই তোলা
তেতিয়া দেখিবা গোটেই বিশ্বক
ধৰি ৰখা এনাজৰিডালেই হল আশা আৰু
সেই সংসাৰখনত নিৰাশা হতাশাৰ
কোনো অস্তিত্ব নাই ।
-
হয় মই ও বিচাৰো কাৰোবাৰ
দুবাহুৰ মাজত শান্তিৰে শুবলৈ
সকলো ভয় শঙ্কা দূৰ কৰি
তেওঁৰ বাহুৰ শক্তিৰ মাজত
নিজক এৰি দি নিচিন্ত ৰজনী কটাবলৈ
কিন্তু বিচাৰিলে জানো পোৱা
যায় সকলো এই জীৱনত ।
নিষ্ঠুৰ সমাজৰ বান্ধোনে
আমাক যেন বান্ধি ৰাখিছে
জীৱনৰ প্ৰতিটো ক্ষণত
এই বান্ধোনৰ অকণমান
বেতিক্রম হ'লেই যেন মই হম
সমাজৰ মাজত কলংকিতা ।
জীৱনৰ প্ৰতিটো মূহুৰ্ত যেন
হৈ পৰিছে অন্ধকাৰময়
ভাগৰি পৰিছো সমাজৰ
এই কু- সংস্কাৰৰ মাজত ।
সমাজৰ কিছুমান বান্ধোনে
যেন জীৱন ধাৰণৰ
সংজ্ঞা সলনি কৰি পেলাই
জীৱনত বিচৰা সুখক
যেন জীৱন্তে কবৰ দিছে ।
-
কুলিটি যেতিয়া মাতিবলৈ লৈ
তেতিয়াই উৰা মাৰে মনটো
তোমাৰ কাষলৈ ...............
তাহানি যে ৰৈ আছিলো
তোমালৈ ........................
নিজ হাতে ফুল বছা গামোচা
খন হাতত লৈ ..............
নিজৰ ভাবত বিভোৰ হৈ
থাকোতে কেতিয়া যে
তুমি আহি থাকাহি
কাষত ৰৈ.....................
তোমাৰ সেই দূষ্টামি ভৰা
চাৱনিৰে যেতিয়া আহি
দিয়াহি চিকুতি মোৰ
ৰঙা পৰা গালত
তেতিয়াহে আহো ঘূৰি
বাস্তৱত .......................
সচাকৈ জানা আছিল
সেয়া সচাঁ প্ৰেমৰ মিঠা
অনুভূতি জীৱনত .....
ক'ত যে হেৰাল
সেই মধুৰ ক্ষণ বোৰ
মানস পটত ৰৈ গল
মাথো স্মৃতি বোৰ .....
স্মৃতিৰ টোপোলা লৈ
ঘূৰিছো অনাই বনাই
সেই ক্ষণ বোৰ যে
জীৱনত দুনাই
পাবলৈ নাই .....
-
তুমি যিমানেই পাগলৰ দৰে কাৰোবাক
ভাল নোপোৱা কিয় তেওঁ যদি তোমাক
অন্তৰৰ নিভৃত কোণৰ পৰা ভাল নাপায়
তেতিয়া হ'লে বন্ধ কোঠালিত নগ্ন দেহ
দান কৰিও ধৰি ৰাখিব নোৱাৰা ।-
ক্ষণিক সুখৰ বাবে হেজাৰ জন ব্যক্তি
তোমাক চাৰিও দিশৰ পৰা আগুৰি ধৰিব
কিন্তু যেতিয়া তোমাৰ লগত খোজত খোজ
মিলাই আগুৱাই নিয়াৰ প্ৰয়োজন হব তেতিয়া
তোমাৰ ওচৰত এজনো ব্যক্তি নাথাকিব ।-
প্ৰতিজন মানুহে যদি পবিত্ৰ মন এটি বিচৰাৰ আগতে নিজৰ মনটো পবিত্ৰ কৰি লৈ
তেতিয়া হ'লে পবিত্ৰ মনৰ গৰাকী বিচাৰি
জীৱনত হাবাথুৰি খাব লগা নহয় ।-
সকলো বন্ধু-বান্ধবী তথা ভাইটি-ভন্টিক দেৱালীৰ শুভেচ্ছা জনালোঁ লগতে যাতে এই পোহৰে সকলোৰে জীৱন উজ্জ্বল কৰি তোলে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤🙏🎆🎇
-
কবিও নহও লিখকো নহও
মাথো তোমাৰ প্ৰেম পূজাৰী
তোমাৰ প্ৰেৰণাত নিগৰে
কলমেৰে শব্দৰ মালাধাৰি ।
তোমাৰ প্ৰেমত বিচাৰো
গুপুত ৰহস্যময় ৰূপ-ৰস
গোন্ধ-জ্যোতিৰ স'তে
ভাষাহীন নয়নৰ মিলন ।
তোমাৰ কোমল হাঁহিটিৰ
স'তে কটাক্ষ চাৱনিয়ে
মোৰ অমৃত পিয়লা
জীৱনৰ নিৰাশাৰ আশা ।
এই আশাৰ উজ্জ্বল পোহৰে
আঁতৰাব বিৰহ বেদনা
বাজি উঠিব চাৰিওফালে
সুমধুৰ সুৰৰ মূৰ্ছনা ।
-
প্ৰতি গৰাকী নাৰীয়ে বিচাৰে
এজন পুৰুষৰ সচাঁ মৰম
আৰু সেই সচাঁ মৰম বিচাৰি ফুৰুতে
নাৰী কেতিয়াবা বিপথগামী হব লগা হয়।-
আজিকালিৰ প্ৰেমবোৰ মন্ত্রি
এমেলেৰ কথাৰ নিচিনা হৈছে
প্ৰেম হোৱাৰ আগত বহুত প্ৰতিশ্ৰুতি
হোৱাৰ পিছত যেন ফুটুকাৰ ফেন ।-