8 MAY 2022 AT 22:19

কথাচাঙ-৩৪

ৰৈ থকা কথাবোৰ তোমালৈ এৰিলো।
সাঁচি ৰখা কথাবোৰ হিয়াতে গাঁঠিলো‌।
মনে মনে কোৱা কথা
নহয় জীৱনৰ বেথা-
অন্তঃহীন পৰিভাষাৰ
ই এক জীৱন্ত ছাঁয়া।
ৰুদ্ধ বনত নিৰলে নিতলে ৰৈ আছে
মায়াময় কাহিনীত জীৰ্ণ কায়া।

- @Nir Sarmah