ৰাতিৰ কবিতা
ফুল এপাহ ক'ৰবাত ফুলি আছে
চুই চাব নোৱাৰা
নেদেখা জগতৰ ৰঙ সানি--
নৈশ চহৰৰ কোনোবা এটা কোণত
ফুটপাথ..ডাষ্টবিন...
সুউচ্চ দালান যিয়েই নহওঁক
এপাহ ফুল ফুলি আছে!
ফুলত লিখা গান এটাৰ কলিত
সুৰ ঢালি ৰাগ বিলোৱা স্বৰ----
"শুই আছে নৈশ চহৰ
সাৰে আছে-- জাগতিক কোলাহল"
কথাৰ ছন্দৰে ৰাজি থকা গান
মৌনতাৰ পদূলিত
নিঃশব্দে বাজি আছে।
এই গান-এই সুৰ-এই ৰাগ-এই ছন্দ
ক'ত লিখি ক'ত বাজি আছে---
ঠিকনাতো লিখা নহ'ল সুৰৰ অমীয়া ৰাগ
ফুল এপাহিত লিখা গান
চুই চাব খুজিও চুব নোৱাৰা।
কংক্ৰিটৰ দুনীয়াত কোলাহলৰ আঁচোৰ
পণবন্দী চহৰৰ নিঃশব্দ খোজ।
অথচ হাঁহি আছে ছালনাত ৰৈ!
এটা ৰাতিৰ কবিতাতে জন্ম হৈ
এটা ৰাতিৰ শেষ মৃত্যু হৈ
চুব খুজিও চুব নোৱাৰা
চাব খুজিও নয়নৰ আৰ্তনাদ
অথচ ফুলি আছে
স্থিৰ চেতনাত কোনোকালে বন্দী নোহোৱা
পলুকিত নয়নতে জন্ম হৈ
স্থিৰতাৰ কাহিনী লিখালৈ
স্বচক্ষুৰ প্ৰলেপতে মৃত্যু হৈ
ফুলি আছে ৰাতিৰ কবিতাৰ
স্বপ্নফুল.........!!
-
শব্দৰ কাৰিকৰ
যদিও মই নহয়
বাক্যৰ জন্মদাতা
তথাপিতো অনুৰণনৰ মাজেৰে
মোৰ অনুভৱত
শব্দক মো... read more
প্ৰেমিক চৰাই
সোণালী সপোন এটা লৈ ৰৈ আছে
এজোপা গছ।
কথাটো ক'ত লিখা আছে
স্বচক্ষুৰে দেখা নাই--
অথচ মায়াৰ চমকত
ডেউকা বিহীন উৰণীয়া মন
ক'ত ৰৈ ক'ত পাওঁ
ক'ত লিখি ক'ত হেৰাওঁ
ঠিকনা নাই-----
বৈ যোৱা কবিতা-
হৃদয় মৌন মালিতা
গছৰ কাহিনীত!
মৰুভূমিত কেঁকটাছে লিখা কথা
শিলত ইতিহাসে বিচৰা গোপন গাঁথা
ডেউকা বিহীন উৰণীয়া মনৰ বেথা!
নদীৰ পৰা সাগৰলৈ যোৱা বাট
মাটিৰ পৰা আকাশলৈ লিখা নাট
কাহিনীত চিত্ৰ-নাট্য সংলাপৰ একেই পৰিভাষা ।
ভালপোৱা ৰৈ যাবলৈ নাই কোনো অজুহাত
অথচ, কাহিনী ৰৈ যাবলৈ হাজাৰটা অজুহাত
নিজকে ক'ম নেকি?
উৰিবলৈও লাগে প্ৰেমৰ ঘাট-
হৃদয় চলন্ত জীৱনৰ বাট
গৈ থকা খোজৰ জঁট
অবিৰাম স্বপ্নৰ ঘাট
ডেউকা বিহীন উৰণীয়া মন লৈ
ভ্ৰমি ফুৰা সকলো (?)
প্ৰেমিক চৰাই.....-
#কথাচাঙ-৪২
আশাৰ পদূলিত
প্ৰতি জীৱনৰ একেই আশা
কাইলৈ কিবা এটা ভাল হ'ব
আৰম্ভণিতো
শেষতো-
শেষৰ শেষৰ পিছতো
কাইলৈ কিবা এটা ভাল হ'ব।
কৰ্মৰে -
ভাগৰৰ হাবিয়াসতো
খোজৰ হুমুনিয়াতো
কাইলৈ কিবা এটা ভাল হ'ব।
গৈ থাকক
পোহৰৰ বাটেৰে
তমসাৰ ঘাটেৰে-
গৈ গৈ ৰৈ গৈ
আশা ! কাইলৈ কিবা এটা ভাল হ'ব।
গৈ থাকক......
কাইলৈ কিবা এটা ভাল হ'ব।
আশা!!
(বি.দ্ৰ :- কবিতা নহয় । প্ৰতিজীৱনৰ আংবাং মনৰ চিন্তা )-
কথাচাঙ-৪১
বৃত্তৰ মাজেৰে নদীখন বৈ যাবলৈ কিমান ঠাই লাগে!
সাগৰে গিলা নদীবোৰ কিয় বৈ বৈ গৈ গৈ ৰৈ বৈ থাকে!
খোজবোৰ গৈ গৈ ৰৈ গৈ থাকে!
পৃথিৱীয়ে লিখা কথা!
ইতিহাসে সামৰা বেথা।
জীৱনে গোপনে ৰখা মৰানৈৰ ঠিকনা।
সভ্যতাৰ মেৰপাকত বন্দী জীৱনবোধৰ চেতনা।
বহু কথাৰ বাট-
ৰহস্যই বন্ধোৱা ঘাট
চুটি নহয় জীৱন নাট।
গৈ গৈ ৰৈ ৰৈ গৈ
বৈ বৈ ৰৈ বৈ.....
চলিত খোজৰ বৰ্ণিল আভাস।
শেষ নোহোৱা ছবিৰ ভাষা
সভ্যতাত খোজে প্ৰতি ঘাত-প্ৰতিঘাতৰ শুভাষা।-
কথাচাঙ-৪০
যুদ্ধ এখনৰ আহ্বান কৰিছোঁ-
শান্তিৰ বাণ-
চিন্তাৰ খেয়ালি কোৰাচ
পোহৰমুখী মনাকাশ
শাব্দিক পিপাসু সৈনিক
অনুভৱী চেতনাৰ সহস্ৰাধিক ৰণুৱা।
শান্তিৰ বাণত সভ্যতাৰ শুদ্ধ বন।
সৃষ্টিৰ বাটে বাটে সংঘটিত হওঁক
যুদ্ধৰ আহ্বানত
অস্ত্ৰৰ পৰাজয়ে গঢ়া শব্দৰ মহাসংগমত
নিতে নিতে কলমৰ আখৰা।।-
কথাচাঙ-৩৮
পৃথিৱীয়ে লিখা কবিতাত
আমি চলিত অনুভৱ; কিম্বা
জন্ম - মৃত্যুৰ সোঁমাজে অৱস্থিত
জীৱন নাটৰ শাব্দিক আখৰা।-
কথাচাঙ-৩৪
ৰৈ থকা কথাবোৰ তোমালৈ এৰিলো।
সাঁচি ৰখা কথাবোৰ হিয়াতে গাঁঠিলো।
মনে মনে কোৱা কথা
নহয় জীৱনৰ বেথা-
অন্তঃহীন পৰিভাষাৰ
ই এক জীৱন্ত ছাঁয়া।
ৰুদ্ধ বনত নিৰলে নিতলে ৰৈ আছে
মায়াময় কাহিনীত জীৰ্ণ কায়া।
-
: : ক'ত হেৰাই ক'ত লুকাই মনৰ ঠিকনা।
: গৈ গৈ নোপোৱা বাটত!
: কি এনে বাট, য'ত আমি গৈ নাপাওঁ।
: হৃদয়ে সৃষ্টি কৰা বাট, চকুৱে নেদেখা ঘাট।
: বৰ গভীৰ এই বাট।
: এই বাটতেই জীৱন এক জীৰ্ণ নাট। নিয়তিৰ আখৰাত তুমি মই আমি একো একোটা চৰিত্ৰ।
: আৰু আমাৰ কথাবোৰ, চিন্তাবোৰ...??
: কোনোবা জাগতিক সমাবেশৰ নিগৰিত ভাৱৰাশি। যি কথা তুমি কোৱা, যি কথা মই কওঁ- সেয়া যেন জীৱননাটৰ মায়াবী সংলাপ।
: আৰু আমাৰ প্ৰেম, ভালপোৱা?
: প্ৰেম সৃষ্টিৰ সুন্দৰতম উপহাৰ, আৰু ভালপোৱা চলিত জীৱনৰ মায়াময় সংগমৰ আবিৰ। যি নহ'লেই নহয় পূৰ্ণ জীৱননাটৰ মায়াৰ সঞ্চাৰ।
: আৰু হাঁহিবোৰ?
: হাঁহিবোৰ নদীৰ ঢৌ। পলকতে আহি পলকতে হেৰাই । অথচ ওঁঠৰ ভাষাত নিৰৱ গীতৰ সমাহাৰ।
: কৈ থকা কথাবোৰ?
: কৈ থকা কথাবোৰ মিলনৰ ৰাগী, সুধি থকাবোৰ সংলাপৰ বাণী।
: সহজ নহয় এই আখৰা, তুমি যেন নিয়তিৰ বতৰা।
: ক্ষণিকতে জন্ম হৈ দুদিনৰ বাটত হেৰাই যোৱা জীৱনে কি দিব নিয়তিৰ বতৰা। ভুল।
- ৰৈ ৰৈ গৈ থকা দিনৰ মজিয়াত প্ৰেমে দিব পাৰে পূৰ্ণতা, শিলে লিখা কাহিনীত জী থকা ইতিহাসৰ দৰে।
: বাদ দিয়া। যাওঁ ব'লা বেলিয়ে দৌৰ মাৰিছে সন্ধিয়াৰ বুকুলৈ।
: সন্ধ্যাৰাগ মোৰ প্ৰিয়। বেলিভিউৰ নিৰ্জনতাত তেন্তে ডুবি যাওঁ ব'লা।
: খোজে খোজ ঠেলি সমীকৰণৰ বাটলৈ?
: উম... নিৰৱে নিৰৱে দুয়ো দুয়োৰে মাজত হেৰাই যোৱাৰ দৰেই। প্ৰেমে লিখা বাট, খোজে নেদেখা ঘাট, অথচ খোজতেই চিনা সৃষ্টিৰ নাট।।-
এটা কাহিনীৰ শেষত আকৌ এটা কাহিনী।
বৰ্তমানৰ অতীতৰ
ইতিহাসে কোৱা কথাৰ
ইতিহাসে নিলিখা কথাৰ-
স্বচক্ষুত বন্দী নহয় সময়
অথচ বন্দী সময়ৰ এটা কাহিনী।
আপুনি নজনা, আপুনি জনা!
কোনেও নিলিখা
কোনেও নভৱা
গৈ গৈ ৰৈ
ধীয়াই সোঁৱৰাই
শিলৰ বুকুত প্ৰতি বৰ্ষৰ
এক জীয়া কাহিনী।
অথচ কোনেও নজনা।।-
গলি গলি শেষ হৈ মম
জ্বলি জ্বলি শেষ হৈ চিগাৰেট
বাঢ়ি বাঢ়ি শেষ হৈ নৈ
বলি বলি শেষ হৈ বতাহ
শুকাই শুকাই শেষ হৈ মৰুভূমি
ভাবিছে নহয়!
সূত্ৰত কিয় আছে অমিল!
ৰৈ থকা বাটত
জীৱন এতিয়াও সমিল মিল-