নুসুধিবা মোক জীৱনৰ কথা ..?
জীৱন মানে ..?
এখন বগা উকা কাগজ ,
লিখা নহল তাত কাৰবাৰ নাম ,ঠিকনা ,
সপোনৰ পিছত দৌৰি দৌৰি
জীৱনৰ হৈ গৈছে আধৰুৱা ।
হৃদয়ৰ বাজিছে গান ।
দেখিবলৈ পাওঁ মঠ - মন্দিৰত বাজিছে
ৰাগ ৰাগিনীৰ শূন্যতাৰ ভৰা গান ।
ক্ষনিকৰ এই জীৱনৰ ...!
কিনো....আছে কিনো ...দিম ,
কিছু সাহক কিঞ্চিত হাঁহি শেতাপৰা
এই মুখখনি ৰংচুবা এটি হাঁহি ৰেঙণি ।
মনৰ আকাশত জিলিকিছে
আজি জোন জোনালী ...!
চাৰিওফালে যেন আৱৰি আছে
জীৱনত বিষাদেভৰা ছাঁ ।
তেন্তে অহংকাৰ কিয়ো বন্ধু
মায়াৰে ভৰা এই জীৱন ।
তুমি নহলেও কাৰো একোৱেই নহয় !
প্রিয়জনে চকুলো ৰে বাট হেৰুৱাব
জগত খন জানা একেই থাকিব;
সোঁৱৰণি ও বিলিন হব পাহৰনিৰ বুকুত !
জীৱন নামৰ কাগজ খনত..,
কাৰোৰে নাথাকে প্রকৃত ঠিকনা.....!
মৰুভূমিত মৰীচিকা বিচাৰি
পাই মাথো যাতনা ! সেয়ে....
নুসুধিবা মোক জীৱনৰ কথা...!
জীৱন এখনি কাগজ মাথো উকা..
লিখা নহ'ল কাৰোৰে..?
নাম..! ঠিকনা....।
-
* .MA Tezpur University
* Journalism & mass communication year bongai... read more
মই অসমীয়া নহওঁ দুখীয়া ।
ময়ে বীৰ লাচিতৰ বংশধৰ,
ময়ে অসমীয়া.. ময়ে কছাৰী . !
ময়ে খাছীয়া,..ময়ে জয়ন্তীয়া ,
ময়ে অসমীয়া ডেকা ল'ৰা অগ্নিময় ।
আছে বুকুত অদম্য সাহক
তেজৰে বৈ যোৱা এই খনে
সোণৰ অসম মোৰ ...!
ময়ে লালুং ময়ে কছাৰী,
গঢ়ি তুলিছো পৰ্বতৰ ওখ শিৰ
সাক্ষী আছে শৰাইঘাটৰ ৰণ
তেজৰে বৈ যোৱা ৰঙা নদী
হাজাৰ হাজাৰ অসমীয়া
ডেকা গাভৰু ৰ প্ৰাণ ।
ময়ে অসমীয়া ময়ে শোণিতপুৰৰ
ময়ে শৰাইঘাটৰ যুদ্ধা ,
ময়ে লালুং চুটিয়া লাই মেকাই
গাৰো ৰাভা কছাৰী ।
ময়ে চিংফৌ ভৈয়ামৰ মিৰি,
শোণিতপুৰ ডেকা বিজয়ী শৰাইঘাটৰ যুদ্ধা ।
মেছৰ কুমাৰ মই মিছিং খামতি
নগাৰ বীৰ পৰ্বত পাহাৰে জ্বলিছে উচ্চ শিৰ ।
শৰাইঘাটৰ যুদ্ধৰ ময়ে ৰণুৱা
সত্য সাম্য বৈচিত্ৰ্যময় অসম
চাহ বাগিচাৰ ময়ে ৰণুৱা ।
ময়ে অসমীয়া ময়ে প্ৰাগজ্যোতিষপুৰ
ময়ে শোণিতপুৰ ডেকা অসমীয়া ।
মই অসমীয়া নহওঁ দুখীয়া
নেপালী নৃত্য কুশলী ময়ে মণিপুৰীয়া
-
সপোনৰ কুৱঁৰী তুমি
ৰুণজুনৰ ধাৱমান লৈছিলোঁ
সেই যে তোমাৰ পৰসত ,
প্ৰতিটো বিন্দুত দেখা পাইছিলোঁ
চিকমিকাই থকা মণি মুকুতা ।
পদুলি মোৰ চতিয়না জোপা
এতিয়াও আছে জানা ।
শৰৎ তৰ গধুলি এতিয়াও গোন্ধায়
ক'ৰবাত কেতিয়াবা তোমাক
পোৱাৰ আশা ....
মই মাথোঁ অনুভৱ হে কৰু আৰু
মৰিচিকাৰ দৰে বিছাৰি ফুৰো
কিজানি তোমাক কেতিয়াবা
ক'ৰবাত দেখা কৰু বুলি ...
সময়বোৰ যেন বৰ নিষ্ঠুৰ
কিমান যে মধুৰ আছিল ।
সেই দিনবোৰ এতিয়া
কেৱল স্মৃতি হে হৈ ৰ'ল
তুমি যেন আকৌ ঘুৰি আহিবা
বুলি হেপাঁহৰ বাটত ঠেকেছি মৰু ।
-
নুসুধিবা মোক জীৱনৰ কথা ..?
জীৱন মানে ..?
এখন বগা উকা কাগজ ,
লিখা নহল তাত কাৰবাৰ নাম ,ঠিকনা ,
সপোনৰ পিছত দৌৰি দৌৰি
জীৱনৰ হৈ গৈছে আধৰুৱা ।
হৃদয়ৰ বাজিছে গান ।
দেখিবলৈ পাওঁ মঠ - মন্দিৰত বাজিছে
ৰাগ ৰাগিনীৰ শূন্যতাৰ ভৰা গান ।
ক্ষনিকৰ এই জীৱনৰ ...!
কিনো....আছে কিনো ...দিম ,
কিছু সাহক কিঞ্চিত হাঁহি শেতাপৰা
এই মুখখনি ৰংচুবা এটি হাঁহি ৰেঙণি ।
মনৰ আকাশত জিলিকিছে
আজি জোন জোনালী ...!
চাৰিওফালে যেন আৱৰি আছে
জীৱনত বিষাদেভৰা ছাঁ ।
তেন্তে অহংকাৰ কিয়ো বন্ধু
মায়াৰে ভৰা এই জীৱন ।
তুমি নহলেও কাৰো একোৱেই নহয় !
প্রিয়জনে চকুলো ৰে বাট হেৰুৱাব,
জগত খন জানা একেই থাকিব;
সোঁৱৰণি ও বিলিন হব পাহৰনিৰ বুকুত !
জীৱন নামৰ কাগজ খনত..,
কাৰোৰে নাথাকে প্রকৃত ঠিকনা.....!
মৰুভূমিত মৰীচিকা বিচাৰি
পাই মাথো যাতনা ! সেয়ে.....?
নুসুধিবা মোক জীৱনৰ কথা...!
জীৱন এখনি কাগজ মাথো উকা..!
লিখা নহ'ল কাৰোৰে..?
নাম..! ঠিকনা....।
-
মই অসমীয়া নহওঁ দুখীয়া ।
ময়ে বীৰ লাচিতৰ বংশধৰ,
ময়ে অসমীয়া.. ময়ে কছাৰী . !
ময়ে খাছীয়া,..ময়ে জয়ন্তীয়া ,
ময়ে অসমীয়া ডেকা ল'ৰা অগ্নিময় ।
আছে বুকুত অদম্য সাহক
তেজৰে বৈ যোৱা এই খনে
সোণৰ অসম মোৰ ...!
ময়ে লালুং ময়ে কছাৰী,
গঢ়ি তুলিছো পৰ্বতৰ ওখ শিৰ
সাক্ষী আছে শৰাইঘাটৰ ৰণ
তেজৰে বৈ যোৱা ৰঙা নদী
হাজাৰ হাজাৰ অসমীয়া
ডেকা গাভৰু ৰ প্ৰাণ ।
ময়ে অসমীয়া ময়ে শোণিতপুৰৰ
ময়ে শৰাইঘাটৰ যুদ্ধা ,
ময়ে লালুং চুটিয়া লাই মেকাই
গাৰো ৰাভা কছাৰী ।
ময়ে চিংফৌ ভৈয়ামৰ মিৰি,
শোণিতপুৰ ডেকা বিজয়ী শৰাইঘাটৰ যুদ্ধা ।
মেছৰ কুমাৰ মই মিছিং খামতি
নগাৰ বীৰ পৰ্বত পাহাৰে জ্বলিছে উচ্চ শিৰ ।
শৰাইঘাটৰ যুদ্ধৰ ময়ে ৰণুৱা
সত্য সাম্য বৈচিত্ৰ্যময় অসম
চাহ বাগিচাৰ ময়ে ৰণুৱা ।
ময়ে অসমীয়া ময়ে প্ৰাগজ্যোতিষপুৰ
ময়ে শোণিতপুৰ ডেকা অসমীয়া ।
মই অসমীয়া নহওঁ দুখীয়া
নেপালী নৃত্য কুশলী ময়ে মণিপুৰীয়া
-
বিচ্ছেদ অসমীয়া কবিতা ।
আজিও কিয় ..?
হ্ৰদয়ৰ পৰা মচিব পৰা নাই
তোমাৰ ছবি...
অৱচেতন মনত বিস্তাৰিত মলিন স্মৃতিবোৰ
আজি কিয় আহি সপোনত সাৰ পাই...
পাহৰিব খোজা বিষবোৰ
আকৌ উক্ দিয়ে ।
কিয়.? অস্থিৰতা কঢ়িয়াই আনি
বর্তমানত খলকনি তোলে...
কাৰোবাৰ ভালপাবলৈ ধৰা
অনুভৱ খিনিৰ দৰে ধুনীয়া আৰু
জীৱনত দ্বিতীয় একো নাথাকে,
সেই অনুভৱবোৰক
অতীতৰ ভুল বুলিব লগা হ'লে
কষ্ট হয় ভিতৰছোৱাত ক'ব নোৱাৰাকৈ...
হৃদয়ত কাইটেঁ বিন্ধি যোৱা বিষাদ
সহিব নোবাৰা বিষাদ ।
বিষাদেভৰা এই হৃদয়ৰ সাগৰ
শুকাই যোৱা তেজৰ পুখুৰী ,
মৰহি যোৱা হৃদয়ৰ অনুভৱ ।
-
নেজানো তোমাৰ নাম ...!
নেজানো তোমাৰ ঠিকনা ।
কোন পাহাৰীয়া পখিলা তুমি
কাজলেৰে ভৰা মায়াবিনি
তোমাৰ দুচকু .....❣️
দেখাত তুমি ৰাধাৰ দৰে
কোমল কোমল তোমাৰ
ওঠঁ শৰণী চাওনীদৰে চুলি
কি .. ?নাম তোমাৰ ।
নেজানো তোমাৰ ঠিকনা ।
তোমাৰ মায়াবিনি দুচকু
লৈ সপোনৰ জগতত
লিখি যাওঁ এক প্ৰেমৰ
কাহিনী ..! কাহিনী জগতত
তুমি ৰাধা আৰু মই কৃষ্ণ
-
কেতিয়াবা মোৰ মন যায়
এজন কবি হব'লৈ
কিন্তু ...?
নেজানো কবিতা ভাষা
নেজানো কবিতা ছন্দ
বুজি নেপাওঁ কবিতাৰ ৰস ,
তথাপি লিখি যাওঁ !
মই ছন্দবিহীন কবিতা মোৰ
ভাষাহীন মোৰ মনৰ ভাৱ
মুখেৰে প্ৰকাশ কবিব নোৱাৰো
কবিতা ৰঙা চিয়াহীঁৰে লিখো
তোমাৰ নাম ...!
ৰাতিৰ সপোনত দেখো কিমান যে
অজাগৰি সপোন । উৰুৱাই লৈ যায়
মোক প্ৰেমৰ জগতলৈ ।
নিচ্যুক নিমাতি এটি সান্ধো সন্দিয়া
নিভাঁজ আকাৰে আকাশৰ পৰা
কিমান যে নামি আহে প্ৰেমৰ
ভাৱনা ....?
-
কলিজাৰ মাজত জীপাল
হৈ থকা মান,অভিমান,সুখ,দুখ
এইবোৰৰ জানো কোনো
সংজ্ঞা আছে?
আভিজাত্যৰ মেৰপাকত সোমাই
কোনো সম্পৰ্কই স্থায়ী নহয়।
স্থায়ী হয় মাথো মানুহে মনতে
পুহি ৰখা অনুভৱ খিনিহে।
ক্ৰংকিটৰ এই দুনীয়াখনত
সঁচা মৰম,ভালপোৱাৰ অভাৱে
মানুহক কৰি তুলিছে
ৰংহীন,বৰ্নহীন আৰু প্ৰানহীন।
-
শৰৎতৰ ধেমালি জোনাক ধেমালি
তোমাৰ ভাৱনাই কৰে মোক আমনি ।
শেৱালি সুবাত এটি মিঠা অনুভূতি
শাৰদী প্ৰেমৰ নতুন আগমণি ।
শেৱালি সুবাসত মন মোৰ
মতলীয়া । তোমাৰ মৰমত
হলোঁ মই বলিয়া ।
-