** হে পৃথিৱী,আজিৰ দিনটোত মোক আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ ৷ **
আজি জন্মদিন বুলিবলৈ বিশেষ একো নাই ৷ মাত্ৰ ৰাতিতো উজাগৰে কটালো ৷ পাৰ কৰি অহা ২৬ টা বসন্ত মনত থকাখিনিলৈকে সুঁৱৰিলো ৷ অলপ কান্দিলো বহুত হাঁহিলো,অকলে 😊
কি পোৱা নাই মই জীৱনত ! সকলো বোৰেইতো আছে ৷ পৰিয়াল,শিক্ষা,মৰম-ভলপোৱা,বন্ধু,ঘৃণা,প্ৰতাৰণা,সাহস,হাঁহি-কান্দোন,উত্থান-পতন,অভিজ্ঞতা,আৰ্শীবাদ আদি সকলোবোৰেইতো পাইছো ৷ কি পাবলৈ আছে আৰু ? সুখ ? মইতো সদায় সুখী,সকলোতে সুখী ৷ তেনে ?? আৰু পাবলৈ আছে, বহুত কৰিবলৈ আছে জীৱনক লৈ ৷ এই আশাতে নমৰালৈকে আগুৱাই গৈ আছো ৷ তাৰ মাজতে যান্ত্ৰিক পৃথিৱীত মানুহ হৈ থকাৰ যুদ্ধখন সদায় চলি আছে আৰু আমৃত্যু চলিব ৷
এই ২৭ বছৰীয়া যাত্ৰাত লগ পোৱা সকলৰ লগত ব্যৱধান আহিলেও বা নাহিলেও যাৰ বুকুৰ ক’ৰবাত মই এতিয়াও আছো,তেওঁলোকলৈ বহুতো চেনেহ ৷৷
বাকী ভালে আছো,ভালেৰে ৰাখিম ৷ 👍
-
সেইবাবে শব্দৰ মালা গুঠি যাওঁ প্ৰতিদিন ৷
সোণাগাছি,
এদিন তেওঁৰ সৈতে
তোৰ কাষলৈ যাম ৷
লুটিয়াই চাম
ঘাম,ৰক্ত,লেলাউটি
আৰু ক্ষুধাৰে ভৰা
তোৰ বুকুৰ জীৱন্ত দলিল...
সোণাগাছি,
এদিন তোৰ কাষলৈ যাম ৷-
** পুৰুষ **
পুৰুষৰ চকুপানী কেতিয়াবা কল্পনা কৰানে ?
অনুভৱ কৰানে গহীন মুখখনৰ আঁৰত
সামৰি ৰাখি থোৱা বেদনাৰ ঢলবোৰ ?
কেতিয়াবা দেখিছা নে পুৰুষে কন্দা ?
সৰুতে বিনা দোষত মোৰ গাত হাত তোলাৰ দিনা ৰাতিলৈ দেউতাই বিছনাত ছটফটাই আছিল,
বাৰে বাৰে মোৰ শুৱা কোঠালিলৈ আহি মোৰ ঘাঁ বোৰত চুই চাইছিল...
সেইদিনা দেউতাৰ চকুত চকুপানী যদিও নাছিল,
কঠোৰ মুখখন ত কষ্টৰ চাপ আছিল ৷৷
নিজৰ সৰ্বস্ব হেৰুৱাই যেতিয়া আন্ধাৰ কোঠাক আপোন কৰি লৈছিলো
দাদা ই বাৰে বাৰে আহি দৰ্জা ত কাণ উজাইছিল,
মোৰ আগত আঁঠু লৈছিল
মোক কথা ক’ব পৰা নাছিল..
সেইদিনা দাদা ই বৌৰ কোলাতহে শুইছিল
বেৰত ভুকুৱাই মাজে মাজে চিঁঞৰিছিল...
মই জনীক সি যেতিয়া আৱিষ্কাৰ কৰিছিল,
মোলৈ বহু পৰ সি চাই ৰৈছিল,
সেইদিনা একো কথা নোকোৱাকৈ
হঠাৎ জোৰকৈ সাৱটি ধৰিছিল,
সি তেতিয়াও কান্দিছিল
চকুপানীহে ওলোৱা নাছিল...
ভাগৰুৱা দেহাটোক যেতিয়া জিৰণি দিবলৈ তেওঁজনে মোৰ লগত কথা পাতে
হঠাতে কেতিয়াবা গহীন হৈ পৰে,
মোলৈ একেথিৰে চাই থাকে..
তেতিয়া তেওঁ কান্দে,
কোনেও গম নোপোৱাকৈ
তেওঁ কান্দে..
ওঁঠৰ হাঁহি আৰু চকুৰে বাৰে বাৰে সোঁৱৰাই দিয়ে
যে তেওঁ পুৰুষ..
তেওঁ দেখুৱাই চকুপানী উলিয়াব নোৱাৰে...-
** মোৰ গছজোপা **
মই যিজোপা গছ আজি ৰুম
সেইজোপাক মই যত্ন ল’ব পাৰিব লাগিব ৷
মই যিজোপা গছৰ ফ’টো এদিন দিম
সেইজোপা মই ৰুৱা হ’ব লাগিব ৷
মই যিজোপা গছৰ কথা এদিন ক’বলৈ লম
সেইজোপা মোতকৈ ডাঙৰ হ’ব লাগিব ৷৷-
সহজ-সৰল মানুহবোৰৰ দুখৰ ওজন বেছি ৷ সেয়ে স্বাৰ্থপৰ হ’বলৈ শিকক,না আপোনাক কোনোবাই ব্যৱহাৰ কৰিব না আপুনি দুখত পৰিব ৷
-
** সুখী কেনেকৈ হ’ব ?
সুখী হ’বলৈ মানুহক বহুত কিবাকিবি নালাগে ৷
মাত্ৰ জীৱনক ভালপোৱা কেইজনমান মানুহৰ সান্নিধ্য,পাগলামি কৰিব পৰা এটি মন আৰু হাঁহিমুখীয়া এখন মুখ ৷ বচ্,আপুনি পৃথিৱীৰ যি কোণত যি পৰিস্থিতিত নাথাকক লাগিলে সুখী হৈ থাকিব ৷৷-
** আউল **
বাৰে বাৰে হেৰাই যায়
সম্পৰ্কৰ ঠুনুকা আঁত,
টানিলেই দেখোন চিগি যায়
আউল লগা সূতাৰ বান্ধ ৷
-
নদী হোৱাটো ইমান সহজ নহয় ৷ বুকুত সমস্তখিনি সামৰি নিৰৱে বৈ থকাৰ দুখ কেৱল নদীয়েহে বুজে,বাকীবোৰতো নদীৰ বুকুত উটি যোৱা জাঁজী ৷ নদীয়ে য’লৈকে নিয়ে তালৈকে যায় ৷ মই নদী হ’ব নোখোজো অথচ মোৰ বুকুতো এখন নদী আছে ৷ কোনেও নেদেখাকৈ ই বৈ থাকে ৷
কোনো মানুহেই নদী নহওক,বৰ কষ্টদায়ক ৷-
মন খুলি কান্দিব নোৱাৰা মানুহবোৰ পৃথিৱীৰ আটাইতকৈ বেছি অসুখী মানুহ ৷
-
** গোপন **
যিখিনি তুমি বিচাৰিছিলা
যিখিনি মই দিলো
সেইবোৰ তোমাৰেই আছিল,
আমাৰ আছিল..
যিখিনি মোৰ লগত
সামৰি লৈ আহিলো
সেইখিনি গোপনীয়তা ৷
সেইয়া মোৰ,একান্তই মোৰ ৷-