এটি কবিতাত আন বহু কবিতাৰ অনুনাদ বিচাৰি পোৱা যায়
বহুতো কবিতাত কোনোবা এক শ্ৰেষ্ঠ কবিতাৰ অনুনাদ বিচাৰি পাব পাৰি
এয়া অনুকৰণ নহয়
সকলো কথাই, সকলো অনুভৱেই, সকলো ভাল পোৱা আৰু সকলো বেয়া পোৱা ইউনিভাৰ্চেল।
প্ৰত্যেক টা কথাই পূৰ্বতে বহুবাৰ কোৱা হৈছে, পূৰ্বতে বহুবাৰ অনুভৱ কৰা হৈছে, পূৰ্বতে বহুবাৰ ব্যক্ত কৰা হৈছে
প্লেট' আৰু এৰিষ্ট'টলে কোৱাৰ দৰে- "মিমেছিছ"!
সকলো ইয়াতেই আছিল, সকলো ইয়াতেই আছে
আমি বাৰে বাৰে পঢ়ি আছো, আমি বাৰে বাৰে বুজি আছো
"আমি ভিন্ন জনে, ভিন্ন ৰূপত বুজিছো"- পুনৰ এৰিষ্ট'টলৰেই ভাষাৰে
ভিন্ন বাৰ আমি ভিন্ন ৰূপে বুজিছো-
এই ভিন্নতা বোৰো ইয়াতেই আছিল, ইয়াতেই আছে
-