No one is perfect
No one is permanent-
প্ৰবন্ধ লিখিছিলোঁ এটা,তাৰে লাইন আছিল..........
মঙ্গল... read more
তোমাৰ নামৰ মৰমবোৰ
এটা মৈদামত সমাধিস্থ কৰিলোঁ
মৰমবোৰ তাত নিঃশব্দে টোপনি গ'ল
হৃদয় চোতালত টুলুং-টালাং কৰি
নিশা বোৰে মোলৈ চাই আৰু হাঁহে
তথাপিও মই এটা কবিতাৰ সন্ধানত থাকোঁ
তোমাক বিছাৰি কাগজত
শব্দবোৰেৰে এখন পৃথিৱী আকোঁ-
চিকুৱেন্স ছিক্স
পৰিবৰ্তন আহিছিল প্ৰকৃতিত । ঠিক একেদৰেই দুবছৰ আগতে সাগৰীকাৰ বুকুত বাহ লৈছিল এক শক্তিশালী অনুভূতিয়ে । আগেয়ে কেতিয়াও অনুভৱ নকৰা এক উন্মাদনা । নিজক পাৰ হৈ যাব পৰা এক উদ্দীপনা । যাৰ চিৰ পৰিচিত নাম ভালপোৱা । নিয়নানুগত সম্পৰ্ক বোৰৰ সীমাৰ বাহিৰৰ আত্মীয়তাৰ এক সুতীব্ৰ অনুভৱ আছিল সেয়া । এক অচিনাকি অনুভূতি , প্ৰবল এক আকৰ্ষণ আৰু আনুগত্যৰ সৈতে তাই এক হৈ গৈছিল তাইৰ বুকুৰ শোণিত । সৰুৰে পৰা লেখা মেলা ছোৱালী তাই । এতিয়া তাইৰ লেখাবোৰে বুকুৰ সাগৰখনক প্ৰায়ে আলোড়িত কৰি কৰে । দাদায়েকৰ লগৰ আছিল আকাশ । তাইৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ খৱৰ লৱ গৈছিল সি । তেতিয়াই দুয়োকে দুয়োই প্ৰথম দেখা ।
ভাল লাগিছে আপোনাক
ভাল লাগিছে আপোনাৰ শিৰৰ ভূষণৰ সতৰ্ক বাণীৰ
ভাল লাগিছে আপোনাৰ দুভৰিৰ নূপুৰে
মোৰ হৃদয়ত তোলা ঝংকাৰৰ হেন্দোলনিৰ অহংকাৰ
ভাল লাগিছে আপোনাৰ কাজলসনা দুচকু
যাৰ গভীৰতাত মই বাৰে বাৰে ডুব গৈছো
আৰু চিঞৰিছোঁ আপোনাৰ অনুপস্থিতিৰ সুবাসত.....
~ আকাশ
ৰাতি মেচেজ এটা আহিছিল আৰু তাই লাহেকৈ মোবাইলত নম্বৰটো ছেভ কৰিছিল ।
-
চিকুৱেন্স ফাইভ্
:- তোমালোক চব ৰুমত থাকিবা । আমি আহি আছো ।
ছোৱালী এজনীয়ে কৈ থৈ গ'ল । সকলো বহি থাকিল । ৫ মিনিটমান পাছত ২৫ - ৩০ জন মান ল'ৰা - ছোৱালী সিহঁতৰ ক্লাছ ৰুমত সোমাই আহিল ।
:- আমি তোমালোকৰ ছিনিয়ৰ ।........
তাই আহি হোষ্টেল পালে । মাকলৈ ফোন কৰিলে এবাৰ । অফিচতে আছে মাক । তাই পিছত কৰিম বুলি ফোনটো কাটি দিলে । বৰ্ষা এতিয়াও আহি পোৱাই নাই । কি কৰিম কি নকৰিম লাগিল তাইৰ । অৱশেষত বহীবোৰৰ তলৰ পৰা ডায়েৰী খন উলিয়াই ল'লে ।
যি বোৰৰ সাক্ষী মই নহয়
উপন্যাসৰ চৰিত্ৰৰ মৃত্যু ঘটা নাই
মৃত্যু ঘটিছে আত্মাৰ
মোৰ বাস্তৱৰ
অন্য এখন পৃথিৱীলৈ
মোৰ আৰম্ভ হৈছে এক যাত্ৰা
শূণ্য দুহাত
ঘনঘোৰ এন্ধাৰত নিমজ্জিত জীৱন
নাই আৰু উভতি চোৱা নহ'ৱ
পথৰ কেঁকুৰিবোৰে , পথসন্ধিয়ে
মোক আৰু ঘূৰাই আনিব নোৱাৰে
অস্তিত্ব ৰক্ষা কৰিব লাগিব মই
বিদায় দিবই লাগিব নিজক
সমাপ্তি হ'ব লাগিব এই স্তুৰৰ
অতিশীঘ্ৰেই.......-
চিকুৱেন্স ফৰ্
:- কিয় সুধিলি ?
:- নাই এনেই । মানে মোক চিনি পাওঁ বুলি ক'লে কিন্তু মই
ল'ৰা জনক আগতে দেখা মনতেই নপৰে ।
:- হ'ব দে এতিয়া আৰু চিন্তা কৰি নাথাকিবি ।
:- ঠিকেই কৈছ তই ।
দুদিন পাছত কলেজত মেজৰ বিষয়ৰ লিষ্ট মাৰিলে । তাই ৰাজনীতি বিজ্ঞান বিভাগত পাইছে । মনটো নাচি উঠিল তাইৰ । যিটো ভাবি আছিল সেইটো বিভাগেই পালে । হালধীয়া সোণাৰূৰে আৱৰি থকা কলেজৰ আটাইতকৈ ধুনীয়া বিভাগটোয়েই হৈছে ৰাজনীতি বিজ্ঞান বিভাগ । তাই ক্লাছ কৰিবলৈ গ'ল । সকলো নতুন মুখ । তাইৰ চিনাকি কোনোৱেই নাই । বৰ্ষাই মেজৰ পালে সংস্কৃত বিভাগত । মেজৰৰ ক্লাছটো কৰি তাই কেন্টিনলৈ আহিল । কফি আৰু পেটিছ আনিবলৈ দিলে । খাই উঠি পইছা দিবলৈ গৈ গম পালে যে তাইৰ পইচা ইতিমধ্যে দিয়া হৈছে । তাই আকৌ এবাৰ বিমোৰত পৰিল । কেন্টিনৰ মানুহজনক সোধাত তেওঁ ল'ৰা এজনে বুলি কৈ আঁতৰি গ'ল । কোন ল'ৰা ? তাইৰ পইচা কিয় দিলে ? বিভিন্ন ধৰণৰ প্ৰশ্ন তাইৰ মুৰত ঘুৰিব ধৰিলে । প্ৰশ্নবোৰ পাগুলি পাগুলি তাই আহি আকৌ বিভাগ পালে । বৰ্ষাক এবাৰ ফোন কৰিলে , ফোন কাটি দিলে তাই ।
:- I am in class .
মেচেজ আহিল বৰ্ষাৰ ।-
চিকুৱেন্স থ্ৰি
মোবাইলটো চাৰ্জত লগাই সাগৰিকা ৰুমৰ পৰা ওলাই আহিল । হোষ্টেলৰ ভিজিটিং ৰুমত পেপাৰ বোৰ সজোৱা থাকে ; তাৰেই এখন তাই হাতত তুলি ল'লে । কিন্তু মনটো পেপাৰত নাছিল । বাৰে বাৰে ল'ৰা জনৰ মাতটো আহি থাকিল । তাই মনে মনে ভাবি থাকিল দুপৰীয়া কলেজত কথা পতা ল'ৰা জন আৰু ফোন কৰা ল'ৰাজন একে নেকি ? তাই এবাৰো ভালদৰে কথাই পতা নাছিল । কেনেকৈনো মাতটো মনত থাকিব । তথাপিও তাই মনত পেলাব চেষ্টা কৰিলে ।
:- সাগৰ ?
:- অ বৰ্ষা । ক '
:- কিনো ভাবি আছ' ?
:- নাই নাই এনেই বহি আছোঁ ।
:- ব'ল ৰুম যাওঁ ।
:- ব'ল । শুনচোন , কথা এটা সুধিলে তই মোক বেয়া
পাবি নেকি ?
:- ধেৎ কিয় পাম । ক' চোন কি কথা তোৰ
:- কলেজত মোক যে চিনি পাওঁ বুলি
কৈছিল ল'ৰা জন , তই চিনি পা নেকি?-
চিকুৱেন্স টু
সাগৰিকাৰ কলেজত আজি প্ৰথম দিন । এটা ক্লাছ কৰি মানসীৰ লগত বকুলৰ তলত বহি থাকোঁতে ল'ৰা এজনে আহি কিবা - কিবি সুধিলে । তাইক চিনি পায় ল'ৰা জনে । কিন্তু তাইহে ল'ৰা জনক চিনি নাপায় । আকৌ লগ পাম বুলিও ক'লে । তাইৰ অকণমান ভয়ো লাগিল । নতুন ঠাই , নতুন কলেজ ঘৰৰ পৰা ইমান দূৰত । কথাবোৰ ভাবি ভাবি তাই কেতিয়া হোষ্টেল পালে গমেই নাপালে । ভাত কেইটা খাই বিছনাত বাগৰি কলেজৰ কথা ভাবি থাকোঁতে ফোন আহিল । নম্বৰটো ছেভ নাই । এবাৰ ৰিং কৰি কাটি গ'ল । দ্বিতীয় বাৰ তাই ৰিচিভ কৰিলে ।
:- হেল্ল'
:- হোষ্টেল পালা ?
:- আপুনি কোনে কৈছে ?
:- আগতে কোৱা পালা নে নাই ?
মই কোন পিছত ক'ম ।
:- এতিয়াই কওক । নহ'লে মই নম্বৰ ব্ল'ক কৰিম ।
:- হ'ব দিয়া , ৰাখিছোঁ । বাই ।
ফোনটো সিপিনৰ পৰা কাটি দিলে । খঙত তাই নম্বৰটো ব্ল'ক লিষ্টত ভৰাই থলে ।-
চিকুৱেন্স ৱান
:- ৱেয়া নাপায় যদি আপোনাৰ নামটো জানিব পাৰিম নেকি ?
:- পাৰিব । কিন্তু কিয় ?
:- কিয় মানে আপোনাক মোৰ চিনাকি চিনাকি লাগিছে । সেইবাবে শুধিছোঁ ।
:- মোৰটো আপোনাক চিনাকি যেন লগা নাই ?
:- বাৰু নালাগে দিয়ক । কথা এটাৰ চিধাকৈ উত্তৰ দিব নে ?
:- বাৰু , কওক চোন আপোনাৰ কি কথা ।
:- আপোনাৰ দেউতা বকুলপুৰ চাহ বাগিচাৰ মেনেজাৰ নহয় জানো ?
:- হয় ।
:- ধন্যবাদ ।
:- ধন্যবাদ কিয় ?
আৰু আপুনি কোন ?
:- লগ পাম আকৌ । আশা থাকিল ।
:- কিন্তু কিয় ?
শুনক চোন মিষ্টাৰ.... !-