अगर मैं एक लडक़ी होता
शायद आज मैं भी जिन्दा होता ।
34 सालों का संघर्ष दुश्वार हुआ,
उत्पीड़न हुआ, अत्याचार हुआ,
महिलाओं के निर्ममता से साक्षात्कार हुआ,
काश... उन महिलाओं में भी थोड़ी सी
पुरुष जैसे संवेदनशीलता का गुण होता,
काश में भी लड़की होता ।
कहते हैं न्याय के लिए अदालत था,
था भी तो क्या उखाड़ लेता,
एक नारीवादी महिला न्यायाधीश होता
जो उसका फैसला करती!
उसकी नजर में भी तो पुरुष ही अपराधी होता,
काश में एक लड़की होता ।
अगर मैं एक लडक़ी होता
शायद आज मैं भी जिन्दा होता ।-
এজাক ধুমুহাই মষিমূৰ কৰে
এখন বিধ্বস্ত নগৰী।
ছলনা, প্ৰবঞ্চনাৰ বৰষুণত
সিক্ত হৈ পৰে
কাৰোবাৰ স্বপ্নৰ ঘাঁহনি।
আৰু কিমান অশ্লীল অভিষাৰ
মেঘ আৰু বিজুলীৰ।
আকাশখনে ফেকুৰি কয়
তুমি হেৰাই গৈছা আতৰত
বহু আতৰত.......!-
তোমাৰ বিদায় পৰত
অনুভূতিৰ প্ৰাচীৰ ভাঙি বৈ আহে
চকুলোৰ নিজৰা।
তোমাৰ তেজৰঙা হাঁহিটিয়ে দিয়ে
নতুন সপোন আৰু
সোণোৱালী অতীতৰ বতৰা।
তোমাৰ শূন্যতাত ভাষাবোৰ
প্ৰশান্তিৰ নীৰৱতাই আবৰি ধৰে।
লাহে লাহে তোমাৰ বিদায় পৰত।
তুমি পুনৰ আহিবা
সৃষ্টিৰ নতুন পাতনি লৈ
সপোনৰ বৃষ্টি হৈ।
দিগন্তত তোমাৰ উপস্থিতিৰ
বাবে যে আছো ৰৈ।-
কি আছিল তোমাৰ
উতনুৱা যৌৱনৰ ছন্দবোৰত.....!?
হৃদয়ৰ ভাষা নে
আহত কলিজাৰ গোপন বেথা
ফটিকাৰ ৰাগি নে
নষ্ট ৰাতিৰ নিস্তব্ধ প্ৰহেলিকা-
মেজিৰ উমাল জুইৰ উওাপত জাহ যাওক
বিভীষিকা আৰু অস্পষ্ট ধূসৰতাৰ প্ৰতিচ্ছবি
উন্মাদনাত কোঙা মনবোৰ
হেৰাই যোৱা জীৱনৰ ছন্দবোৰ
জীপাল হৈ উঠক
প্ৰতিশ্ৰুতিৰ নতুন স্বপ্নৰে ।
-
मेरे होठों पर एक हजार शब्द उठे
और दिल से निकले लाखों जज़्बात
फिर जीवन ने दम तोड़ दिया-
বিদায় লগ্নত শব্দ বিভ্ৰাটৰ
অনৰ্থক কিয় এই জটিলতা।
মিছা অভিনয়ৰ আখৰাই জানো
আতৰাব পাৰে.......!
আৰত বিয়পি থকা মনৰ মলিনতা।-
তোমাৰ চহৰৰ হৃদয়ভেদি থকা
আলিবাটটো
বৰ ওখোৰা মোখোৰা........!
তাৰ মাজমজিয়াৰ হৰ্ডিংবোৰত
তুমি বাধা নিষেধৰ বিজ্ঞাপন আৰি দিছা।-
মোৰ দুৰ্বিনীত ইচ্ছাক
সজীৱ কৰি ৰখিছে তেওঁলোকে
তাৰে এগৰাকী বিষাদ
আনগৰাকী শূণ্যতা
দুয়োগৰাকী মোৰ প্ৰেমত পৰে
বাৰে বাৰে..........!-